পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

দেশ জুৰি অব্যাহত মানুহ-বন্যপ্ৰাণীৰ সংঘাত প্ৰবন্ধনৰ বাবে যুগুতোৱা বিধি-নিৰ্দেশনাৱলীলৈ চৰকাৰৰ অনুমোদন

Posted On: 06 JAN 2021 7:06PM by PIB Guwahati

ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ স্থায়ী সমিতি(এছচি-এনবিডব্লিউএল)ৰ যোৱা ৫ জানুৱাৰীত অনুষ্ঠিত ৬০ সংখ্যক সভাই দেশ জুৰি অব্যাহত মানুহ-বন্যপ্ৰাণীৰ সংঘাত(এইচডব্লিউচি) প্ৰবন্ধনৰ বাবে যুগুতোৱা বিধি-নিৰ্দেশনাৱলীলৈ অনুমোদন জনায়। মানুহৰ সৈতে হোৱা বন্যপ্ৰাণীৰ সংঘাতৰ দৰে পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত লবলগীয়া পদক্ষেপ, আন্তঃবিভাগীয় সমন্বয় সাধন তথা প্ৰভাৱশালী কৰ্ম তত্পৰতা সন্দৰ্ভত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহলৈ এই বিধি-নিৰ্দেশনাৱলীত পৰামৰ্শ আগবঢ়োৱা হৈছে।

পৰামৰ্শাৱলীয়ে ১৯৭২ চনৰ বন্যপ্ৰাণী(সংৰক্ষণ)আইনৰ ১১(১)নং দফাৰ () উপধাৰাৰ আধাৰত সমস্যা সৃষ্টিকাৰী বন্যজন্তুৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ গাঁও পঞ্চায়তসমূহক ক্ষমতা প্ৰদানৰ দিহা কৰিছে। এইচডব্লিউচি-ৰ বাবে হোৱা শস্যৰ ক্ষতি পূৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই আগবঢ়োৱা সুবিধা গ্ৰহণ কৰাৰ লগতে বনাঞ্চলৰ সীমাৰ ভিতৰত সাৰ আৰু পানীৰ উত্সৰ উন্নয়ণ সাধন দৰে ব্যৱস্থাক এইচডব্লিউচি-ৰ হাৰ প্ৰশমণৰ প্ৰধান পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। ভুক্তভোগী/পৰিয়াললৈ ঘটনা ঘটাৰ ২৪ ঘণ্টাৰ ভিতৰতে এককালীন সাহায্যৰ এটা অংশ অন্তৰ্ৱৰ্তিকালীন সকাহ হিচাপে মোকলাই দিয়াৰ বাবেও দিহা আগবঢ়োৱা হৈছে।

পৰামৰ্শাৱলীত স্থানীয়/ৰাজ্যিক পৰ্যায়ত আন্তঃবিভাগীয় সমিতি গঠন, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা গ্ৰহণ, বাধা-প্ৰদানকাৰী ব্যৱস্থাৰ দিহা কৰা, মাচুল-ৰহিত তথা ২৪x৭ হিচাপত ব্যৱহাৰ কৰিব পৰা হটলাইন নম্বৰসহ চক্ৰ-ভিত্তিক উচৰ্গিত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা, বিপদৰ অধিক সম্ভাৱনা থকা স্থানৰ চিনাক্তকৰণ তথা গোঁহালিতে পালিত পশুৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা ৰূপায়ণৰ দৰে ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে।

সভাত গ্ৰহণ কৰা অন্যান্য গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত ৰাজস্থান আৰু গুজৰাটৰ কেতবোৰ ঠাইত দেখিবলৈ পোৱা কলা কাণ থকা বন-বোন্দা জাতীয় কাৰাকাল নামৰ প্ৰাণীবিধক শোচনীয়ভাবে বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী হিচাপে তালিকা ভুক্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে পৰিচালিত আঁচনিৰ পুঁজিৰ আধাৰত সংৰক্ষণৰ দিহা কৰাৰ বিষয়টোকো স্থান দিয়া হৈছে। উল্লেখ্য যে, আজিৰ তাৰিখত শোচনীয় ভাবে বিলুপ্তপ্ৰায় প্ৰাণীৰ তালিকাত ২২বিধ বন্যপ্ৰাণীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এইসমূহ প্ৰাণীৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

স্মৰ্তব্য যে, বন্যপ্ৰাণী(সংৰক্ষণ)আইন, ১৯৭২ৰ ৫-() দফাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ড (এনবিডব্লিউএল) গঠন কৰিছিল।

 

******

GK/KB



(Release ID: 1686689) Visitor Counter : 321