জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

অসমৰ জনজাতি বসতিপ্ৰধান অঞ্চলসমূহত ৰূপায়ণ কৰা আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্য্যালোচনা জনজাতি পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাৰ

জনজাতীয় সামগ্ৰীৰ উৎসাহৰ অৰ্থে আৰু এনে শিল্পীসকলক সাহায্য আগবঢ়াবলৈ উপায় প্ৰণয়নৰ অৰ্থে অসমৰ মুখ্যমন্ত্ৰীৰে বৈঠক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ

Posted On: 12 SEP 2021 5:11PM by PIB Guwahati

জনজাতি পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ জনজাতি বসতিপ্ৰধান অঞ্চলসমূহৰ উন্নয়ন সন্দৰ্ভত আলোচনাত মিলিত হয়। আজি ইয়াৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত পৰ্য্যালোচনা বৈঠকখনিত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীসকল আৰু জনজাতি পৰিক্ৰমা বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থাকে।

শ্ৰী মুণ্ডাই তদুপৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বন ধন বঁটা, ২০২০-২০২১ প্ৰদান কৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বন ধন যোজনাৰ সহ ব্ৰেণ্ডিঙৰ অৰ্থে সহযোগিতামূলক পদক্ষেপ শিতানত অসমৰ ট্ৰিছাম (TRISSAM) লৈ বন ধন ৰাষ্ট্ৰীয় বঁটা, ২০২১-২২  আগবঢ়াইছে।

সংবাদ মাধ্যমক সম্বোধন কৰি, শ্ৰী মুণ্ডাই কয় যে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰ জৰিয়তে জনজাতি বসতিপ্ৰধান অঞ্চলসমূহৰ উন্নয়ন আৰু ৰাজ্যখন আৰু অঞ্চলটোৰ জনজাতীয় লোকসকলৰ অৰ্থে ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতি পৰ্য্যালোচনাৰ প্ৰয়াস কৰা হৈছে।

মন্ত্ৰীজনে উল্লেখ কৰে যে এই আলোচনাৰ মূল বিষয়সমূহ আছিল অসমৰ জনজাতি বসতিপ্ৰধান অঞ্চলসমূৰ শিল্পী আৰু তেওঁলোকৰ শিল্পৰাজিৰ প্ৰোৎসাহনৰ অৰ্থে পন্থা নিৰূপণ, এই অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসম্পন্ন শিক্ষা লাভ নিশ্চিতকৰণ, একলব্য আদৰ্শ শিক্ষা আৰু এই অঞ্চলসমূহত আঁচনিসমূহৰ সৰ্বাংগীন ৰূপায়ণ নিশ্চিত কৰা। ইয়াৰ পূৰ্বে আগষ্টত, অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত ট্ৰাইফেডৰ টীমৰ সৈতে মিলিত হৈছিল আৰু ইয়াত ৰাজ্যখনৰ জনজাতীয় লোক আৰু জনজাতি বসতিপ্ৰধান অঞ্চলসমূহৰ উন্নয়ন সম্প্ৰসাৰণৰ অৰ্থে পৰিকল্পনা যুগুত কৰা হৈছিল। এই বৈঠকত জনজাতীয় লোক আৰু জনজাতি বসতিপ্ৰধান অঞ্চলসমূহৰ উন্নয়নক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰা হয়।

“সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই প্ৰগতিৰ দিশেৰে ধাৱিত হ’ব পৰাকৈ এটি উন্নয়ন কাৰ্য্যক্ৰম যুগুত কৰাটো উচিত। ইয়াক এনেদৰে যুগুত কৰিব লাগে যাতে সমগ্ৰ অঞ্চলটোকেই এটি উন্নয়নৰ আৰ্হি হিচাপে প্ৰদৰ্শন কৰিবপৰা যায়। অসম হৈছে উত্তৰপূবৰ দুৱাৰদলি আৰু ই এখনি অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য। আমি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে জনজাতি বসতিপ্ৰধান অঞ্চলসমূহ আৰু এই অঞ্চলসমূহত ৰূপায়ণ কৰা কাৰ্য্যক্ৰম সন্দৰ্ভত আলোচনা কৰো”, তেওঁ লগতে কয়।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীজনে অসমক উন্নয়নৰ দিশে ধাৱিত কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াসক প্ৰশংসা কৰে। “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম অগ্ৰসৰ হৈছে আৰু মই সুখী যে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়ন সাধন হৈ আছে”, তেওঁ কয়, তেওঁ লগতে কয় যে লক্ষ্যত উপনীত হ’বলৈ আৰু জনজাতীয় শিল্পীসকলক ৰাষ্ট্ৰীয় তথা একেদৰে আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰোৎসাহিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰই নিবিড় সমন্বয়ৰে কাম কৰি আহিছে।

শ্ৰী মুণ্ডাই লগতে কয় যে তেওঁৰ মন্ত্ৰালয়ে বৰ্তমানৰ পৰম্পৰাগত ব্যৱস্থা আৰু জনজাতীয় লোকসকলৰ জীৱন যাত্ৰাত মূল্য সংযোজনৰ চেষ্টা কৰি আছে আৰু শিল্পী আৰু তেওঁলোকৰ শিল্পৰাজিক ৰাষ্ট্ৰীয় আৰু বৈশ্বিক স্তৰলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে। তেওঁ লগতে কয়, “অসমৰ জনজাতীয় লোকসকলৰ জীৱিকা আৰু উদ্যোগসমূহক প্ৰোৎসাহনৰ ক্ষেত্ৰত বন ধন এটি চিত্ৰপট পৰিৱৰ্তনকাৰী হ’ব পাৰে। ইয়াৰ সমান্তৰালভাৱে, একলব্য বিদ্যালয়সমূহে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক অভিন্ন আৰু উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব। আমি তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে মানসম্পন্ন শিক্ষা লাভ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অংশগ্ৰহণ নিশ্চিতৰ অৰ্থে চেষ্টা কৰি আছো। আমি জনজাতি বসতিপ্ৰধান অঞ্চলসমূহৰপৰা অধিক প্ৰাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাটো বিচাৰিছো। এতিয়া একলব্য আদৰ্শৰ কথা আলোচনা কৰি থকা হৈছে আৰু আমি এই সন্দৰ্ভত কেন্দ্ৰৰ সৈতে অধিক আলোচনাত মিলিত হ’ম।”

