যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষাঃ যুৱ পৰিক্ৰমা বিভাগ

ক’ভিড সম্পৰ্কীয় কাম-কাজৰ জৰিয়তে ৬.৪৭ কোটি নাগৰিকৰ কাষত থিয় দিলে এনৱাইকেএছ আৰু এনএছএছ স্বেচ্ছাসেৱকে
পোষণ অভিযানৰ অধীনত নেহৰু যুৱ কেন্দ্ৰৰ দ্বাৰা ১লাখতকৈ অধিক পুষ্টি সম্পৰ্কীয় কাম-কাজ হাতত লোৱা হৈছে
এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সন্দৰ্ভত বিগত ০৭মাহত ৬৭খন ৱেবিনাৰ আয়োজন কৰিছে এনৱাইকেএছ/এনএছএছে

সংবিধান দিৱস উপলক্ষে সংবিধানৰ মুল্যবোধ সন্দৰ্ভত ৱেবিনাৰ—আলোচনা-চক্ৰত ৮১,৪৭৩খন গাঁৱৰ ৪.২৭লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে

লাখ লাখ যুৱ স্বেচ্ছাসেৱকে ফিট ইণ্ডিয়া অভিযানৰ অধীনত দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে

Posted On: 08 JAN 2021 10:34AM by PIB Guwahati

২০২০ বৰ্ষত যুৱ পৰিক্ৰমা বিভাগৰ কেতবোৰ উল্লেখযোগ্য কাম-কাজ নিম্নোলিখিত ধৰণৰ-

জন আন্দোলনঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সঠিক আচৰণ পালনৰ সন্দৰ্ভত সজাগতা আৰু শিক্ষা

’ভিডৰ সময়ত জ্যেষ্ঠ আৰু দিব্যাংগসকলৰ তত্বাৱধানঃ

’ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণে উপযুক্ত আচৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এনৱাইকেএছ আৰু এনএছএছে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত আচৰণ পালনৰ সন্দৰ্ভত সজাগতা আৰু শিক্ষা দিয়া হয়৷ বিগত ৭-৮ মাহত প্ৰচাৰিত প্ৰধানমন্ত্ৰীৰ মন কী বাতত এনৱাইকেএছ আৰু এনএছএছ ভূমিকা সন্দৰ্ভত প্ৰশংসা কৰিছে৷ এনৱাইকেএছ আৰু এনএছএছৰ স্বেচ্ছাসেৱকসকলে সফলতাৰে ৬.৪৭ কোটি নাগৰিকক ঘৰতে মাস্ক প্ৰস্তুতৰ কাম আৰু ইয়াৰ ব্যৱহাৰ, সামাজিক দুৰত্ব মানি চলা, হাত ধোঁৱা, স্বচ্ছতা বজাই ৰখা, অপপ্ৰচাৰ আৰু ভুল ধাৰণাৰ বিৰুদ্ধে থিয় দিয়া, ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ আয়ুষৰ পদ্ধতিসমূহ, ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে জনসাধাৰণক উৎসাহিত কৰা আৰু আৰোগ্য এপ ব্যৱহাৰ কৰা ইত্যাদি কামবোৰ কৰিছে৷

এই কামবোৰৰ সবিশেষ এনেধৰণৰঃ

  • ২.১৯ কোটি লোকক আৰোগ্য এপ ডাউনলোডৰ বাবে উৎসাহ যোগোৱা
  • ৬১.৩৫লাখ স্বেচ্ছাসেৱকক covidwarriors.gov.inত পঞ্জীয়ন কৰা
  • ১.৪৬ কোটি নাগৰিকক ঘৰতে মাস্ক প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়া
  • ২২.৭৮ লাখ জ্যেষ্ঠ ব্যক্তিক ক’ভিড-১৯ৰ পৰা সুৰক্ষিত কৰি ৰখা
  • এই সময়ছোৱাত ৭.৩৯ লাখ দিব্যাংগৰ তত্বাৱধান লোৱা
  • ১৯লাখ স্বেচ্ছাসেৱকক ক’ভিড-১৯ৰ সময়ত যোগ কৰা
  • ৬২লাখতকৈ অধিক স্বেচ্ছাসেৱকক আইগট/এমঅ’এইচএফডব্লিউ/হু/এনচিডিচিৰ প্ৰশিক্ষণ দিয়া আদি৷

 

ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰ্চুৱেলী ৰাষ্ট্ৰীয় সেৱা আঁচনি(এনএছএছ)ৰ বঁটা প্ৰদান

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ২০২০ৰ ২৪ ছেপ্টেম্বৰত ২০১৮-১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বঁটাসমূহৰ প্ৰদান কৰে৷ এই বৰ্ষত তিনিটা শাখাৰ ৪২গৰাকী স্বেচ্ছাসেৱকক বঁটা প্ৰদান কৰা হয়৷

