গৃহ মন্ত্ৰালয়

অসমৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠা সমাৰোহত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ

মহামৃত্যুঞ্জয় মন্দিৰৰ ১২৬ ফুট ওখ বিশ্বৰ সৰ্বোচ্চ শিৱলিংগৰ প্ৰতিষ্ঠা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ পাই ধন্য হৈছো, আজি শ্ৰী ভৃগুগিৰি জী মহাৰাজৰ সংকল্প পূৰ্ণ হ’ল

মই দেশৰ প্ৰতিজন লোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছো

শ্ৰী অমিত শ্বাহে লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাও দৰ্শন কৰে

এই পৱিত্ৰ স্থানলৈ আহিবলৈ পাই কৃতাৰ্থ হৈছো

এই পৱিত্ৰ ভূমিৰ পৰাই শ্ৰীমন্ত শংকৰদেৱে নতুন বৈষ্ণৱ ধাৰাৰ সূচনা কৰিছিল আৰু বৈষ্ণৱ পৰম্পৰাক স্পন্দনশীল কৰি তুলিছিল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে উন্নয়নৰ এটা নতুন আৰম্ভণি হৈছে

উত্তৰ-পূবৰ গৌৰৱ পুনৰ উদ্ধাৰৰ বাবে শ্ৰী মোদীয়ে বহু লক্ষ্যণীয় কাম কৰিছে, যিসমূহ পূৰ্বতে ভিন্ন ধৰণৰ বিদ্ৰোহৰ বাবে কুখ্যাত আছিল, এতিয়া উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে

নৰেন্দ্ৰ মোদীৰ চৰকাৰে ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানেৰে অসমক সন্মান জনালে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত শান্তি স্থাপন কৰিবলৈ প্ৰয়াস কৰিছে যিয়ে অসমৰ মৰ্যাদা, সংস্কৃতি, ভাষা, সাহিত্য আৰু সংগীতক সমৃদ্ধকৰণৰ অৰ্থে পথ প্ৰশ

Posted On: 25 FEB 2021 7:29PM by PIB Guwahati

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে অসমৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠা সমাৰোহত উপস্থিত থাকে। শ্ৰী শ্বাহে কয় যে মহামৃত্যুঞ্জয় মন্দিৰৰ ১২৬ ফুট ওখ বিশ্বৰ সৰ্বোচ্চ শিৱলিংগৰ প্ৰতিষ্ঠা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ পাই ধন্য হৈছো। আজি শ্ৰী ভৃগুগিৰি জী মহাৰাজৰ সংকল্প পূৰ্ণ হল। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে তেওঁ দেশৰ প্ৰতিজন লোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছে। শ্ৰী অমিত শ্বাহে লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাও দৰ্শন কৰে।

এই উপলক্ষে বৰদোৱাত এক ৰাজহুৱা সভা সম্বোধন কৰি, শ্ৰী শ্বাহে কয় যে এই পৱিত্ৰ স্থানলৈ আহিবলৈ পোৱাটো তেওঁৰ বাবে পৰম সৌভাগ্যৰ কথা। এই পৱিত্ৰ ভূমিৰ পৰাই শ্ৰীমন্ত শংকৰদেৱে নতুন বৈষ্ণৱ ধাৰাৰ সূচনা কৰিছিল আৰু বৈষ্ণৱ পৰম্পৰাক স্পন্দনশীল কৰি তুলিছিল। ইয়াৰপৰাই শ্ৰী শংকৰদেৱে অসমক এক নতুন আধ্যাত্মিক সংস্কৃতি প্ৰদানৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু শ্ৰী মাধৱদেৱে ইয়াক আগুৱাই নিছিল। শ্ৰী অমিত শ্বাহে কয় যে দুয়োজন মহাপুৰুষৰ আশীৰ্বাদ ল’বলৈকে তেওঁ ইয়ালৈ আহিছে যাৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱৰ ধাৰণা আৰু ভক্তি আন্দোলনক কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতলৈ কঢ়িয়াই লৈ যাব পৰা যাব। ভক্তি আন্দোলনৰ আৰম্ভ কৰাৰ ওপৰিও, শ্ৰীমন্ত শংকৰদেৱে ভাৰতৰ একতাৰ অৰ্থে বহু পদক্ষেপ গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ এটি বাণীৰ উদ্ধৃতি দি, শ্ৰী শ্বাহে কয়, "আপুনি জীৱনৰ অনেক সময়ত পুণ্য কৰিব পাৰে আৰু সকলোবোৰ পুণ্য একগোট হ’লে, কেৱল তেনে আত্মাইহে ভাৰতৰ এই পৱিত্ৰ ভূমিত জন্ম গ্ৰহণৰ সুযোগ লাভ কৰে।" এই বাণীয়ে ভাৰতৰে থকা শ্ৰী শংকৰদেৱৰ সংপৃক্ততা মূৰ্ত কৰি তোলে। শ্ৰী অমিত শ্বাহে তদুপৰি কয় যে স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৈছিল যে "৫০০ বছৰ পূৰ্বে অসমত শংকৰদেৱে জন্ম গ্ৰহণ কৰিছিল, যাৰ বাবে ৰাজ্যখন অতিশয় সৌভাগ্যৱান, যিয়ে অসমৰ জনসাধাৰণক ৰাম ৰাজ্যৰ ধাৰণাটো পুনৰুজ্জীৱিত কৰাৰ আৰ্হি প্ৰদান কৰিছিল।"