উত্তৰ-পূব ভাৰতত অৱস্থিত অসমত যথেষ্টসংখ্যক জনজাতীয় লোক আছে, ৩,৩০৮,৫৭০ বনবাসীৰে ইয়াৰ হাৰ হৈছে মুঠ জনসংখ্যাৰ ১২.৪%। ‘ন্যূনতম সমৰ্থন মূল্য (MSP) ৰ জৰিয়তে ক্ষুদ্ৰ বন পণ্য (MFP) ৰ বিপণন ব্যৱস্থা ও এমএফপিৰ অৰ্থে মূল্য শৃংখলৰ উন্নয়ন সাধন’ হৈছে এই ৰাজ্যখনত যোৱা দুটা বছৰত সাধন হোৱা পৰিৱৰ্তনৰ পথনিৰ্দেশক। দেশখনৰ ২১ ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ সহযোগত ট্ৰাইফেডে যুগুত আৰু ৰূপায়ণ কৰা এই আঁচনিখন জনজাতীয় লোকসকলৰ অৰ্থে বৃহৎ সকাহৰ উৎস হিচাপে পৰিগণিত হৈছে যিয়ে জনজাতীয় অৰ্থনীতিত ৩০০০ কোটিৰো অধিক টকা প্ৰত্যক্ষভাৱে উদ্বুদ্ধ কৰিছে। অসমে এমএফপিৰ অৰ্থে এমএছপি আঁচনিখন ৰূপায়ণ কৰে যাৰ জৰিয়তে ভাৰত চৰকাৰৰ পুঁজি ব্যৱহাৰেৰে ৩৭.৩৯ লাখ টকা মূল্যৰ মুঠ ৫৮.৫৬ মেট্ৰিক টন পণ্য ক্ৰয় কৰা হয়। বন ধন আঁচনিখনৰ অধীনত মুঠ ১,৯২০ বন ধন আত্ম সহায়ক গোটত অনুমোদন জনোৱা হয় যিসমূহক ১২৮ টা ভিডিভিকে ক্লাষ্টাৰত অন্তৰ্ভুক্ত কৰা যায়। ই ৩৭,৭৮৬  জনজাতীয় লোকক পোনপটীয়াকৈ উপকৃত কৰে। এই ভিডিভিকেচিসমূহ কাৰ্য্যক্ষম কৰি তুলিবলৈ অনুমোদন জনোৱা মুঠ ধনৰ পৰিমাণ ১৯.২০ কোটি টকা।

উল্লেখযোগ্য যে ৰাজ্য আৰু অঞ্চলটোৰ জনজাতীয় লোকসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা ক্ষুদ্ৰ বন পণ্য (MFP), বন ধন বিকাশ কেন্দ্ৰ (VDVK) আৰু ট্ৰাইফুড (TRIFOOD) কাৰ্য্যক্ৰমৰ অগ্ৰগতি পৰ্য্যালোচনাৰ অৰ্থে শ্ৰী অৰ্জুন মুণ্ডাই দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছেহি। শ্ৰী মুণ্ডাৰ সৈতে ৰাজ্যখনত উপস্থিত হৈছে ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণ আৰু ট্ৰাইফেডৰ জ্যেষ্ঠ বিষয়াবৰ্গ।

মন্ত্ৰীজনৰ আগমন উপলক্ষে দুখনি কৰ্মশালা/সন্মিলন যথা প্ৰথম দিনা দ্য ভয়চ অৱ নৰ্থ ইষ্ট শীৰ্ষক জনজাতীয় নেতৃবৃন্দৰ সন্মিলন আৰু দ্বিতীয় দিনা আইআইইত বন ধন কৰ্মশালাৰ আয়োজন কৰা হৈছে।

সকলো ৰাজ্যতে এনে তৃণমূল পৰ্য্যায়ত কাৰ্য্যক্ৰমসমূহৰ ৰূপায়ণ, নিৰীক্ষণ আৰু পৰ্য্যালোচনাৰ পৰিকল্পনা কৰা হৈছে যাতে জনজাতীয় লোকসকলৰ উপাৰ্জনত ই প্ৰভাৱ বিস্তাৰ কৰে আৰু তেওঁলোকক সবলীকৰণৰ লক্ষ্যত শীঘ্ৰেই উপনীত হ’ব পৰা যায়। ট্ৰাইফেডে সমগ্ৰ দেশখনতে ৰূপায়ণ কৰা এই কাৰ্য্যক্ৰমসমূহৰ চূড়ান্ত লক্ষ্য হৈছে সমগ্ৰ দেশখনৰ জনজাতীয় লোকসকলৰ জীৱন-যাত্ৰা আৰু জীৱিকাৰ সম্পূৰ্ণ ৰূপান্তৰ সাধন কৰা  আৰু এখনি আত্মনিৰ্ভৰ ভাৰতৰ অভিমুখে তেওঁলোকক আগুৱাই নিয়া।

 

*****



(Release ID: 1754381) Visitor Counter : 154


Read this release in: English , Urdu , Hindi