PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন
Posted On:
19 APR 2021 7:39PM by PIB Guwahati


ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন
- বিশ্বৰ সৰ্ববৃহৎ টিকাদান অভিযানৰ অংশ হিচাপে আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১২.৩৮ কোটি অতিক্ৰম কৰিলে।
- যোৱা ২৪ ঘন্টাত ১২ লাখৰো অধিক ভেকচিন পালি প্ৰদান।
- যোৱা ২৪ ঘন্টাত ২,৭৩,৮১০ নতুন ঘটনা লাভ। ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৯% লৈ অৱনমন।
- যোৱা ২৪ ঘন্টাত দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ লাডাখ, দমন ও ডিউ, দাদৰা ও নগৰ হাভেলী, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, মণিপুৰ, লক্ষদ্বীপ, নাগালেণ্ড, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।
- ২০২১ ৰ ২৪ এপ্ৰিললৈকে ক’ভিড যোদ্ধাসকলৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ পেকেজ (PMGKP) বীমা পলিচী দাবী নিষ্পত্তি কৰিব লাগিব, তাৰ পাছত ক’ভিড যোদ্ধাসকলৰ বাবে নতুন বীমা পলিচী কাৰ্যকৰী হ’ব।
|
#Unite2FightCorona
#IndiaFightsCorona
PRESS INFORMATION BUREAU
MINISTRY OF INFORMATION AND BROADCASTING
GOVERNMENT OF INDIA

ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ১২.৩৮ কোটি অতিক্ৰম কৰিলে
বিশ্বৰ সৰ্ববৃহৎ টিকাদান অভিযানৰ অংশ হিচাপে আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১২.৩৮ কোটি অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত ১২ লাখৰো অধিক ভেকচিন পালি প্ৰদান কৰা হয়। টিকাদান অভিযানৰ ৯৩-সংখ্যক দিন (১৮ এপ্ৰিল, ২০২১) অনুসৰি, ১২,৩০,০০৭ পালি ভেকচিন প্ৰদান কৰা যায়। ২১,৯০৫ ছেচনজুৰি ৯,৪০,৭২৫ হিতাধিকাৰীক ১ম পালি আৰু ২,৮৯,২৮২ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।
- নতুন ঘটনাৰ ৭৯% লাভ কৰা হৈছে ১০ খন ৰাজ্যত।
- ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আছে। যোৱা ২৪ ঘন্টাত ২,৭৩,৮১০ নতুন ঘটনা লাভ কৰা যায়।
- নতুন ঘটনাৰ ৭৮.৫৮% লাভ কৰা হয় দহখন ৰাজ্যত। ইয়াত আছেঃমহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, চত্তীশগড়, মধ্য প্ৰদেশ, তামিল নাডু, গুজৰাট আৰু ৰাজস্থান।
- ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৯% লৈ অৱনমন।
- ভাৰতৰ মুঠ সক্ৰিয় কেছল’ডে ১৯,২৯,৩২৯ স্পৰ্শ কৰিছে।এতিয়া ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১২.৮১%।যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ১,২৮,০১৩ টা ঘটনা হ্ৰাস হৈ পৰে।
- যোৱা ২৪ ঘন্টাত দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। সেয়া হৈছেঃ লাডাখ, দমন ও ডিউ, দাদৰা ও নগৰ হাভেলী, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, মণিপুৰ, লক্ষদ্বীপ, নাগালেণ্ড, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।
