ভাৰতীয় প্ৰতিযোগিতা আয়োগ
কম্পিটিশ্যন কমিচন অৱ ইণ্ডিয়া (CCI) আৰু এডমিনিষ্ট্ৰেটিভ কাউন্সিল ফৰ ইকনমিক ডিফেন্স অৱ ব্ৰাজিল (CADE) ৰ মাজত বুজাবুজিৰ চুক্তি
Posted On:
20 APR 2021 3:47PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কম্পিটিশ্যন কমিচন অৱ ইণ্ডিয়া (CCI) আৰু এডমিনিষ্ট্ৰেটিভ কাউন্সিল ফৰ ইকনমিক ডিফেন্স অৱ ব্ৰাজিল (CADE) ৰ মাজত বুজাবুজিৰ চুক্তি (MOU) ত অনুমোদন জনালে।
কম্পিটিশ্যন এক্ট, ২০০২ ৰ ১৮ নং অনুচ্ছেদে চিচিআইক ইয়াৰ দায়িত্ব সম্পাদন বা আইনখনৰ অধীনত ইয়াৰ কাম-কাজ ৰূপায়ণৰ উদ্দেশ্যৰে যিকোনো বিদেশী ৰাষ্ট্ৰৰ কোনো সংস্থাৰ সৈতে চুক্তি বা বুজাবুজি কৰাৰ অনুমতি প্ৰদান কৰিছে।
সেই অনুসাৰে, চিচিআই এ নিম্ন উল্লেখিত ছয় বুজাবুজিৰ চুক্তিত মিলিত হয়ঃ
- ফেডাৰেল ট্ৰেড কমিচন (FTC) আৰু ন্যায় বিভাগ (DOJ), আমেৰিকা যুক্তৰাষ্ট্ৰ
- ডাইৰেক্টৰ জেনেৰেল কম্পিটিশ্যন, ইউৰোপিয়ান ইউনিয়ন
- ফেডাৰেল এন্টিমন’পলি ছাৰ্ভিচ, ৰাছিয়া
- অষ্ট্ৰেলিয়ান কম্পিটিশ্যন আৰু কনজুমাৰ কমিচন আৰু
- কম্পিটিশ্যন ব্যুৰ’, কানাডা আৰু
- ব্ৰিকছ কম্পিটিশ্যন অথৰিটি।
সাম্প্ৰতিক প্ৰস্তাৱটো চিচিআই আৰু চিএডিই ৰ মাজত একে বুজাবুজিৰ চুক্তি স্বাক্ষৰিতৰে সম্পৰ্কীয়।
*****
DS/SB
(Release ID: 1713178)
Visitor Counter : 157