বিত্ত মন্ত্ৰালয়

‘জুলাইৰ পৰা ছেপ্টেম্বৰ, ২০২০’লৈ যুগুতোৱা ৰাজহুৱা ঋণ প্ৰবন্ধন সম্পৰ্কীয় ত্ৰিমাসিক প্ৰতিবেদন

Posted On: 31 DEC 2020 11:31AM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ বাজেট ডিভি়জনৰাজহুৱা ঋণ প্ৰবন্ধন কোষ(আগৰ মিডল অফিচ)য়ে ২০১০-১১ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰিমাসিকৰ পৰা ঋণ প্ৰবন্ধন সম্পৰ্কীয় এক প্ৰতিবেদন নিয়মীয়া ভাবে প্ৰকাশিত কৰিবলৈ লয়। সম্প্ৰতি প্ৰকাশিত প্ৰতিবেদনখন জুলাই-ছেপ্টেম্বৰ ২০২০(বিত্তীয় বৰ্ষ ২১ৰ দ্বিতীয় ত্ৰিমাসিক)ত্ৰিমাসিকৰ।

বিত্তীয় বৰ্ষ ২১ৰ দ্বিতীয় ত্ৰিমাসিকত চৰকাৰী ডেটেড ইছ্যুৰ প্ৰতিভূতি একত্ৰীকৰণৰ পৰিমাণ হৈছে ৪,২০,০০০ কোটি টকা। বিত্তীয় বৰ্ষ ২০ৰ দ্বিতীয় ত্ৰিমাসিকত এই পৰিমাণ আছিল ১,৭২,১৬০ কোটি টকা। বিত্তীয় বৰ্ষ ২১ৰ দ্বিতীয় ত্ৰিমাসিকত প্ৰাথমিক ৱেইটেড এভাৰেজ য়েল্ড-ৰ হাৰ বিত্তীয় বৰ্ষ ২১ৰ প্ৰথম ত্ৰিমাসিকৰ ৫.৮৫শতাংশৰ তুলনাত সামান্য প্ৰশমিত হৈ ৫.৮০শতাংশ হয়হি। ইফালে, বিত্তীয় বৰ্ষ ২১ৰ দ্বিতীয় ত্ৰিমাসিকত ডেটেড প্ৰতিভূতিৰ নতুন ইছ্যুৱেইটেড এভাৰেজ মেছুইৰিটী বিত্তীয় বৰ্ষ ২১ৰ প্ৰথম ত্ৰিমাসিকৰ ১৪.৬১বছৰৰ তুলনাত ১৪ ১৪.৯২বছৰৰ নিম্ন বুলি তথ্য উপলব্ধ হৈছে।

তদৰ্থ তথ্য অনুসৰি চৰকাৰৰ মুঠ দেনা(ৰাজহুৱা হিচাপৰ অধীনৰ দেনাকে ধৰি)ৰ পৰিমাণ ২০২০চনৰ জুনৰ শেহৰ ১০১,৩৫,৬০০ কোটি টকাৰ পৰা ছেপ্টেম্বৰৰ শেষত ১০৭,০৪,২৯৪ কোটি টকালৈ বৃদ্ধি পায়।  ইফালে ২০২০চনৰ ছেপ্টেম্বৰৰ শেষত ৰাজহুৱা ঋণৰ পৰিমাণ মুঠ দেনাৰ ৯১.১ শতাংশ বুলি ঠাৱৰ কৰা হৈছে।

Click link below to view Public Debt Management Quarterly Report- July- September 2020

https://dea.gov.in/sites/default/files/Quarterly%20Report%20on%20Public%20Debt%20Management%20for%20the%20Quarter%20Jul%20-%20Sep%202020.pdf

*****

RM/KMN/KB



(Release ID: 1685251) Visitor Counter : 143