বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ৰোগীৰ বাবে নিমখৰ পানীৰে কুলকুলি কৰাৰ জৰিয়তে আৰটি-পিচিআৰ পৰীক্ষাৰ অভিনৱ উপায়ৰ বাবে ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিকী (ইঞ্জিনিয়াৰিং) গৱেষণা সংস্থা (এনইইআৰআই)ৰ কৃতজ্ঞতা

নিমখৰ পানীৰে কুলকুলি, কোনো স্বেব নালাগে, সৰল, সস্তা

তিনি ঘণ্টাৰ ভিতৰতে পৰিণাম পোৱা যাব, গ্ৰামীণ তথা জনজাতীয় ক্ষেত্ৰৰ বাবে উপযুক্ত

Posted On: 28 MAY 2021 11:39AM by PIB Guwahati

বৈশ্বিক মহামাৰী ক'ভিড-১৯ৰ প্ৰকোপ আৰম্ভ হোৱাৰ পিছৰ পৰাই ভাৰতে নিজাববীয়াকৈ ইয়াত গৱেষণাৰ প্ৰাথমিক আন্তঃগাঁথনি আৰু সক্ষমতা বৃদ্ধি কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ)ৰ জৰিয়তে নাগপুৰস্থিত ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিকী গৱেষণা সংস্থা (এনইইআৰআই)ৰ বৈজ্ঞানিকসকলে এই প্ৰচেষ্টাক অধিক সাৰোগত কৰি তুলিছে, যাৰ অন্তৰ্গত য'ত ক'ভিড-১৯ৰ নমুনাৰ পৰীক্ষাৰ বাবে 'নিমখৰ পানীৰে কুলকুলি (ছেলাইন গাৰ্গল) আৰটি-পিচিআৰ বিধি' উদ্ভাৱন কৰা হৈছে।

এটা বিধিৰ পৰা কেইবাটাও লাভঃ সৰল, দ্ৰুত, আৰামদায়ক আৰু সস্তা

 

নিমখৰ পানীৰে কুলকুলি (ছেলাইন গাৰ্গল)ৰ এই বিধিৰ জৰিয়তে কেইবাটাও লাভ একে সময়তে পোৱা যায়। এই বিধি সৰল, দ্ৰুত, কম খৰচী, ৰোগীৰ অনুকূল আৰু আৰামদায়ক আৰু ইয়াৰ জৰিয়তে পৰিণামো সোনকালে পোৱা যায়। ন্যূনতম প্ৰাথমিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধি গ্ৰামীণ আৰু জনজাতীয় ক্ষেত্ৰসমূহৰ বাবে উপযোগী। পত্ৰ সূচনা কাৰ্যালয়ৰ সৈতে বাৰ্তালাপত ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিকী গৱেষণা সংস্থা (এনইইআৰআই)ৰ পৰিৱেশ বীষাণু বিজ্ঞান প্ৰকোষ্ঠৰ জ্যেষ্ঠ বৈজ্ঞানিক বাঃ কৃষ্ণা খৈৰনাৰে কৈছে, "স্বেব সংগ্ৰহ বিধিৰ বাবে সময়ৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও, যিহেতু এই টেকনিকত সম্ভাব্য সংক্ৰমিতসকলে পৰীক্ষাৰ সময়ত কিছুমান অসুবিধাৰো সন্মুখীন হ'ব পাৰে যাৰ ফলত তেওঁলোকে কেতিয়াবা কেতিয়াবা অসহজো হ'ব পাৰে। লগতে এনেদৰে একত্ৰিত কৰা নমুনাবিলাক একত্ৰীকৰণ কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰলৈকে লৈ যোৱাতো কিছু সময় লাগে। আনহাতে, নিমখৰ পানীৰে কুলকুলি (ছেলাইন গাৰ্গল)ৰ আৰটি-পিচিআৰ বিধি তাৎক্ষণিক, আৰামদায়ক আৰু ৰোগীৰ অনুকূল। নমুনা লগে লগে লৈ লোৱা হয় আৰু তিনি ঘণ্টাতে পৰিণাম পাই যাব।"

