কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

গভীৰ সমুদ্ৰ অভিযানত কেবিনেটৰ অনুমোদন

Posted On: 16 JUN 2021 3:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে, “গভীৰ সমুদ্ৰ অভিযান” সন্দৰ্ভত ভূ বিজ্ঞান মন্ত্ৰালয় (MoES) ৰ প্ৰস্তাৱত অনুমোদন জনালে। ইয়াৰ লক্ষ্য হৈছে সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ অৰ্থে গভীৰ সমুদ্ৰ প্ৰযুক্তিসমূহৰ বিকাশ সাধন আৰু সম্পদসমূহৰ অৰ্থে গভীৰ সমুদ্ৰত অন্বেষণ।

এই অভিযানত আনুমানিক ব্যয় হ’ব ৪০৭৭ কোটি টকা। ৫ বছৰ সময়ৰ বাবে পৰ্যায়-ভিত্তিক ৰূপায়ণত এই ধনৰাশি ব্যয় কৰা হ’ব। ৩ বছৰ (২০২১-২০২৪) ৰ বাবে প্ৰথম পৰ্যায়ৰ অৰ্থে আনুমানিক ২৮২৩.৪ কোটি টকা ব্যয় কৰা যাব। মিছন ম’ড প্ৰকল্পৰ সৈতে গভীৰ সমুদ্ৰ অভিযানৰে ভাৰত চৰকাৰৰ সুনীল অৰ্থনীতি পদক্ষেপৰাজিক সহায় আগবঢ়োৱা হ’ব। এই বহু-প্ৰাতিষ্ঠানিক অভিলাষী অভিযানৰ ৰূপায়ণত ভূ বিজ্ঞান মন্ত্ৰালয় (MoES) এ ন’ডেল মন্ত্ৰালয় হিচাপে কাৰ্য সম্পাদন কৰিব।

