আয়ুষ

উত্তৰ পূৰ্বাঞ্চলত আয়ুষ কাৰ্যক্ৰমক উত্সাহিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা ঘোষণা আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ


গোৱালপাৰাৰ দুধনৈত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ বাবে আগবঢ়োৱা হব ৭০কোটি টকাৰ পুঁজি : সৰ্বানন্দ সোণোৱাল

গুৱাহাটীৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ক ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ বাবে ১০কোটি টকাৰ অনুদান ঘোষণা

গুৱাহাটীত অনুষ্ঠিত হ’ল উত্তৰ পূৰ্বাঞ্চলৰ আয়ুষ আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ সন্মিলন

Posted On: 28 AUG 2021 10:20PM by PIB Guwahati

 

উত্তৰ পূৰ্বাঞ্চলত পৰম্পৰাগত ঔষধৰ ব্যৱহাৰিক অনুশীলনক অধিক ব্যাপক কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক গতি দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এলানি গুৰুত্বপূৰ্ণ পৰিকল্পনা ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত ‘উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য আৰু আয়ুষ মন্ত্ৰীসকলৰ সন্মিলন’ত মন্ত্ৰীগৰাকীয়ে আজি এই ঘোষণ কৰে। আয়ুষ চিকিত্সা পদ্ধতিৰ ঔষধসমূহক পাৰদৰ্শিতাৰে মূলসুঁতিৰ চিকিত্সা পদ্ধতিৰে সংযোজিত কৰি উত্তৰ পূৰ্বাঞ্চলত জনপ্ৰিয় কৰি তোলাৰ মানসৰে এই সন্মিলনখনৰ আয়োজন কৰিছে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে।

 এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে আয়ুষ শিক্ষাৰ প্ৰসাৰ, এই পদ্ধতিৰ চিকিত্সা বিশেষজ্ঞসকলৰ প্ৰশিক্ষণ আদিৰ লগতে অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত স্থাপন কৰিবলগীয়া এখন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ বাবে ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’(এনএএম)ৰ অধীনত ৭০কোটি টকাৰ এক পুঁজি ধাৰ্য কৰা হৈছে। ইফালে, গুৱাহাটীত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়খন এক ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ বাবেও আযুষ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে ১০কোটিৰ টকাৰ এক অনুদান আগবঢ়োৱা হৈছে বুলি তেওঁ তথ্য সদৰী কৰে।

আয়ুষ পদ্ধতিৰ প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ১০০০টা ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’(এইচডব্লিউ) স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ৰ অধীনত এই সমূহ কেন্দ্ৰ মুকলি কৰা হ’ব। ইফালে, ‘আয়ুষ’-ৰ তৰফৰ পৰা যোগান ধৰিবলগীয়া পৰম্পৰাগত ঔষধ তথা চিকিত্সাক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলত ১০০খন দাতব্য চিকিত্সালয়ো স্থাপন কৰা হ’ব বুলি তেওঁ তথ্য উল্লেখ কৰে।

 

আনহাতে, ঔষধ-পাতিৰ প্ৰস্তুতকৰণত ব্যৱহৃত কেঁচা-সামগ্ৰীসমূহৰ অৰ্দ্ধ সংসাধনৰ বাবে প্ৰয়োজন হোৱা এটা সাহায্য কেন্দ্ৰও অচিৰেই উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰা হ’ব বুলি তথ্য দাঙি ধৰা মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে এটা ‘ৰিজিঅনেল ৰ ড্ৰাগ ৰিপ’জিটেৰী’(আৰআৰডিআৰ)ও স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে। এই কেন্দ্ৰটো ভাৰত চৰকাৰৰ ‘জৈৱ-প্ৰযুক্তি বিভাগ’ৰ অধীনস্থ মণিপুৰৰ ইম্ফলত থকা ‘নেশ্যনেল ইনষ্টিটিউট অব বায়’-ৰিছ’ৰ্চেছ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট’ৰ সহযোগিতাৰে স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিকাৰৰ ক্ষেত্ৰত আয়ুষ চিকিত্সা পদ্ধতিক ফলপ্ৰসূ ভাবে ব্যৱহাৰ কৰি সুফল আদায় কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলত থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ অধীনৰ আয়ুষ চিকিত্সা কেন্দ্ৰ, প্ৰশিক্ষণ কেন্দ্ৰ তথা আয়ুষ মহাবিদ্যালয়সমূহক ‘আয়ুষ-হেল্থ মেনেজমেণ্ট ইনফৰ্মেশ্যন ছীষ্টেম’(এএইচএমআইএছ)ৰ অধীনলৈ আনি এক ‘তথ্য ভাণ্ডাৰ’ গঢ়ি তোলা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

ইফালে, স্বাধীনতাৰ ৭৫বৰ্ষ উপলক্ষে অনুষ্ঠিত ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ অংশ হিচাপে এক বৰ্ষ জোৰা কাৰ্ষক্ৰম ৰূপায়ণৰো আয়ুষ মন্ত্ৰালয়ে পৰিকল্পনা হাতত লৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী সোণোৱালে। এই কাৰ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হ’ব ৩০আগষ্টৰ পৰা ৫ছেপ্টেম্বৰ পৰ্যন্ত।

অনুষ্ঠানত ভাষণ দি আয়ুষ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মুঞ্জাপাৰা মহেন্দ্ৰভাই কালুভায়ে কয় যে ভাৰতীয় পৰম্পৰাগত চিকিত্সা পদ্ধতিৰ উত্কৰ্ষ সাধনৰ লগতে ইয়াৰ অনুশীলনক ব্যাপক ৰূপত জনপ্ৰিয়কৰণৰ বাবে ভাৰত চৰকাৰে বহুবোৰ উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ বাবে বৰ্দ্ধিত হাৰত পুঁজিৰ আবন্তন দিয়াৰ লগতে এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলক বিশেষ প্ৰথমিকতাও প্ৰদান কৰা হৈছে বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

সন্মিলনখনত মুখ্য উতিথি হিচাপে উপস্থিত থকা অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্যপূৰ্ণ প্ৰেক্ষাপটৱে আগবঢ়োৱা বিপুল সম্ভাৱনীয়তাক সমল কৰি অঞ্চলটোক ‘আয়ুষ পদ্ধতিৰ ঔষধৰ এক প্ৰাণকেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ বিশেষ যোগ্যতা বহণ কৰি আহিছে।

আজিৰ সন্মিলনত অন্যান্যসকলৰ সৈতে অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্তও উপস্থিত থাকে।

 

****



(Release ID: 1750049) Visitor Counter : 174


Read this release in: English , Urdu , Hindi