- ২০২১ ৰ ২৪ এপ্ৰিললৈকে ক’ভিড যোদ্ধাসকলৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ পেকেজ (PMGKP) বীমা পলিচী দাবী নিষ্পত্তি কৰিব লাগিব, তাৰ পাছত ক’ভিড যোদ্ধাসকলৰ বাবে নতুন বীমা পলিচী কাৰ্যকৰী হ’ব।
অধিক বিৱৰণৰ বাবেঃ
১ মে’ৰপৰা ক’ভিড-১৯ টিকাদানৰ উদাৰীকৰণ আৰু ক্ষীপ্ৰ ৩য় পৰ্যায়ৰ কৌশল ঘোষণা ভাৰত চৰকাৰৰ, প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, ক’ভিড-১৯ ৰ বিৰুদ্ধে ভেকচিন লাভ কৰিবলৈ ১৮ বছৰ বয়সৰ উৰ্ধ সকলো যোগ্য হ’ব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এখনি বৈঠকত, ১ মে’ৰপৰা ১৮ বছৰ বয়সৰ উৰ্ধ সকলোকে টিকাদানৰ অনুমতি প্ৰদানৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰখনে এবছৰৰো অধিক পূৰ্বৰেপৰা যিমান সম্ভৱ সিমান সোনকালে সৰ্বাধিক সংখ্যক ভাৰতীয়ই ভেকচিনটো লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰিবলৈ কাম কৰি আহিছে।তেখেতে লগতে কয় যে ভাৰতে জনসাধাৰণক যি ক্ষীপ্ৰতাৰে ভেকচিন প্ৰদান কৰি আছে, সেয়াই বিশ্বতে অভিলেখ সৃষ্টি কৰিছে ও আমি ইয়াতকৈ অধিক বেগেৰে এই অভিযান অব্যাহত ৰাখিম।
অধিক বিৱৰণৰ বাবেঃ
ৰাষ্ট্ৰখনৰ শীৰ্ষস্থানীয় চিকিৎসকসকলৰ সৈতে ক’ভিড-১৯ ৰ প্ৰতি জন স্বাস্থ্য সঁহাৰি পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ সম্পৰ্কীয় প্ৰসংগ আৰু টিকাদনৰ অগ্ৰগতি সন্দৰ্ভত সমগ্ৰ দেশখনৰ চিকিৎসকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে।প্ৰধানমন্ত্ৰীয়ে ক’ৰোনাভাইৰাছ মহামাৰীটোৰ সময়ছোৱাত দেশখনৰ প্ৰতি অমূল্য সেৱা আগবঢ়োৱাৰ বাবে চিকিৎসক, মেডিকেল আৰু পেৰা-মেডিকেল ষ্টাফৰ শলাগ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যোৱা বৰ্ষত, একে সময়ছোৱাতে, আমাৰ চিকিৎসকসকলৰ কঠোৰ শ্ৰম আৰু ৰাষ্ট্ৰখনৰ পন্থাৰ বাবে আমি ক’ৰোনাভাইৰাছৰ ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো।
অধিক বিৱৰণৰ বাবেঃ
বাৰাণসীত ক’ভিড-১৯ সন্দৰ্ভত আঞ্চলিক ৰাজহুৱা প্ৰতিনিধি আৰু বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালিভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসী জিলাৰ ক’ভিড-১৯ ৰ স্থিতি পৰ্যালোচনা কৰে।বৈঠকখনিত, প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাক প্ৰতিৰোধ আৰু ক’ৰোনা সংক্ৰমিত ৰোগীসকলৰ যথোপযুক্ত চিকিৎসাৰ অৰ্থে টেষ্টিং, বেড, মেডিচিন, ভেকচিন আৰু মানৱ সম্পদৰ উপলব্ধতা ইত্যাদিৰ বুজ লয়।তেখেতে জনসাধাৰণক তাৎক্ষণিকভাৱে সম্ভাৱ্য সকলো সাহাৰ্য্য় আগবঢ়াবলৈ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।
অধিক বিৱৰণৰ বাবেঃ
ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ঔদ্যোগিক উদ্দেশ্যৰ বাবে অক্সিজেনৰ যোগান নিষিদ্ধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ অৰ্থে ৰাজ্যসমূহৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসকলৈ কেন্দ্ৰীয় গৃহ সচিবৰ পত্ৰ প্ৰেৰণ
ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ঔদ্যোগিক উদ্দেশ্যৰ বাবে অক্সিজেনৰ যোগান নিষিদ্ধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ অৰ্থে ৰাজ্যসমূহৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসকলৈ কেন্দ্ৰীয় গৃহ সচিবে কালি পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনিত মুখ্য সচিব আৰু প্ৰশাসকসকলক কোৱা হয় যে এই সন্দৰ্ভত তেওঁলোকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিব লাগে। অৱশ্যে, এই নিষেধাজ্ঞাৰপৰা নটা উদ্যোগক ৰেহাই দিয়াৰ কথা পত্ৰখনিত উল্লেখ।
অধিক বিৱৰণৰ বাবেঃ
চিকিৎসালয়সমূহলৈ অক্সিজেনৰ যোগান বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ গ্ৰহণ; ৯ টা উদ্যোগতে সীমাবদ্ধ কৰিলে ঔদ্যোগিক অক্সিজেন
দেশৰ ভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দৈনিক ক’ভিডৰ নতুন ঘটনা বৃদ্ধি পাব ধৰিছে।ক’ভিড প্ৰভাৱিত লোকসকলৰ চিকিৎসাত এটা মূল উপাংশ হৈছে মেডিকেল অক্সিজেন।দেশখনত শেহতীয়াভাৱে ক’ভিড-১৯ ৰ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ক’ভিড ৰোগীসকলৰ ফলপ্ৰসূ ক্লিনিকেল চিকিৎসাৰ অৰ্থে অক্সিজেনৰ প্ৰয়োজনীয়তা বহুগুণে বৃদ্ধি পাইছে।
অধিক বিৱৰণৰ বাবেঃ
লিকুইড মেডিকেল অক্সিজেন (LMO) আৰু অক্সিজেন চিলিণ্ডাৰ পৰিবহণৰ বাবে সম্পূৰ্ণৰূপে সাজু ৰেলৱে
মূল বুলনিসমূহেৰে লিকুইড মেডিকেল অক্সিজেন (LMO) আৰু অক্সিজেন চিলিণ্ডাৰ পৰিবহণৰ বাবে ৰেলৱে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ক’ভিড সংক্ৰমণত নিৰ্দিষ্ট মেডিকেল অৱস্থাত চিকিৎসাৰ অৰ্থে অক্সিজেনৰ উপলব্ধতা হৈছে মূল উপাদান। মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে ৰেলৱেৰদ্বাৰা কিদৰে লিকুইড মেডিকেল অক্সিজেন (LMO) ৰ টেংকাৰ সৰবৰাহ কৰিব পৰা যাব, সেই সন্দৰ্ভত ৰেল মন্ত্ৰালয়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
অধিক বিৱৰণৰ বাবেঃ
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট
মহাৰাষ্ট্ৰ: মহাৰাষ্ট্ৰ চৰকাৰে দিল্লী, ৰাজস্থান, উত্তৰাখণ্ড, গুজৰাট, গোৱা আৰু কেৰালাকে ধৰি পাঁছখন ৰাজ্যক ক’ভিড-১৯ মহামাৰী সংক্ৰমণৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে অভিহিত কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, এই ৰাজ্যকেইখনৰপৰা অহা লোকসকললৈ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি, উক্ত ৰাজ্যকেইখনৰপৰা অহা যাত্ৰীসকলে ভ্ৰমণৰ ২৪ ঘন্টাৰ ভিতৰত আৰটি-পিচিআৰ নিগেটিভ টেষ্ট সম্পন্ন কৰিব লাগিব আৰু ১৫ দিন হ’ম কোৱাৰেন্টাইনত থাকিব লাগিব।
গুজৰাট: টেষ্টিং বৃদ্ধি কৰি তুলিবলৈ, গুজৰাট চৰকাৰে ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহকে ধৰি ২৬ বৃহৎ শৈক্ষিক প্ৰতিষ্ঠানত লেবৰেটৰী স্থাপন কৰিছে।
স্থানীয় স্বাস্থ্য বিভাগে নমুনা সংগ্ৰহ কৰিব আৰু এইসমূহক প্ৰতিবেদন দাখিল কৰিব।