গভীৰ সমুদ্ৰ অভিযানটো নিম্ন উল্লেখিত ছটা মূল উপাদানেৰে গঠিতঃ

  1. গভীৰ সমুদ্ৰ খননৰ অৰ্থে প্ৰযুক্তিসমূহৰ বিকাশ আৰু মেনড চাবমাৰচিবলঃ বৈজ্ঞানিক চেন্সৰ আৰু টুলৰ চুটসহ মহাসাগৰৰ ৬০০০ মিটাৰ গভীৰতালৈ তিনিজন লোক কঢ়িয়াবলৈ মেনড চাবমাৰচিবলৰ বিকাশ সাধন কৰা হ’ব। এতিয়ালৈকে মাথো কেইখনমান ৰাষ্ট্ৰৰহে এই ক্ষমতা আছে। মধ্য ভাৰত মহাসাগৰৰ ৬০০০ মিটাৰ গভীৰতাৰপৰা পলিমেটেলিক নডুলসমূহ খননৰ অৰ্থে এটা সংহত মাইনিং ব্যৱস্থাৰো বিকাশ সাধন কৰা যাব। খনিজাত সম্পদসমূহৰ অন্বেষণমূলক অধ্যয়নে নিকট ভৱিষ্যতে বাণিজ্যিক অন্বেষণৰ বাট মুকলি কৰিব, ৰাষ্ট্ৰ সংঘৰ সংস্থা আন্তঃৰাষ্ট্ৰীয় ছীবেড কৰ্তৃপক্ষই বাণিজ্যিক অন্বেষণৰ সংহিতা নিষ্পন্ন কৰাৰ লগে-লগে এয়া সম্পন্ন কৰা হ’ব। এই উপাদানে গভীৰ সমুদ্ৰৰ খনিজাত সম্পদ আৰু শক্তিৰ অন্বেষণ আৰু উপকৰণৰ সুনীল অৰ্থনীতিৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত সহায় কৰিব।
  1. সামুদ্ৰিক জলবায়ু পৰিৱৰ্তন পৰামৰ্শদাতা সেৱাৰ বিকাশ সাধনঃ এই ধাৰণাৰ প্ৰমাণ উপাদানৰ অধীনত ঋতু-অনুযায়ীৰপৰা দশকীয় সময় স্কেললৈকে গুৰুত্বপূৰ্ণ জলবায়ু পৰিৱৰ্তনৰ বুজ লোৱা আৰু ভৱিষ্যৎ সম্ভাৱনা আগবঢ়াবলৈ নিৰীক্ষণ আৰু মডিউলৰ এটা চুটৰ বিকাশ সাধন কৰা হ’ব। এই উপাদানে উপকূলৱৰ্তী পৰ্যটনৰ সুনীল অৰ্থনীতিৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত সহায় কৰিব।
  1. গভীৰ-সমুদ্ৰ জৈৱবৈচিত্ৰ্য অন্বেষণ আৰু সংৰক্ষণৰ অৰ্থে প্ৰযুক্তিগত উদ্ভাৱনঃ গভীৰ সমুদ্ৰৰ জৈৱ-সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰ সন্দৰ্ভত অধ্যয়ন আৰু জীৱাণুকে ধৰি গভীৰ সমুদ্ৰৰ উদ্ভিদ আৰু প্ৰাণী জগতৰ জৈৱিক-দৃষ্টিকোণত অধিক গুৰুত্ব প্ৰদান কৰা যাব। এই উপাদানে সামুদ্ৰিক মৎস্য পালন আৰু সংযোগী সেৱাসমূহৰ সুনীল অৰ্থনীতিৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত সহায় কৰিব।
  1. গভীৰ সমুদ্ৰ সমীক্ষা আৰু অন্বেষণঃ এই উপাদানৰ প্ৰাথমিক উদ্দেশ্য হৈছে ভাৰত মহাসাগৰৰ মধ্য-মহাসাগৰ শৈলশিৰাৰ সৈতে বহু-ধাতু হাইড্র’থার্মেল চালফাইড খনিজকৰণ সম্ভাৱনা ক্ষেত্ৰসমূহৰ অন্বেষণ আৰু চিনাক্তকৰণ। এই উপাদানে মহাসাগৰীয় সম্পদসমূহৰ গভীৰ সমুদ্ৰ অন্বেষণৰ সুনীল অৰ্থনীতিৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত অতিৰিক্তভাৱে সহায় কৰিব।
  1. সমুদ্ৰৰপৰা শক্তি আৰু ফ্ৰেছ পানীঃ এই ধাৰণাৰ প্ৰমাণ প্ৰস্তাৱৰ জৰিয়তে অফছ’ৰ অ’চিয়ান থাৰ্মেল এনাৰ্জি কনভাৰ্শ্যন (OTEC) চালিত ডিচেলেশ্যন প্লান্টৰ অৰ্থে অধ্যয়ন আৰু বিস্তৃত কাৰিকৰী ডিজাইনৰ কথা বিবেচনা কৰা হৈছে। এই উপাদানে সমুদ্ৰতীৰৰ দূৰৱৰ্তী শক্তি উন্নয়নৰ সুনীল অৰ্থনীতিৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত সহায় কৰিব।
  1. সমুদ্ৰ জীৱবিজ্ঞানৰ অৰ্থে উন্নত সামুদ্ৰিক ষ্টেচনঃ এই উপাদানৰ লক্ষ্য হৈছে মহাসাগৰীয় জীৱ-বিজ্ঞান আৰু কাৰিকৰী দিশত মানৱ ক্ষমতা আৰু প্ৰতিষ্ঠানৰ বিকাশ সাধন কৰা। এই উপাদানে ঔদ্যোগিক এপ্লিকেশ্যনসমূহৰ গৱেষণাক উদ্দীপনা যোগাব আৰু অন-চাইট বিজনেছ ইনকুবেটৰ ফেচেলিটিসমূহৰ জৰিয়তে প্ৰডাক্টৰ বিকাশ সাধনক প্ৰোৎসাহিত কৰিব। এই উপাদানে মহাসাগৰীয় জীৱ-বিজ্ঞান, সুনীল বাণিজ্য আৰু সুনীল মেনুফেক্সাৰিঙৰ সুনীল অৰ্থনীতিৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত সহায় কৰিব।

