সাংস্কৃতিক মন্ত্ৰালয়
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চ স্তৰীয় সমিতি গঠন
Posted On:
05 MAR 2021 8:52PM by PIB Guwahati
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট ২০১৭ত স্বাধীনতা দিৱস উপলক্ষে নিজৰ ভাষণত কৈছিলঃ
"আমি দেশৰ যিকোনো ঠাইৰ সৈতে সম্বন্ধ ৰখা সত্ত্বেও, যদি আমাৰ মাজৰ প্ৰত্যেক ব্যক্তিয়ে এটা নতুন সংকল্প, নতুন উদ্যম আৰু নতুন শক্তিৰে প্ৰয়াস কৰো, তেন্তে আমি নিজৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ অৰ্থাৎ ২০২২ বৰ্ষত নিজৰ সমন্বিত শক্তিৰ বলত দেশৰ ছবি সলনি কৰিব পাৰো। আমি এখন এনেকুৱা নতুন ভাৰতৰ নিৰ্মাণ কৰিব পাৰো, য'ত সকলোৱে সমান সুযোগ পাব, য'ত ভূমণ্ডলীকৰণৰ দৌৰত ৰাষ্ট্ৰৰ গৌৰৱ বঢ়োৱাত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে বিশেষ ভূমিকা পালন কৰিব।"
মাননীয় প্ৰধানমন্ত্ৰীৰ শব্দসমূহৰ পৰা প্ৰেৰণা লৈ, ভাৰত চৰকাৰে ১৫ আগষ্ট, ২০২২ত ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ মহোৎসৱ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৰূপত পালন কৰাৰ সিদ্ধান্ত লৈছে। এই মহোৎসৱৰ মাননীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত ইতিপূৰ্বে এখন ৰাষ্ট্ৰীয় কাৰ্যান্বয়ন সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ উদযাপনৰ সময়ত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ দ্বাৰা কৰা কাৰ্যক্ৰমৰ বিষয়ে সিবিলাকৰ পথ প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে সচিবসকলৰ এখন অন্য সমিতিও গঠন কৰা হৈছে।
চৰকাৰে এতিয়া মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ২৫৯জন সদস্যৰ এখন ৰাষ্ট্ৰীয় সমিতি গঠন কৰিছে, এই সন্দৰ্ভত শুকুৰবাৰে এক গেজেট অধিসূচনাও জাৰি কৰা হৈছে।
এই ৰাষ্ট্ৰীয় সমিতিত সমাজৰ সকলো ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তি আৰু নাগৰিক অন্তৰ্ভুক্ত আছে। এই সমিতিয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে আয়োজিত হ'বলগীয়া মহোৎসৱৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত কাৰ্যক্ৰম সম্পৰ্কীয় নীতিগত নিৰ্দেশনা আৰু পথ প্ৰদৰ্শন কৰিব।
এই সমাৰোহৰ শুভাৰম্ভ ১৫ আগষ্ট, ২০২২ৰ পৰা ৭৫ সপ্তাহ আগতে অৰ্থাৎ ১২ মাৰ্চ, ২০২১ত প্ৰস্তাৱিত। সেইদিনা মহাত্মা গান্ধীৰ নেতৃত্বত কৰা ঐতিহাসিক নিমখ সত্যাগ্ৰহৰ ৯১তম বৰ্ষপূৰ্তিও। ১২ মাৰ্চ, ২০২১ত আৰম্ভ হ'বলগীয়া এই স্মৰণ উৎসৱৰ অন্তৰ্গত আৰম্ভণিৰ কামকাজৰ সৈতে জড়িত কাৰ্যক্ৰমত উচ্চ স্তৰীয় সমিতিৰ মাননীয় সদস্যসকলৰ সৈতে দিহা-পৰামৰ্শ কৰাৰ উদ্দেশ্যে এই সমিতিৰ প্ৰথম বৈঠক ৮ মাৰ্চ, ২০২১ত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
*********
NB/SK/UD
(Release ID: 1703007)
Visitor Counter : 2532