ৰোগীয়ে নিজেই নিজৰ নমুনা একত্ৰিত কৰিব পাৰে।

বাঃ খৈৰনাৰৰ মতে, এই বিধি আক্ৰামক নহয় আৰু ইমানেই সৰল যে ৰোগীয়ে নিজেই নমুনা একত্ৰিত কৰিব পাৰে। তেওঁ কয়, "নাকৰ পৰা আৰু মুখৰ পৰা নাছোফেৰিঞ্জল আৰু এৰোফৰিঞ্জিয়ল স্বেব একত্ৰিত কৰাৰ দৰে সংগ্ৰহ বিধিৰ বাবে প্ৰযুক্তিগত বিশেষজ্ঞৰ প্ৰয়োজন হয় আৰু ইয়াত সময়ো লাগে। ইয়াৰ বিপৰীতে নিমখৰ পানীৰে কুলকুলি (ছেলাইন গাৰ্গল)ৰ আৰটি-পিচিআৰ বিধিত নিমখৰ পানী (ছেলাইন ৱাটাৰ)ৰে পূৰ্ণ এটা সাধাৰণ সংগ্ৰহ টিউবৰ ব্যৱহাৰ কৰা হয় । ৰোগীয়ে এই পানীৰে কুলকুলি কৰে আৰু ইয়াক টিউবৰ ভিতৰত দি দিয়ে। সংগ্ৰহ টিউবত এই নমুনা প্ৰয়োগশালালৈ লৈ যোৱা হয় য'ত এই কোঠাৰ তাপমাত্ৰাৰ ওপৰত এনইইআৰআইৰ দ্বাৰা প্ৰস্তত এক বিশেষ বাফাৰ ঘোল (ছলিউচন)ত ৰখা হয়। এই ঘোল গৰম কৰিলে এক আৰএনএ টেম্প্লেট প্ৰস্তুত কৰা হয়, যাক পিছত ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপচন পলিমাৰেজ চেইন ৰিয়েকচন (আৰটি-পিচিআৰ)ৰ বাবে সংসাধিত কৰা হয়। নমুনা একত্ৰিত কৰা আৰু ইয়াক সংসাধিত কৰাৰ এই বিশেষ বিধিয়ে আমাক আৰএনএ নিষ্কৰ্ষনৰ আন এটা অন্য ব্যয়বহুল আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ঠাইত ইয়াক প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলে। মানুহে ইয়াত নিজৰ পৰীক্ষাও কৰিব পাৰে, কিয়নো এই বিধিত নিজৰ নমুনা (ছেম্পল) নিজেই ল'ব পাৰে।" এই বিধি পৰিৱেশৰ অনুকূলো, কিয়নো ইয়াত অৱশিষ্ট সামগ্ৰী অতি কম থাকে।

 

 গ্ৰামীণ আৰু জনজাতীয় ক্ষেত্ৰসমূহত পৰীক্ষাৰ বাবে বৰদান

বৈজ্ঞানিকসকলে আশা কৰিছে যে পৰীক্ষাৰ এই অভিনৱ প্ৰযুক্তি গ্ৰামীণ আৰু জনজাতীয় ক্ষেত্ৰসমূহৰ বাবে বিশেষভাবে লাভজনক হিচাপে প্ৰতিপন্ন হ'ব, য'ত এতিয়ালৈকে প্ৰাথমিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা এক বাধাৰ ৰূপত সন্মুখলৈ আহিব পাৰে। এই বিধিয়ে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ অনুমোদন লাভ কৰিছে। লগতে এনইইআৰআইক কোৱা হৈছে যে তেওঁলোকে দেশজুৰি ইয়াৰ প্ৰয়োগত সহায় কৰিবৰ বাবে পৰীক্ষণ প্ৰয়োগশালাসমূহক প্ৰশিক্ষণৰ ব্যৱস্থা কৰক।

 

নাগপুৰ নগৰ নিগমে এই প্ৰক্ৰিয়াক আগবঢ়াই নিয়াৰ অনুমতি প্ৰদান কৰিছে, যাৰ পিছত এনইইআৰআইত স্বীকৃত পৰীক্ষণ প্ৰট'কলৰ অনুসৰি পৰীক্ষা আৰম্ভ হৈছে।

 

সমগ্ৰ ভাৰতত প্ৰয়োগ কৰা প্ৰয়োজন

এনইইআৰআইত পৰিৱেশ বীষাণু বিজ্ঞান প্ৰকোষ্ঠ (এনভায়ৰনমেন্টেল ভাইৰলজী চেল)ৰ বৈজ্ঞানিকসকল, গৱেষকসকল আৰু লেব টেকনিচিয়ানসকলে বিদৰ্ভ ক্ষেত্ৰত বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ মাজত এই ৰোগী-অনুকূল টেকনিক বিকশিত কৰিবৰ বাবে অবিৰত প্ৰয়াস চলায়। তেওঁলোকৰ টীমে আশা কৰিছে যে এই পদ্ধতিক ৰাষ্ট্ৰীয় স্তৰত প্ৰয়োগ কৰা হ'ব, যাৰ পৰিণাম স্বৰূপে দ্ৰুত গতিত আৰু অধিক নাগৰিক-অনুকূল পৰীক্ষা হ'ব, আৰু মহামাৰীৰ বিৰুদ্ধে আমাৰ যুঁজ অধিক শক্তিশালী হ'ব।

 

***



(Release ID: 1722558) Visitor Counter : 278