সংবিধান দিৱস উদযাপন নেহৰু যুৱ কেন্দ্ৰ সংস্থানৰ

যুৱ পৰিক্ৰমা বিভাগৰ নেহৰু যুৱ কেন্দ্ৰ সংস্থানে(এনৱাইকেএছ) ভাৰতীয় সংবিধানৰ মৌলিক দিশ আৰু মুল্যবোধ, মৌলিক কৰ্তব্য, ড০ বি.আৰ. আম্বেদকাৰৰ জীৱন আৰু কৰ্মৰ প্ৰচাৰৰ লক্ষ্যৰে ২০২০ৰ ২৬ ডিচেম্বৰত সংবিধান দিৱস পালন কৰে৷ সংবিধান দিৱস উপলক্ষে সংবিধানৰ মুল্যবোধ সন্দৰ্ভত ৱেবিনাৰ—আলোচনা-চক্ৰত ৮১,৪৭৩খন গাঁৱৰ ৪.২৭লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ লগত সংগতি ৰাখি চিত্ৰাংকন, কুঁইজ আৰু ৰক্তদানকে ধৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়৷ এই সামগ্ৰিক কাৰ্যসূচীত ৩৫.৬১লাখ নাগৰিকে অংশগ্ৰহণ কৰে৷

ফিট ইণ্ডিয়া অভিযান

এনৱাইকেএছে যুৱক-যুৱতী আৰু গাঁওবাসীক স্বাস্থ্যৰ প্ৰতি সজাগ কৰি তোলাৰ লক্ষ্যৰে প্ৰতিদিনে অন্ততঃ আধা ঘণ্টাকৈ ব্যায়াম কৰিবলৈ প্ৰোৎসাহিত কৰে৷ সেই হিচাপে ২০২০ৰ ১৫ আগষ্টত ফিট ইণ্ডিয়া আন্দোলনৰ য়ুথ ক্লাব পঞ্জীয়নৰ কাম শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ ৯৬,৭৯০খন গাঁৱৰ ২১,৮০,৭০০গৰাকী যুৱক-যুৱতীয়ে এই কাৰ্যসূচী উপভোগ কৰে৷ ফিট ইণ্ডিয়া অভিযানৰ www.fitindia.gov.in ৱেবছাইটত মুঠ ৪৯,৬৩৫টা ক্লাব পঞ্জীয়ন হৈছে৷ তদুপৰি, ১৫ আগষ্ট, ২০২০ত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণৰো আয়োজন কৰে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ২৪ ছেপ্টেম্বৰত ফিট ইণ্ডিয়াৰ বৰ্ষপূৰ্তি উপলক্ষে ফিট ইণ্ডিয়া ডায়লগ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ফিটনেট বিশেষজ্ঞ আৰু দেশৰ প্ৰভাৱশালী ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ ৯.১১লাখ লোকে এই অনুষ্ঠানত যোগ দিয়ে৷ তেওঁ এই উপলক্ষে ফিট ইণ্ডিয়া এজ এপ্ৰ’প্ৰিয়েট ফিটনেছ প্ৰট’কলৰ শুভাৰম্ভ কৰে৷

নিউ ইণ্ডিয়া ফিট ইণ্ডিয়া শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰি ফিটনেচৰ সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবে জিলা নেহৰু যুৱ কেন্দ্ৰসমূহে ৫১,৫৮৮টা প্ৰভাত ফেৰী উলিয়ায়৷

২০২০ৰ ৭ৰ পৰা ৩১ ডিচেম্বৰলৈকে জিলা নেহৰু যুৱ কেন্দ্ৰসমূহে ফিট ইণ্ডিয়াৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্যৰে ২৫,৬৯০ চাইক্লথনৰ আয়োজন কৰে৷ ইয়াত ১১.৫৬লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে, য’ত ৬৭.০৫ কিলোমিটাৰ দুৰত্ব সামৰি লোৱা হয়৷

পোষণ অভিযান

নেহৰু যুৱ কেন্দ্ৰৰ অধীনত পোষণ অভিযানত ১লাখতকৈ অধিক পোষণ সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰা হয়৷ ২০২০ৰ ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই পোষণ মাহ উপলক্ষে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ১,০৪,৪২১টা কাম-কাজ হাতত লৈছে৷ এই কাৰ্যসূচীসমূহত ৫১,০২,৯১২গৰাকী যুৱক-যুৱতী আৰু গঞাই অংশগ্ৰহণ কৰে৷ অপুষ্টি ৰোধৰ ক্ষেত্ৰত পুষ্টি বিশেষজ্ঞৰ অংশগ্ৰহণেৰে ১,১২৫খন ৱেবিনাৰ আয়োজন কৰি উন্নত অনুশীলন আৰু সফল কাহিনীৰ সম্পৰ্কে আলোচনা আৰু দিহা-পৰামৰ্শ দিয়া হয়৷

