গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন ছিজন ২০২০-২১ৰ সময়ছোৱাত এমএছপি অভিযান

১০০৯০৩.০০ কোটি টকা মূল্যৰ এমএছপিৰ ফলত ৭১.১৩ লাখ ধান খেতিয়ক উপকৃত হৈছে

২৪১৭৭.৬৭ কোটি টকা মূল্যৰ ৮২৭১১১৬ পৰিমাণৰ কপাঁহৰ গাঁঠি ক্ৰয় কৰা হৈছে, ইয়াৰ ফলত ১৬০২১২৭গৰাকী কৃষক উপকৃত হৈছে

Posted On: 11 JAN 2021 6:10PM by PIB Guwahati

চলিত খাৰিফ বিপণন ছিজন ২০২০-২১ত চৰকাৰে ইয়াৰ পূৰ্বৰ এমএছপি আঁচনি অনুসৰি যোৱা বছৰৰ দৰে কৃষকৰ পৰা খাৰিফ শস্য ক্ৰয় অব্যাহত ৰাখিছে।

খাৰিফ ২০২০-২১ৰ বাবে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগণা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু-কাশ্মীৰ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, চত্তীশগড়, মধ্য প্ৰদেশ, বিহাৰ, উৰিষ্যা, কেৰালা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, অসম, কৰ্ণাটক আৰু পশ্চিমবংগৰ দৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ধান ক্ৰয় পূৰ্ণগতিত চলি আছে। ১০ জানুৱাৰী,২০২১ পৰ্যন্ত ৫৩৪.৪৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। যোৱা বছৰ এই পৰিমাণ আছিল ৪২৩.৩৫ লাখ মেট্ৰিক টন। এয়া হল যোৱা বছৰৰ তুলনাত ২৬.২৪ শতাংশ অধিক। মুঠ ৫৩৪.৪৪ লাখ মেট্ৰিক টন ক্ৰয়ৰ পঞ্জাৱে অকলে ২০২.৭৭ লাখ মেট্ৰিক টনৰ অৰিহণা আগবঢ়াইছে। মুঠ ক্ৰয়ৰ ই হল ৭.৯৪ শতাংশ। ইয়াৰ ফলত ইতিমধ্যে ৭১.১৩ লাখ কৃষক উপকৃত হৈছে। এই ক্ৰয়ৰ এমএছপি মূল্য হল ১০০৯০৩.০০ কোটি।

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ৫১.৬৬ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে। মূল্য সমৰ্থন আঁচনি(পিএছএছ)ৰ অধীনত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগনা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে এই সামগ্ৰী ক্ৰয় কৰা হব। একেদৰে, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ বাবে ১.২৩ লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে।

১০ জানুৱাৰী,২০২১ পৰ্যন্ত চৰকাৰে নোডেল এজেন্সীৰ জৰিয়তে ২৮৬৯৮৩.৭৯ মেট্ৰিক টন মগু, উড়দ,  মাটিমাহ, চিনাবাদাম আৰু চয়াবিন ক্ৰয় কৰিছে। ইয়াৰ এমএছপি মূল্য হল ১৫৩৫.৩৫ কোটি। ই তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ১৫২৭৬৯গৰাকী কৃষকক উপকৃত কৰিছে।

একেদৰে, ৫২.৪০ কোটিৰ এমএছপি মূল্যৰ ৫০৮৯ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য)সংগ্ৰহ কৰিছে। ই ১০ জানুৱাৰী পৰ্যন্ত কৰ্ণাটক আৰু তামিলনাডুৰ ৩৯৬১গৰাকী কৃষকক উপকৃত কৰিছে। যোৱা বছৰ এই ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিক টনৰ কঁপাহ।

পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগণা, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা আৰু কৰ্ণাটকত এমএছপিৰ অধীনত কঁপাহৰ বীজ সংগ্ৰহ অভিযান নিৰন্তৰভাৱে অব্যাহত আছে। ১০ জানুৱাৰী,২০২১ পৰ্যন্ত ২৪১৭৭.৬৭ কোটি টকা মূল্যৰ ৮২৭১১১৬ কঁপাহৰ মুঠি ক্ৰয় কৰা হৈছে। ইয়াৰদ্বাৰা ১৬০২১২৭ গৰাকী কৃষক উপকৃত হৈছে।

****

APS/MS



(Release ID: 1688097) Visitor Counter : 115