পোষ্ট কৰা হৈছে:
29 SEP 2021 3:52PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে ৰপ্তানি খণ্ডৰ উন্নতি সাধনৰ বাবে ধাৰাবাহিক ব্যৱস্থা গ্রহণ কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে চৰকাৰে আজি ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে পৰৱৰ্তী ৫ বছৰৰ বাবে এক্সপোর্ট ক্রেডিট গেৰাণ্টি কর্প’ৰেচন অফ ইণ্ডিয়া লিমিটেড (ইচিজিচি)ত ৪,৪০০ কোটি টকা মূলধন বিনিয়োগত অনুমোদন জনাইছে। ইনিছিয়েল পাবলিক অফাৰ (আইপিঅ’)ৰ মাধ্যমেৰে ইচিজিচিৰ তালিকা প্রক্রিয়াৰ সৈতে উপযুক্তভাবে সমন্বয়সাধনৰ প্রয়াসকে ধৰি অনুমোদিত ক্ষেত্রত আৰু অধিক ৰপ্তানি বৃদ্ধিত সহায় কৰাৰ বাবে ইচিজিচিৰ দায়িত্বভাৰ গ্রহণৰ ক্ষমতা বৃদ্ধি কৰা হৈছে।
১৯৫৭ চনৰ কোম্পানী আইনৰ অধীনত কেন্দ্রীয় চৰকাৰে এই ইচিজিচি সংস্থা প্রতিষ্ঠা কৰে। এই প্রতিষ্ঠানে মূলতঃ ৰপ্তানিকাৰকসকলৰ ঋণৰ বীমাৰ সেৱা প্রদান কৰে।
ইচিজিচিয়ে ৰপ্তানি খণ্ডত সহায়ৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷
আনকি ক্ষুদ্র ৰপ্তানিকাৰক উদ্যোগপতিসকলক বেংক ঋণ প্রদানৰ জৰিয়তে উৎসাহিত কৰে।
ইচিজিচিয়ে ২০২০-২১ বিত্তীয় বৰ্ষত ৬.০২ লাখ কোটি টকাৰ ৰপ্তানি খণ্ডত সহায় আগবঢ়াইছে।
বিগত কেইবাবছৰ ধৰি কেন্দ্রীয় চৰকাৰে একাধিক ৰপ্তানি সংক্রান্তীয় প্রকল্প আৰু প্ৰচেষ্টাও হাতত লৈছে।
বৈদেশিক বাণিজ্য নীতিৰ সময়সীমা ২০২২ চনৰ ৩১ মার্চলৈকে বৃদ্ধি কৰা হৈছে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰত সকলো বকেয়া ঋণ পৰিশোধৰ বাবে ৫৬,০২৭ কোটি টকা অনুমোদন জনোৱা হৈছে।
তদুপৰি, জিলাসমূহক ৰপ্তানি হাবত পৰিণত কৰিবলৈও প্ৰচেষ্টা হাতত লোৱা হৈছে।
ভাৰতীয় বাণিজ্য, পর্যটন, প্রযুক্তি খণ্ডক বিদেশত প্ৰতিষ্ঠা কৰিবলৈ আৰু দেশত বিনিয়োগ বৃদ্ধিত বিশেষ জোৰ দিয়া হৈছে।
****
DS/DB