বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

অসমৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ৰপ্টানী কৰিব খোজা ‘ৰঙা চাউল’ৰ প্ৰথমটো খেপৰ পতাকা জোকাৰি যাত্ৰাৰম্ভ ঘোষণা

Posted On: 04 MAR 2021 6:35PM by PIB Guwahati

ভাৰতীয় চাউলৰ ৰপ্টানী সম্ভাৱনীয়তাক অধিক উত্সাহিত কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিবলগীয়া ‘ৰঙা চাউল’ৰ প্ৰথমটো খেপৰ পতাকা জোকাৰি আজি যাত্ৰাৰম্ভ যোষণা কৰা হয়। আইৰণ-সমৃদ্ধ এই ৰঙা চাউল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কোনো ধৰণৰ ৰসায়নিক সাৰ আদি প্ৰয়োগ নকৰাকৈ উত্পাদন কৰা হৈছে। অসমীয়া খাদ্য সম্ভাৰৰ অভিন্ন অংগ স্বৰূপ এইবিধ চাউল ‘বাওধান’ৰ পৰা উত্পাদন কৰা হৈছে। 

ৰপ্টানী কৰা ‘ৰঙা চাউল’ৰ যোগনীয়াৰ প্ৰতিষ্ঠান হৈছে দেশৰ অগ্ৰণী ৰপ্টানীকৰোতা প্ৰতিষ্ঠান ‘এলটি ফুডছ’। হাৰিয়াণাৰ সোণেপটত ‘এপিইডিএ’-ৰ অধ্যক্ষ ড০ এম অংগমুথুয়ে পতাকা জোকাৰি চাউল খিনিৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। ‘ৰঙা চাউল’ৰ ৰপ্টানী বাঢ়িলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৃষকসকলৰ আয় বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে।

প্ৰমূল্য-শৃংখলৰ বিভিন্ন পক্ষৰ সহযোগিতাৰে ‘এপিইডিএ’-ই ভাৰতীয় চাউলৰ ৰপ্টানীৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্যোগ গ্ৰহণ কৰি আহিছে। ইফালে, চৰকাৰেও ‘এপিইডিএ’-ৰ তত্বাৱধানত ‘ৰাইচ এক্সপৰ্ট প্ৰমোশ্যন ফোৰাম’(আৰইপিএফ) স্থাপন কৰিছে। এই মঞ্চত চাউল উদ্যোগ, ৰপ্টানীকৰোতাসকলৰ উপৰি ‘এপিইডিএ’-ৰ বিষয়ববীয়া, বাণিজ্য মন্ত্ৰালয় আৰু পশ্চিম বংগ, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়াণা, তেলেংগাণা, অন্ধ্ৰ প্ৰদেশ, অসম, চত্তিশগড় আৰু ওড়িশাৰ কৃষি বিভাগৰ সঞ্চালকসকলৰ প্ৰতিনিধিবৰ্গক অন্তৰ্ভুক্ত কৰা হৈছে।

২০২০-২১ৰ এপ্ৰিলৰ পৰা জানুৱাৰী মাহৰ মাজৰ সময়ছোৱাত ‘অনা-বাচমতী’ চাউলৰ ৰপ্টানীৰ হাৰ আশাপ্ৰদভাবে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। ২০২০-২১ৰ এপ্ৰিলৰ পৰা জানুৱাৰী মাহৰ মাজৰ এই সময়ছোৱাত ২৬,০৫৮কোটি টকা(৩৫০৬ মিলিয়ন মাৰ্কিন ডলাৰ) পৰিমানৰ ‘অনা-বাচমতী’ চাউলৰ ৰপ্টানী কৰা হয়। উল্লেখ্য যে ২০২০বৰ্ষৰ এই একেছোৱা সময়ত ‘অনা-বাচমতী’ চাউল ৰপ্টানীৰে আহৰণ কৰা ধনৰ পৰিমান আছিল ১১,৫৪৩কোটি টকা(১৬২৭ মিলিয়ন মাৰ্কিন ডলাৰ)। টকা আৰু ডলাৰৰ হিচাপত ‘অনা-বাচমতী’ চাউলৰ ৰপ্টানী বৃদ্ধিৰ হাৰ হ’ল ক্ৰমে ১২৫% আৰু ১১৫%।

 

ক’ভিড-১৯ মহামাৰীয়ে পৃথিৱী জুৰি সংকটৰ সৃষ্টি কৰা সময়ত বিভিন্ন সা-সামগ্ৰীৰ যোগানৰ হাৰৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ মুহূৰ্ততো চাউলৰ ৰপ্টানীৰ হাৰ বৃদ্ধি হোৱা কথাই বিশেষ তাত্পৰ্য বহণ কৰিছে। দৰাচলতে, ক’ভিডৰ বাবে ল’বলগীয়া যাৱতীয় সতৰ্কতা গ্ৰহণ কৰি চৰকাৰে সময়োচিত পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততে চাউলৰ ৰপ্টানীয়ে ইতিবাচক ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি ভবাৰ থল আছে। ‘ক’ভিড-১৯য়ে সৃষ্টি কৰা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ল’বলগীয়া সকলোবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চাউলৰ ৰপ্টানী যাতে বাধাগ্ৰস্থ নহয় তাৰ প্ৰতিও বিশেষ নজৰ ৰখা হৈছিল’ বুলি মন্তব্য কৰে ‘এপিইডিএ’-ৰ অধ্যক্ষ এম অংগমুথুয়ে।

 

************

YB/SS/KB



(Release ID: 1702625) Visitor Counter : 196


Read this release in: Urdu , English , Hindi