উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ-পূৰ্বাঞ্চলত মহিলা উদ্যমীক ব্যাপক হাৰত উদগণি দিয়া হৈছেঃ ড৹ জিতেন্দ্ৰ সিংহ

Posted On: 12 MAR 2021 5:46PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা উদ্যমীসকলক ব্যাপক হাৰত উদগণি দিয়া হৈছে। লগতে উত্তৰ-পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয়ে নতুন উদ্যম (ষ্টাৰ্ট আপ) আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় ধন উপলব্ধ কৰোৱা আৰু মহিলা আত্মসহায়ক সমুদায়ৰ প্ৰয়াসক সহায় কৰাৰ লগতে তেওঁলোকক উদগণি দিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ ৰূপায়ণ কৰি থকা হৈছে।

কেন্দ্ৰীয় পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ), প্ৰধানমন্ত্ৰী কাৰ্যালয়, লোক, জন অভিযোগ আৰু পেন্সন, আৰু পৰমাণু শক্তি তথা অন্তৰীক্ষ ৰাজ্য মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিংহই ভাৰতীয় বাণিজ্য আৰু উদ্যোগ পৰিসংঘ-মহিলা সংগঠন (ফিক্কী-এফএলঅ')ৰ প্ৰতিনিধিসকলৰ সৈতে সাক্ষাতৰ সময়ত কয়। ফিক্কী-এফএলঅ'ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জাহ্নৱী ফুকনৰ নেতৃত্বত সাক্ষাৎ কৰিবলৈ অহা প্ৰতিনিধিসকলৰ সৈতে এই কথা-বতৰাৰ উদ্দেশ্য উত্তৰ-পূৰ্বাঞ্চলত মহিলাৰ বিকাশৰ সম্ভাৱনাৰ ওপৰত আলাপ-আলোচনা আছিল।

ড৹ জিতেন্দ্ৰ সিংহই কয় যে উত্তৰ-পূৰ্বাঞ্চলত মহিলাসকলৰ মাজত উদ্যমিতা আৰু সন্মানসহ শ্ৰম জন্মজাত গুণ। ইয়াৰ অনুভৱ কোভিড-১৯ৰ আৰম্ভণিৰ সপ্তাহবিলাকতো দেখিবলৈ পোৱা গৈছিল যেতিয়া এফালে দেশৰ অধিকাংশ ঠাইত ফেচ মাস্কৰ নাটনি হৈছিল কিন্তু উত্তৰ-পূৰ্বাঞ্চলত কেৱল ফেচ মাস্কেই পৰ্যাপ্ত পৰিমাণত পোৱা গৈছিল এনে নহয়, বৰং এই ফেচ মাস্ক বিভিন্ন ডিজাইন আৰু ৰঙত প্ৰস্তুত কৰা হৈছিল। এনেকুৱা এই কাৰণেই সম্ভৱ হৈছিল কিয়নো মহিলাসকলে এই দায়িত্ব মূৰ পাতি লয় আৰু সকলোৰে বাবে মাস্ক সুনিশ্চিত কৰিবৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে।

ফিক্কীৰ প্ৰতিনিধিসকলৰ দ্বাৰা দিয়া পৰামৰ্শৰ প্ৰশংসা কৰি তেওঁ কয় যে পৰ্যটন ক্ষেত্ৰত মহিলাসকলৰ সহযোগিতাক উৎসাহিত কৰা উচিত। ড৹ জিতেন্দ্ৰ সিংহই কয় যে উত্তৰপূৱ ক্ষেত্ৰত হোম টুৰিজমক সংস্থাগত স্বৰূপ দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ মহত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে বিগত ৭ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পূৰ্বোত্তৰ ক্ষেত্ৰত ৰে'ল, পথ আৰু বিমান যাতায়াতৰ সম্পৰ্কত ব্যাপক হাৰত সংস্কাৰ হৈছে যাৰ ফলত পৰ্যটন উৎসাহিত হৈছে।

জিতেন্দ্ৰ সিংহই ফিক্কী নেতাসকলক আহ্বান জনায় যে আৰু অধিক সংখ্যক মহিলাক বাঁহৰ সৈতে জড়িত কাম-কাজৰ সৈতে সংযুক্ত কৰিবলৈ উৎসাহিত কৰিব লাগে। তেওঁ কয় যে বাঁহেৰে নিৰ্মিত সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বঢ়াই দিয়া হৈছে আৰু বাঁহক ভাৰতীয় বন অধিনিয়মৰ পৰা মুক্ত কৰি দিয়া হৈছে। পূৰ্বোত্তৰ ক্ষেত্ৰত বাঁহে কোভিড-১৯ৰ পিছত ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থা আৰু মহিলা উদ্যমীসকলৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাত ডাঙৰ ভূমিকা পালন কৰিছে, যি আত্মসহায়ক সমুদায়ৰ সহায়ত বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী বিশেষকৈ ধুপকাঠি আৰু পাছিৰ উৎপাদন বাঢ়িছে, যাৰ ভাৰতৰ প্ৰায় প্ৰতিটো ঘৰতে ব্যৱহাৰ হয়।

******

SNC



(Release ID: 1704527) Visitor Counter : 142


Read this release in: English , Urdu , Hindi , Telugu