পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে বৈদ্যুতিক বাহনৰ বাবে থলুৱা ইন্ধন চেল গঠনৰ ক্ষেত্ৰত ঐক্যবদ্ধ হৈ প্ৰচেষ্টা চলোৱাৰ আহ্বান জনাইছে

Posted On: 11 FEB 2021 1:11PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহন, ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়েবৈদ্যুতিক বাহনৰ বাবে থলুৱা ইন্ধন চেল গঠনৰ ক্ষেত্ৰত ঐক্যবদ্ধ হৈ প্ৰচেষ্টা চলোৱাৰ আহ্বান জনাইছে। তেওঁ কয় যে এই ক্ষেত্ৰখনত ভাৰত বিশ্বৰ আগৰণুৱা দেশ হিচাপে থিয় দিছে। মন্ত্ৰীগৰাকীয়ে হাইড্ৰ’জেন-ভিত্তিক শক্তিৰ লাভ গ্ৰহণ কৰিবলৈ বিজ্ঞানী, শিক্ষাবিদ আৰু উদ্যোগপতিসকলক আহ্বান জনাইছে। কিয়নো, এই শক্তি দেশত সুলভ মূল্য আৰু সহজতে উপলব্ধ। ভাৰতত সৌৰ শক্তিৰ ব্যয় ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ কথাও তেওঁ ইংগিত দিয়ে।

চৰকাৰী সংস্থা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে কালি সন্ধিয়া এখন বৈঠকৰ অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে লি-আইঅ’ন বেটাৰীৰ প্ৰায় ৮১শতাংশ উপাদান স্থানীয়ভাৱে উপলব্ধ আৰু কম ব্যয়ত মূল্য সংযোজনেৰে দেশত বৃহৎ পৰিসৰত কৰ্মসংস্থাপন সৃষ্টিৰ সুযোগ আছে।

মন্ত্ৰীগৰাকীয়ে কয় যে চীনৰ দৰে দেশে লিথিয়াম-আইঅ’ন বেটাৰীৰ ক্ষেত্ৰখনত দপদপাই থাকিলেও এই ক্ষেত্ৰখনত ভাৰতৰ এক বৃহৎ সম্ভাৱনা আছে। শ্ৰী গাডকাৰীয়ে অ’টোমোবাইল উদ্যোগৰ ক্ৰমবৰ্ধিত গতিৰ কথা উল্লেখ কৰি কয় যে এই উদ্যোগৰ বৰ্তমান টাৰ্ণঅ’ভাৰ হ’ল ৪.৫ লাখ কোটি আৰু অতি শীঘ্ৰে ১০লাখ কোটি স্পৰ্শ কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী প্ৰজন্মৰ বেটাৰীয়ে ভাৰতত কেৱল বাহনৰ প্ৰদূষণ হ্ৰাস কৰাই নহয়, ভাৰতক বৈদ্যুতিক বাহনৰ এক গোলকীয় যোগানকাৰী হিচাপেও গঢ়ি তুলিব।

নীতি আয়োগৰ চিইঅ’ শ্ৰী অমিতাভ কাণ্টে জানিবলৈ দিয়ে যে এলুমিনিয়াম-আইঅ’ন বেটাৰীক লৈ গৱেষণা কৰিবলৈ গুৱাহাটী আৰু দিল্লীকে ধৰি চাৰিখন আইআইটিৰ সৈতে নীতি আয়োগে সহযোগিতা স্থাপন কৰিছে।

*************

BN/MS/MS



(Release ID: 1697319) Visitor Counter : 126