গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত এমএছপি হাৰত ধান ক্ৰয়ৰ পৰিমাণ ১৪.৫২% বৃদ্ধি পাইছে

চলিত খাৰিফ বিপণন বৰ্ষত প্ৰায় ৬৭০.৪৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে

পাঞ্জাৱে অকলেই ২০২.৮২ লাখ মেট্ৰিক টন ধান বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ৩০.২৯%

চৰকাৰী এজেন্সিসমূহৰ দ্বাৰা এমএছপিৰ হাৰত ১,৬৭০.৮৩ কোটি টকাৰ দাইল আৰু তৈলবীজ ক্ৰয় কৰিছে

এমএছপি হাৰত কঁপাহ ক্ৰয়ৰ জৰিয়তে ১৮,৯৭,০০২গৰাকী কৃষক উপকৃত হৈছে

Posted On: 05 MAR 2021 4:07PM by PIB Guwahati

২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ)ত চৰকাৰে কৃষকসকলৰ পৰা এমএছপি আঁচনিৰ অধীনত ন্যূনতম সমৰ্থিত মূল্যত খাৰিফ শস্য ক্ৰয়ৰ কাম অব্যাহত ৰাখিছে৷

২০২০-২১ খাৰিফ বিপণন বৰ্ষত ০৪.০৩.২০২১লৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে-পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, অসম, কৰ্ণাটক পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা ৬৭০.৪৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয়ৰ পৰিমাণ আছিল ৫৮৩.৩৪ লাখ মেট্ৰিক টন, যিটো চলিত বৰ্ষত ১৪.৫২% অধিক৷ চলিত বৰ্ষৰ ৬৬৯.৫৯লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ২০২.৮২ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ৩০.২৯%৷

চলিত বৰ্ষৰ ধান ক্ৰয়ৰ জৰিয়তে ইতিমধ্যে ৯৭.৯০ লাখ কৃষকে ১,২৬,৫৮০.৫১ কোটি টকা এছএছপি হাৰত লাভ কৰিবলৈ সক্ষম হৈছে৷

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০-২১ খাৰিফ বিপণন বৰ্ষ আৰু ৰবি বিপণন বৰ্ষ, ২০২১ত মূল্য সমৰ্থন আঁচনি(পিএছএছ)ৰ অধীনত ৯৪৩৯.২৪ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়া হৈছে৷ বাকী ৰাজ্যসমূহেও এই অনুমোদনৰ ভিত্তিতে এমএছপি হাৰত মাহজাতীয় শস্য, তৈলবীজ আৰু নাৰিকল ক্ৰয়ৰ কৰিব পাৰিব৷

০৪.০৩.২০২১লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ৩,১০,২৬৪.৯৩ মেট্ৰিক টন মগু, মাটি মাহ, বাদাম আৰু ছয়াবিন এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে চলিত খাৰিফ আৰু ৰবি বৰ্ষত তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১,৬৮,৩১১গৰাকী কৃষকে ১,৬৭০.৮৩ কোটি টকা লাভ কৰিছে৷

সেইদৰে, ০৪.০৩.২০২১লৈকে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ৫,০৮৯ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৩,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷

.

২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা আৰু কৰ্ণাটকৰ পৰা ০৪.০৩.২০২১লৈকে মুঠ ৯১,৮০,৪১২ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰা হৈছে৷ ইয়াৰ ফলত সংশ্লিষ্ট ৰা্জ্যসমূহৰ ১৮,৯৭,০০২গৰাকী কৃষকে ২৬,৭১৬.৩১ কোটি টকা লাভ কৰিছে৷  

 

**********

DJN/MS/DB



(Release ID: 1702840) Visitor Counter : 120