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে তেওঁ এইবাবেই সুখী হৈছে কিয়নো অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, ৰাজ্যৰ বিত্তমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ স্মাৰক নিৰ্মাণ কৰিবলৈ বাজেটত ১৮০ কোটি টকা ধাৰ্য্য কৰিছে। শ্ৰী শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহে ইয়াত এটা স্মাৰক নিৰ্মাণ কৰিবলৈ একো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াত স্মাৰক নিৰ্মাণে শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্তা বিয়পোৱাত সহায় কৰিব। শ্ৰী অমিত শ্বাহে কয় যে ৫০ বছৰ পুৰণি ৮,০০০ ৰোধিক নামঘৰলৈ ২.৫০ লাখ কোটি টকাকৈ আগবঢ়াই অসম চৰকাৰখনে গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিলে আৰু অনাগত সময়ত মই এই সংখ্যা ৮,০০০ ৰপৰা ২৫,০০০ লৈ বৃদ্ধি কৰিব খুজিছো। এই ব্যৱস্থাই শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনক আগুৱাই নিব। শ্ৰী অমিত শ্বাহে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ স্মাৰক নিৰ্মাণৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে। ইয়াত স্থাপন কৰা হ’ব অতিথি শালা, কলা কেন্দ্ৰ, ক্ৰীড়া প্ৰকল্প, প্ৰেক্ষাগৃহ, ভ্ৰমণকাৰীসকলৰ বাবে আবাস, স্বাস্থ্য়সেৱা কেন্দ্ৰ, শিশুৰ বাবে খেলনা ট্ৰেইন। শ্ৰী শ্বাহে তদুপৰি কয় যে এটা বৃহৎ যোগাযোগ কেন্দ্ৰও স্থাপন কৰা হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, ভাৰত চৰকাৰখনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে উন্নয়নৰ এটা নতুন আৰম্ভণি ঘটাইছে। উত্তৰ-পূৰ্বাঞ্চল পূৰ্বতে ভিন্ন ধৰণৰ বিদ্ৰোহৰ বাবে কুখ্যাত আছিল, কিন্তু এতিয়া উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূবৰ গৌৰৱ পুনৰ উদ্ধাৰৰ বাবে শ্ৰী মোদীয়ে বহু লক্ষ্যণীয় কাম কৰিছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানেৰে অসমক সন্মান জনালে। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত শান্তি স্থাপন কৰিবলৈ প্ৰয়াস কৰিছে যিয়ে অসমৰ মৰ্যাদা, সংস্কৃতি, ভাষা, সাহিত্য আৰু সংগীতক সমৃদ্ধকৰণৰ অৰ্থে পথ প্ৰশস্ত কৰিছে। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰখনে অসমখনক উন্নয়নৰ পথত ধাৱমান কৰাৰ ওপৰিও ৰাজ্যখনক দুৰ্নীতি আৰু আন্দোলনৰপৰা মুক্ত কৰিবলৈ কাম হাতত লৈছে।

