জল শক্তি মন্ত্ৰালয়

প্ৰতি ঘৰত টেপৰ পানী যোগানৰ অৰ্থে জল জীৱন অভিযানৰ অধীনত অসমলৈ ৫,৬০১ কোটি টকাৰ অনুদান আগবঢ়ালে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় আবন্টন চাৰি-গুণ বৃদ্ধিৰে, অসমক জেজেএমৰ ৰূপায়ণ ত্বৰান্বিতকৰণৰ আহ্বান

ৰাজ্য চৰকাৰক প্ৰতিখন বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু পিএইচচি/চিএইচচি, সমূহীয়া কেন্দ্ৰ, পঞ্চায়ত ভৱন ইত্যাদিত পেয় টেপৰ পানী যোগান নিশ্চিতকৰণৰ আহ্বান কেন্দ্ৰৰ

Posted On: 19 JUN 2021 2:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিঘৰ গৃহস্থীলৈ স্বচ্ছ টেপৰ পানী যোগানৰ দৃষ্টিক বাস্তৱায়িতকৰণৰ অৰ্থে, জল জীৱন অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এই বৰ্ষত অসমলৈ ৫,৬০১.১৬ কোটি টকাৰ অনুদান আগবঢ়াইছে, ২০২০-২১ ত এই পৰিমাণ আছিল ১,৬০৮.৫১ কোটি টকা। জল শক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জল জীৱন অভিযানৰ অধীনতে ৰাজ্যখনলৈ প্ৰথম কিস্তি হিচাপে ৭০০ কোটি টকাও মুকলি কৰি দিয়া হয়। এই চাৰি-গুণ অধিক আবন্টনত অনুমোদন জনাই কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ২০২৪ ৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰলৈ টেপৰ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যখনলৈ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

২০১৯ ত অভিযানটোৰ আৰম্ভণিতে, দেশখনৰ গ্ৰামাঞ্চলৰ মুঠ ১৯.২০ কোটি গৃহস্থীৰ ভিতৰত, মাত্ৰ ৩.২৩ কোটি (১৭%) ৰ টেপৰ পানী যোগান আছিল। যোৱা ২২ মাহত, ক’ভিড-১৯ মহামাৰী আৰু লকডাউনৰ বাধা সত্বেও, জল জীৱন অভিযান ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা যায় আৰু ৪.৩২ কোটি গৃহস্থীক টেপ সংযোগ প্ৰদান কৰা হয়। এই ক’ভাৰেজ ২২% বৃদ্ধিৰে, বৰ্তমানে সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ ৭.৫৬ কোটি (৩৯.৩৮%) গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে।

২০১৯ ৰ ১৫ আগষ্টত অসমত জল জীৱন অভিযানৰ শুভাৰম্ভণিৰ সময়ত, ২৫,৩৩৫ খন গাঁৱৰ মুঠ ৬৩.৩৫ লাখ গৃহস্থীৰ ভিতৰত মাত্ৰ ১.১১ লাখ (১.৭৬%) গৃহস্থীৰহে টেপৰ পানীৰ সংযোগ আছিল। যোৱা ২২ টা মাহত, ৰাজ্যখনৰ ৬.৮৮ লাখ গৃহস্থী (১০.৮৭%) ক টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হয়, ইয়াৰ জৰিয়তে ৭.৯৯ লাখ গৃহস্থী (১২.৬৩%) এ টেপৰ পানী যোগান লাভ কৰে। ৰাজ্যখনে অহা তিনি বছৰত বাকী থকা ৫৫.৩৫ লাখ গৃহস্থীক টেপৰ পানী যোগান আগবঢ়াব। এই লক্ষ্যত উপনীত হ’বলৈ, ৰাজ্যখনে ২০২১-২২ ত ২২.৬৩ লাখ গৃহস্থী, ২০২২-২৩ ত ২০.৮৪ লাখ গৃহস্থী আৰু ২০২৩-২৪ ত ১৩.২০ লাখ গৃহস্থীক টেপৰ পানী সংযোগ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে।

অসমত জল জীৱন অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণৰে সম্পৰ্কীয় প্ৰত্যাহ্বান আৰু গুৰুত্বপূৰ্ণ দৃষ্টিকোণসমূহৰ উল্লেখেৰে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি পত্ৰ প্ৰেৰণ কৰে। উক্ত পত্ৰখনিত, গ্ৰামাঞ্চলসমূহৰ প্ৰতিঘৰ গৃহস্থীলৈ টেপৰ পানীৰ সংযোগ আগবঢ়াবলৈ জল জীৱন অভিযানৰ অধীনত ভিন্ন পৰিকল্পিত ক্ৰিয়া-কলাপৰ লক্ষ্যত উপনীত হ’বলৈ এই বৰ্ধিত আবন্টন ব্যৱহাৰৰ অৰ্থে যাতে ৰাজ্য চৰকাৰখনে সকলো প্ৰচেষ্টা গ্ৰহণ কৰে, সেই আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।

জেজেএমৰ অধীনত অসমলৈ কেন্দ্ৰীয় অনুদানৰ আবন্টন ৫,৬০১.১৬ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় আবন্টনৰ এই চাৰিগুণ বৃদ্ধিৰে, ব্যয় নোহোৱা ১২৩.৭৮ কোটি টকা আৰু ৬৩৬.১০ কোটি টকাৰ ৰাজ্যিক সমকক্ষ শ্বেয়াৰসহ, ২০২১-২২ ত পানী যোগান কৰ্মৰ অৰ্থে জল জীৱন অভিযানৰ অধীনত অসমে ৬,৩৬১.০৪ কোটি টকা নিশ্চিতভাৱে লাভ কৰিছে।

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটক অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য়খনত জল জীৱন অভিযান তীব্ৰ গতিৰে ৰূপায়ণৰ নিশ্চয়তা প্ৰদান কৰে। ৰাজ্যখনে ইতিমধ্যে ৪১.৯ লাখ টেপৰ পানী সংযোগৰ অৰ্থে আঁচনিত অনুমোদন জনাইছে আৰু ২০২১-২২ ত প্ৰায় ১৭.৮৫ লাখ টেপৰ পানী সংযোগৰ অৰ্থে ‘ৱৰ্ক অৰ্ডাৰ’ প্ৰকাশ কৰা যায়। মুখ্যমন্ত্ৰীজনে তদুপৰি গ্ৰামাঞ্চলৰ গৃহস্থীসমূহত টেপৰ পানী যোগান নিশ্চিত কৰিবলৈ সমনোযোগে কামৰ অগ্ৰগতি নিৰীক্ষণ কৰিব বুলিও কয়।

 

***



(Release ID: 1728816) Visitor Counter : 283


Read this release in: English , Urdu , Hindi , Tamil