বিত্ত মন্ত্ৰালয়

ৰাজ্যসমূহক অক্সিজেন আৰু ৰেমডেছিভিৰৰ যোগান ক্ষিপ্ৰ কৰাৰ আশ্বাস দিৱে বিত্ত মন্ত্ৰী শ্ৰীমতা নিৰ্মলা সীতাৰমণে; উদ্যোগপতিসকলৰ সৈতে ভাৰ্চুৱেল মন বিনিময় অনুষ্ঠানত লকডাউনতকৈও অধিক সুক্ষ্ম নিয়ন্ত্ৰণ নীতিৰ কথা পুনৰ দোঁহাৰিলে

ভাৰতীয় উদ্যোগক অত্যধিক সহিষ্ণুতা, ধৈৰ্য আৰু দৃঢ়তাৰ বাবে প্ৰশংসা কৰি ‘গামানযুয়োই’ বুলি অভিহিত কৰিলে

Posted On: 21 APR 2021 7:27PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ভাৰতীয় উদ্যোগক অধিক সহিষ্ণুতা, ধৈৰ্য আৰু দৃঢ়তাৰ বাবে প্ৰশংসা কৰি ইয়াক জাপানী শব্দ ‘গামানযুয়োই’ বুলি অভিহিত কৰে৷

বিত্তমন্ত্ৰীগৰাকীয়ে আজি ভাৰতীয় উদ্যোগ মহাসংঘ(চিআইআই)ৰ দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানত ডেৰশতাধিক প্ৰধান উদ্যোগপতিসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷

শ্ৰীমতী সীতাৰমণে মহামাৰীৰ দ্বিতীয় তৰংগৰ প্ৰাদূৰ্ভাৰ নিৰ্মূল কৰাৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ ৰণনীতি গ্ৰহণ কৰাৰ আৱশ্যকতাৰ ওপৰত জোৰ দিয়ে আৰু স্বীকাৰ কৰে যে চিআইআইৰ সৈতে কৰা আলোচনাই এই ৰণনীতিক আকৃতি দিয়া সহায় কৰিছে৷ বিত্তমন্ত্ৰীগৰাকীয়ে ইয়াৰ আনুপাতিকতাৰ বিষয়ে বৰ্ণনা কৰি যোৱা বছৰৰ তুলনাত এতিয়া আমাৰ ওচৰত মহামাৰী নিৰ্মূল কৰাৰ বাবে টিকা আৰু ঔষধৰ দৰে গুৰুত্বপূৰ্ণ সঁজুলি থকা বুলি কয়৷

ক’ভিড-১৯ৰ এক গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী, চিকিৎসা অক্সিজেনৰ চাহিদা অভূতপূৰ্ব হাৰত বৃদ্ধি পুৰণ কৰাৰ বাবে বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক অপৰিসীম যোগানৰ আশ্বাস দিয়ে৷ বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে যি উপায় অৱলম্বন কৰি আছে, তাত মেডিকেল অক্সিজেনৰ আমদানি, অক্সিজেন ফিলিং ষ্টেচনত ২৪ ঘণ্টাই কাম কৰা আৰু নাইট্ৰ’জেন আৰু আৰ্গনৰ বাবে ব্যৱহাৰ হ’বলগীয়া কণ্টেনাৰসকলৰ অক্সিজেনৰ বাবে ব্যৱহাৰ কৰা আদি দিশ উল্লেখযোগ্য৷

বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰতিমাহত ৩৬লাখ সৰু বটলৰ পৰা ৭৮লাখ সৰু বটললৈকে ৰেমডেছিভিৰৰ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰি কৰে৷ তেওঁ লগতে কয় যে ৰেমডেছিভিৰ প্ৰস্তুত কৰা চিআইআইসদস্যসকলে বিত্তমন্ত্ৰীক জনায় যে তেওঁলোকে প্ৰতি মাহে ৭৮লাখৰ পৰিৱৰ্তে ১ কোটিলৈ বৃদ্ধিৰ লক্ষ্য লৈছে৷

ইফালে, টিকাকৰণৰ শেহতীয়া স্থিতি ঘোষণাৰ সন্দৰ্ভত আলোচনা কৰি বিত্তমন্ত্ৰীয়ে কয় যে সকলো জ্যেষ্ঠ ব্যক্তিৰ বাবে টিকাকৰণ মুকলি কৰি দিয়াৰ বাবে চিআইআইৰ পৰামৰ্শ, উদ্যোগৰ নিজৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহক টিকাকৰণৰ অনুমতি প্ৰদান কৰে আৰু এই নীতিত টিকা আমদানি কৰাৰ স্বীকৃতি প্ৰদান কৰে৷ চৰকাৰে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়’টেকক ৪,৬০০ কোটি টকা অগ্ৰিম ধন প্ৰদানৰ অনুমতি দিয়ে, যাতে তেওঁলোকে তেওঁলোকৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰে৷

 

****

RM/MV/KMN/DB



(Release ID: 1713346) Visitor Counter : 167