মোদী চৰকাৰৰদ্বাৰা বড়োলেণ্ড চুক্তি স্বাক্ষৰৰ প্ৰসংগৰ উদ্ধৃতিৰে, শ্ৰী অমিত শ্বাহে কয় যে ২৩ ফেব্ৰুৱাৰীত, পাঁচ সন্ত্ৰাসবাদী সংগঠনৰ ১,০০০ ৰোধিক লোকে অসম চৰকাৰক তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ জমা দিছে, ইয়াৰ পূৰ্বেও নটা এনে সংগঠনৰ ৬০০ ৰোধিকে অস্ত্ৰ-শস্ত্ৰসমূহ জমা দিছিল, এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ যুৱকসমূহ মূল সুঁতিলৈ আহে, মই তেওঁলোকক আশ্বাস প্ৰদান কৰিব খুজিছো যে মই যি কৰি আছো, দেশখনৰ ওপৰত আপোনালোকৰো তেনে অধিকাৰেই আছে। শান্তি অবিহনে উন্নয়ন বাস্তৱায়িত হব নোৱাৰে; প্ৰতিজন লোকেই নিয়োগ, স্বাস্থ্য, শিক্ষা, ঘৰ আৰু বিদ্যুৎ বিচৰাৰ পৰিপ্ৰেক্ষিতত, অস্ত্ৰ গ্ৰহণ কৰাটো সমাধান নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, মই আপোনালোক সকলোকে আশ্বাস দিব খুজিছো যে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰন্তৰ কাম কৰি আছে, সেয়ে আপোনালোকে অস্ত্ৰ হাতত লোৱাৰ আৱশ্যকতা নাই। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ বছৰৰ ভিতৰত ৩৫ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে আৰু অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ কাম কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে যোৱা ৫ টা বছৰত, অসমত ২০,০০০ কিঃমিঃ ৰোধিক পথ নিৰ্মাণ কৰা হৈছে আৰু এটা শোধনাগাৰ স্থাপনৰ অৰ্থে কাম অব্যাহত আছে। ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত ছখন দলং নিৰ্মাণ কৰা হৈছে, তৈল ক্ষেত্ৰৰ উন্নয়নৰ অৰ্থে ৪৬,০০০ কোটি টকা আগবঢ়োৱা হৈছে, গুৱাহাটীত এটা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিবলৈ আগবঢ়া হৈছে আৰু দিনচেৰেক পূৰ্বে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ লাখ লোকক ভূমি পট্টা প্ৰদান কৰিছে।

শ্ৰী শ্বাহে কয় যে যোৱা ৭০ টা বছৰত নোহোৱা কাম সাতটা বছৰত হৈ উঠিছে। অসমৰ চাহ শ্ৰমিকসকলৰ অৰ্থে ভাৰত চৰকাৰখনে ২,০০০ কোটি টকাৰ এটা পৰিকল্পনা হাতত লৈছে। তেওঁলোকৰ গৃহ নিৰ্মাণ, স্বাস্থ্য আৰু শিক্ষাক লৈ কেতবোৰ সমস্যা আছিল। গুৱাহাটীত এখনি নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে, ৮৬০ কোটি টকা ব্যয় সাপেক্ষে টাটা গ্ৰুপে এখনি কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰিছে আৰু কেইবাখনো চিকিৎসালয় মুকলি কৰা হৈছে। শ্ৰী অমিত শ্বাহে কয় যে আয়ুষ্মান ভাৰত, অটল অমৃত অভিযান ইয়াত ৰূপায়ণ কৰা হৈছে আৰু কৃষকসকলৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰখনে বাজেটত অসমৰ বাবে ৫৩,০০০ কোটি টকাৰ বিশেষ ব্যৱস্থা ৰাখিছে। তেওঁ কয়, আমি অসমখন এনেদৰে গঢ়ি তুলিব বিচাৰিছো যাতে ইয়াৰ যুৱকসকলে দেশৰ কোনো স্থানলৈ নিয়োগৰ সন্ধান বিচাৰি যাবলগীয়া নহয়।

*****

NW/RK/PK/AD/DDD/SB



(Release ID: 1700989) Visitor Counter : 186


Read this release in: English , Urdu , Hindi