দেওবাৰে ৰাজ্যখনত ১০,৩৪০ নতুন ক’ৰোনা ঘটনা লাভ কৰা যায়। একে সময়তে ১১০ আক্ৰান্তৰ প্ৰাণহানি হৈছে।
মধ্য প্ৰদেশ: মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে কৈছে যে ৰাজ্যখনৰ ব্যক্তিগত চিকিৎসালয়সমূহৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু যদি ব্যক্তিগত সংস্থাসমূহে চিকিৎসালয় আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেন্তে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত চিকিৎসালয় মুকলি কৰিবলৈ ৰাজ্য চৰকাৰখনে অনুমতি প্ৰদান কৰিব।
তেওঁ কয় যে ৰাজ্যখনৰ ৩৭ জিলাত অক্সিজেন প্লান্ট আৰম্ভ কৰা হ’ব আৰু এই কাম তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।
গোৱা: গোৱাত দেওবাৰে, ২৪ ঘন্টাত ১১ ক’ভিড আক্ৰান্তই মৃত্যুবৰণ কৰে, যি যোৱা বহুকেইটা মাহৰ ভিতৰতে সৰ্বাধিক। একে সময়তে ৯৫১ টা নতুন ঘটনা লাভ কৰা যায়, যি পৰিমাণ যোৱা বৰ্ষত মহামাৰীটোৰ প্ৰাদুৰ্ভাৱৰপৰা সৰ্বাধিক।ৰাজ্যখনৰ পজিটিভিটি হাৰ ২৯% লৈ বৃদ্ধি পাইছে।
কেৰালা: কেৰালাত ক’ভিড ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অধিক বাধ্যবাধকতা আৰোপ কৰা হৈছে।নৈশ সান্ধ্য আইন বলবৎ কৰা হৈছে আৰু ৱৰ্ক ফ্ৰম হ’মৰ অনুমতি প্ৰদান কৰা যায়। ৰাজ্যখনত ৩০ এপ্ৰিল পৰ্যন্ত সকলো পৰীক্ষা আৰু সাক্ষাৎকাৰ বাতিল কৰা হৈছে।
তামিল নাডু:ক’ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতালৈ লক্ষ্য কৰি, তামিল নাডু চৰকাৰখনে ২০ এপ্ৰিলৰপৰা বাধ্য-বাধকতা আৰোপৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি, নিশা ১০ বজাৰপৰা পুৱা ৪ বজালৈ নৈশ সান্ধ্য আইন আৰু দেওবাৰে সম্পূৰ্ণ লক ডাউন বলবৎ থাকিব। ৰাজ্যখনত পোনপ্ৰথমবাৰৰ বাবে, দেওবাৰে নতুন ক’ভিড-১৯ ঘটনাই পূৰ্বৰ ১০,০০০- ৰ সীমা অতিক্ৰম কৰিলে।
কৰ্ণাটক:কৰ্ণাটকত শেহতীয়াভাৱে ১৯০৬৭ নতুন ঘটনা লাভত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ১৩৩৫৪৩ লৈ বৃদ্ধি পালে।ৰাজ্যখনত নতুন ক’ভিড-১৯ জনিত ৮১ টা মৃত্যুৰ ঘটনা সংঘটিত হোৱাত মুঠ ক’ভিডজনিত মৃত্যুৰ ঘটনা ১৩৫১ লৈ বৃদ্ধি পালে।কালি ২২,০৬৫ জন লোকক ভেকচিন প্ৰদান কৰাত ৰাজ্যখনত মুঠ ভেকচিন লাভ কৰা হিতাধিকাৰীৰ সংখ্যা ৬৯,৮৭,৮৭৪ লৈ বৃদ্ধি পালে।
অন্ধ্ৰ প্ৰদেশ:অন্ধ্ৰ প্ৰদেশত শেহতীয়াভাৱে ৬৫৮২ নতুন ক’ভিড-১৯ পজিটিভ ঘটনাৰে ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৯,৬২,০৩৭ টা। একেসময়তে ২২ টা মৃত্যুৰ ঘটনা সংঘটিত হোৱাত মুঠ মৃত্যুৰ ঘটনাৰ সংখ্যা হয় ৭৪১০ টা।ৰাজ্য চৰকাৰখনে আধা নিযুত হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্টলাইন কৰ্মীৰ সম্পূৰ্ণ টিকাদানৰ অৰ্থে প্ৰচেষ্টা ত্বৰান্বিত কৰি তুলিছে।