এনএছএছ, এচিচি, এনৱাইকেএছ স্বেচ্ছাসেৱক আৰু উন্নত ভাৰত অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বহু ৱেবিনাৰ আয়োজন কৰা হৈছে৷ এনৱাইকেএছে শিক্ষাৰ্থী, অভিভাৱক, গাঁও পঞ্চায়ত আৰু সমূদায়ৰ মাজত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ভিডিঅ’ আদি হোৱাটএপ আৰু ৱেবিনাৰৰ জৰিয়তে প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সংগঠনৰ অধীনত ৩,৯০ কোটি নাগৰিকক ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ সন্দৰ্ভত সজাগ কৰি তোলা হয়৷

ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ আৰু আৱৰ্জনামুক্ত ভাৰত অভিযানৰ শুভাৰম্ভঃ ২০২০ৰ ৮ আগষ্টত ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত এনৱাইকেএছৰ বহু বিষয়াই অংশগ্ৰহণ কৰে৷ এই উপলক্ষে সপ্তাহজোৰা আৱৰ্জনামুক্ত ভাৰত অভিযান কাৰ্যসূচীৰো হাতত লোৱা হয়৷ ইয়াৰ অধীনত এবাৰ ব্যৱহৃত প্লাষ্টিৰ ৰোধ, ৰাজহুৱা চৌহদ পৰিস্কৰণ, ৱাল পেইণ্টিং, শ্ৰমদান আৰু বৃক্ষৰোপণ, অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা, স্বচ্ছ আৰু অনাময় কাৰ্যসূচী, শৌচালয় নিৰ্মাণ আৰু মেৰামতি আদি কাম-কাজ হাতত লোৱা হয়৷ মুঠ ৩.৪১লাখ কাৰ্যসূচীত ৯৫.১৩ লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷

ভাৰ্চুৱেলী ২০২০-২১ বৰ্ষৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী ৰূপায়ণঃ যুৱ পৰিক্ৰমা বিভাগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে৷ বিগত ৭মাহত এনৱাইকেএছ/এনএছএছে ৬৭খন ৱেবিনাৰ আয়োজন কৰে, য’ত ১.৫০লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰে ২খন ৱেবিনাৰত ইতিহাস, জনসাধাৰণ, খাদ্যভাস, সংস্কৃতি আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থান, পৰ্যটকৰ আকৰ্ষণস্থলী, ভাষা শিক্ষণ ইত্যাদি বিষয়ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৪,৩৯৮গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷

নমামি গংগা কাৰ্যসূচীত জড়িত হৈ এনৱাইকেএছে গংগাৰ পাৰৰ ২৯খন জিলা আৰু ৪খন ৰাজ্যত ইয়াৰ পৰিস্কৰণ আৰু অনাময়ৰ সজাগতা বৃদ্ধিৰ কাম কৰিছে৷

এই উপলক্ষে ১৮ৰ পৰা ২০ নৱেম্বৰ, ২০২০লৈকে জিলা প্ৰকল্প বিষয়া আৰু প্ৰকল্প সহায়কাৰীৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷

নমামি গংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২০২০ৰ ৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে কালান্তৰ আৰ্ট ট্ৰাষ্টৰ দ্বাৰা অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে, য’ত ১,১৪০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷

২ৰ পৰা ৪ নৱেম্বৰলৈকে ভাৰ্চুৱেৰী গংগা উৎসৱ আয়োজন কৰে৷ ইয়াৰে ১,৬৩৫টা কাৰ্যসূচীত য’ত ৩৯,৬৭৬গৰাকী লোকে অংশগ্ৰহণ কৰে৷

৬-৭ অক্টোবৰ, ২০২০ত নদী আৰু জৈৱ-বৈচিত্ৰসম্পৰ্কীয় দিশত অনলাইন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ আয়োজন কৰে৷

২০২০ৰ ডিচেম্বৰ মাহত এই প্ৰকল্পৰ অধীনত ৩.২৮টা গছপুলি ৰোপণ কৰাৰ লগতে ২,৫৬৯টা সজাগতা কাৰ্যসূচী আৰু ১,৪৫৬টা চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

শ্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসমূহক এনৱাকেএছ, এনএছএছ স্বেচ্ছাসেৱকসকলৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ২০২০ৰ ১৪ জুলাইত এক বৈঠকত মিলিত হৈ ক’ভিড-১৯ৰ পাছত ক্ৰীড়া ক্ষেত্ৰক পুনৰুজ্জীৱিতকৰণৰ বাবে এনৱাইকেএছ আৰু এনএছএছ স্বেচ্ছাসেৱকসকলৰ জৰিয়তে ৰাজ্যিক ভিত্তিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰে৷

 

*****

NB/OA/DB



(Release ID: 1687396) Visitor Counter : 307