গভীৰ সমুদ্ৰ খননৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিসমূহত কৌশল নিহিত হৈ থাকে আৰু বাণিজ্যিকভাৱে এইসমূহ উপলব্ধ নহয়। ইয়াৰ পৰিপ্ৰেক্ষিততে, এই প্ৰচেষ্টাই শীৰ্ষস্থানীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত উদ্যোগসমূহৰ সৈতে সমন্বয়ত থলুৱা প্ৰযুক্তিৰ বিকাশ সাধনৰ পথ প্ৰশস্ত কৰি তুলিব। ভাৰতীয় ছীপয়াৰ্ডত গভীৰ সমুদ্ৰ অন্বেষণৰ অৰ্থে এখনি গৱেষণা ভেছেল নিৰ্মাণ কৰা যাব যিয়ে নিয়োগৰ সুযোগ সৃষ্টি কৰিব। তদুপৰি এই অভিযানে মহাসাগৰীয় জীৱবিজ্ঞানৰ ক্ষেত্ৰত ক্ষমতা গঢ়াত উদ্দীপনা যোগাব, যিয়ে ভাৰতীয় উদ্যোগসমূহৰ অৰ্থে নিয়োগৰ সুযোগ আগবঢ়াব। ইয়াৰোপৰি, নিৰ্দিষ্ট সা-সৰঞ্জাম, জাহাজৰ ডিজাইন, বিকাশ সাধন আৰু ফেব্ৰিকেশ্যন আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ স্থাপনে এমএছএমই আৰু ষ্টাৰ্ট-আপসমূহকে প্ৰমুখ্য কৰি ভাৰতীয় উদ্যোগৰ বৰ্ধনত সাৰ-পানী যোগাব বুলি আশা কৰা হৈছে।

বিশ্বখনৰ ৭০ শতাংশ ধাৰণ কৰা মহাসাগৰসমূহ আমাৰ জীৱনৰ এটা মূল অংশ হৈ ৰৈছে। প্ৰায় ৯৫ গভীৰ সমুদ্ৰতেই অন্বেষণ কৰা হোৱা নাই। ভাৰতৰ বাবে, ইয়াৰ তিনিটা দিশ মহাসাগৰসমূহে আৱৰি থকা আৰু দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩০ শতাংশই উপকূলৱৰ্তী অঞ্চলসমূহত বসবাস কৰাৰ পৰিপ্ৰেক্ষিতত, মহাসাগৰ হৈছে এটা মূল অৰ্থনৈতিক কাৰক যিয়ে মৎস্য পালন, পৰ্যটন, জীৱিকা আৰু সুনীল বাণিজ্যত সহায়তা আগবঢ়াইছে। তদুপৰি মহাসাগৰসমূহ হৈছে খাদ্য, শক্তি, খনিজাত সম্পদ, মেডিচিনৰ ভাণ্ডাৰ, বতৰ আৰু জলবায়ুৰ নিয়ন্ত্ৰণকৰ্তা। বহনক্ষমতা সন্দৰ্ভত মহাসাগৰসমূহৰ গুৰুত্বৰ কথা অনুধাৱন কৰি, ৰাষ্ট্ৰ সংঘ (UN) ই ২০২১-২০৩০ দশকটো বহনক্ষম উন্নয়নৰ অৰ্থে মহাসাগৰ বিজ্ঞানৰ দশক হিচাপে ঘোষণা কৰে। ভাৰতৰ অনন্য সামুদ্ৰিক স্থিতি আছে। ইয়াৰ ৭৫১৭ কিঃমিঃ দৈৰ্ঘ্যৰ উপকূল ৰেখাত আছে নখন উপকূলৱৰ্তী ৰাজ্য আৰু ১৩৮২ টা দ্বীপ। ২০১৯ ৰ ফেব্ৰুৱাৰীত প্ৰকাশিত ভাৰত চৰকাৰৰ নব্য ভাৰত, ২০৩০ ৰ দৃষ্টিয়ে বিকাশৰ দহটা মূল মাত্ৰাৰ অন্যতম হিচাপে সুনীল অৰ্থনীতিক অভিহিত কৰিছে।

***

DS/SB



(Release ID: 1728849) Visitor Counter : 301