তেলেংগানা:দেওবাৰে নিশা মুঠ ২.৭ লাখ পালি ক’ভিড ভেকচিন হায়দৰাবাদ আহি পায়হি আৰু টিকাদান অভিযান অব্যাহত ৰাখিবলৈ ইয়াক সমগ্ৰ ৰাজ্যখনৰ টিকাদান কেন্দ্ৰসমূহলৈ ততালিকে প্ৰেৰণ কৰা যায়।কালি (দেওবাৰ) ৰাজ্যখনত ক’ভিড টিকাদান অভিযানৰ বাবে বন্ধৰ দিন আছিল।সকলো ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত মেডিকেল অক্সিজেন উৎপাদনৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনৰদ্বাৰা অনুমোদন জনোৱা ১৬২ প্ৰেছাৰ চুইং এডছৰ্পশ্যন (PSA) প্লান্টৰ ভিতৰত, তেলেংগানালৈ দুটা আবন্টন দিয়া হৈছে।
অসম:অসমৰ যিসমূহ জিলাত ৩০০ ৰোধিক সক্ৰিয় ক’ভিড ঘটনা থাকে, সেইসমূহ জিলাত বিহু অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যক্ৰম নিষিদ্ধ কৰা যাব।
ৰাজ্যখনত মহামাৰীটোৰ দ্বিতীয় ঢৌৰ মূল কাৰক হৈছে ন’ভেল ক’ৰোনা ভাইৰাছৰ অধিক সংক্ৰামক ইউকে ভেৰিয়েন্ট ষ্ট্ৰেইন।ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহত ছেৰ’ছাৰ্ভেত এই কথা প্ৰতিফলিত হৈছে যেভাইৰাছটোৰ নিম্ন এক্সপ’জাৰ সংক্ৰমণৰ বাবে অতি ভয়াৱহ হৈ উঠিব।যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ছটা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ৬৩৯ টা নতুন পজিটিভ ঘটনা লাভ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে মুঠ সক্ৰিয় ঘটনা ৫,২৬৮ হৈ পৰে।
মণিপুৰ: মণিপুৰত যোৱা ২৪ ঘন্টাত ১১৯৫ টা নমুনা টেষ্ট কৰাত ৭২ জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে।ৰাজ্য়খনৰ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনৰ ভেকচিন লাভ কৰা মুঠ হিতাধিকাৰীৰ সংখ্যা ১,০৬২,৮৪ হৈ পৰিছে।ইয়াৰ ৪৫ বছৰ বয়সৰ উৰ্ধ সকলো লোককে ততালিকে ভেকচিন গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।
মেঘালয়: দেওবাৰে মেঘালয়ত ক’ভিড-১৯ ৰ বাবে মৃত্যুৰ ঘটনা ১৫৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে৭৩ টা নতুন ঘটনা লাভ কৰা যায়।ইয়াৰ জৰিয়তে ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা ৬৮০ লৈ বৃদ্ধি পালে।
একে সময়তে ৰাজ্য়খনৰ ৪১ আক্ৰান্তই আৰোগ্য লাভ কৰাত মুঠ আৰোগ্য় লাভ কৰা ৰোগীৰ সংখ্যা ১৪,০৩৮ লৈ বৃদ্ধি পায়।
ছিকিম: দেওবাৰে ছিকিমত ১০৫ টা নতুন ঘটনা লাভ কৰা যায়।এইবাৰ পঞ্চমবাৰৰ বাবে দৈনিক ঘটনাই ১০০-ৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান ৰাজ্য়খনৰ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৯৯ টা।
নাগালেণ্ড: দেওবাৰে নাগালেণ্ডত ১৯ টা নতুন ক’ভিড ঘটনা লাভ কৰা যায়।ৰাজ্যখনত সক্ৰিয় ঘটনা ১৭৬ টা। ৰাজ্যখনৰ মুঠ ১,৪৭,৮৬২ হিতাধিকাৰীয়ে ভেকচিন লাভ কৰিছে।
ত্ৰিপুৰা: কালি ত্ৰিপুৰাত ৬৯ টা পজিটিভ ঘটনা লাভ কৰা হয়। ৰাজ্যখনৰ মুঠ সক্ৰিয় ঘটনা ৪৩০ হৈ পৰে।
পঞ্জাৱ: পঞ্জাৱৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৩৪১৯০ টা।
হাৰিয়ানা: হাৰিয়ানাৰ মুঠ সক্ৰিয় ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪২২১৭ জন।
চণ্ডীগড়: চণ্ডীগড়ত মুঠ সক্ৰিয় ঘটনা ৩৬২৫ টা।
হিমাচল প্ৰদেশ: হিমাচল প্ৰদেশত মুঠ সক্ৰিয় ঘটনা হৈছে ৮৬৯৬ টা।
ফেক্ট চেক




*****************
(Release ID: 1712815)
Visitor Counter : 189