নৌ-পৰিবহন মন্ত্ৰালয়

মাজুলী, নিমাতী ঘাটত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; নাও দুৰ্ঘটনাটোৰ পাছৰপৰা সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিত বৰুৱাৰ পৰিয়ালক সাক্ষাৎ

Posted On: 10 SEP 2021 5:43PM by PIB Guwahati

৮ ছেপ্টেম্বৰত মাজুলীৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ ও জলমাৰ্গ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আজি নদী দ্বীপ জিলাখনত উপস্থিত হয়। মন্ত্ৰীজনে স্থানীয় প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰে আৰু দুৰ্ঘটনাটো সন্দৰ্ভত তেওঁলোকৰ মতামত শুনে আৰু দুৰ্ঘটনাটোত পতিত হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

 

ইয়াত সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি, মন্ত্ৰীজনে উল্লেখ কৰে যে তেখেতে সদায়েই মাজুলীৰ জনসাধাৰণৰ সৈতে থিয় দি যাব আৰু ইয়াৰ উন্নয়নৰ চোৱা-চিতা কৰি থাকিব। তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰ নৈৰ খননৰ অৰ্থে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে কাম কৰিব যাৰ জৰিয়তে শীত কালতো মাজুলী আৰু যোৰহাটৰ মাজত ৰ’ পেক্স জাহাজে চলাচল কৰিব পাৰিব।

 

শ্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটৰ নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ দুৰ্ঘটনাস্থলী আৰু ইয়াৰ সমীপৰ চৌপাশৰ অঞ্চল নাৱেৰে পৰিদৰ্শন কৰে। মন্ত্ৰীজনে বিষয়াসকলক ফেৰী আৰু নাৱেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে সুৰক্ষা বিধি কঠোৰভাৱে মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তেওঁলোকক দুৰ্ঘটনাটোৰ পাছত সন্ধানহীন হৈ থকা ব্যক্তি দুজনৰ সন্ধানৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ কয়।

 

মন্ত্ৰীজনে লগতে দুৰ্ঘটনাটোৰপৰা সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিত বৰুৱাৰ বাসগৃহত উপস্থিত হয়গৈ। তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ পাছত, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা আহত লোকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।

 

মন্ত্ৰীজনক সংগ প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰী বিমল বড়া, সাংসদদ্বয় শ্ৰী প্ৰদান বৰুৱা আৰু শ্ৰী কামাখ্যা প্ৰসাদ তাছা, জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু অন্যান্যসকলে।

 

****

MJPS/MS/SB



(Release ID: 1754275) Visitor Counter : 136


Read this release in: English , Urdu , Hindi