কৃষি মন্ত্ৰালয়

সকলো ফচলৰ বাবে এমএছপি ৪০-৭০% বৃদ্ধি চৰকাৰৰ

আইনসমূহে আমাৰ কৃষকসকলৰ বাবে কেইবা তৰপীয়া সুৰক্ষা আগবঢ়াই তেওঁলোকক আইনী সুৰক্ষাকৱচ প্ৰদান কৰিছেঃ হৰদ্বীপ সিং পুৰী

ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক একত্ৰিত কৰিবলৈ চৰকাৰে ১০,০০০ এফপিঅ’ গঠন কৰিছে

Posted On: 30 DEC 2020 7:00PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে চৰকাৰখনে এমএছপি উৎপাদন ব্যয়ৰ ১.৫ গুণ বৃদ্ধি কৰিবলৈ স্বামীনাথন কমিটিৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰাই নহয় বৰঞ্চ সকলো ফচলৰ বাবে এমএছপি ৪০-৭০% বৃদ্ধি কৰিছে আৰু ২০০৯-১৪ ৰ তুলনাত ২০১৪-১৯ ত এমএছপিত ক্ৰয়ৰ ব্যয় ৮৫% বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে পূৰ্বৰ বছৰসমূহৰ তুলনাত কৃষি বিভাগটোৰ বাজেট ছয় গুণ বৃদ্ধি পাইছে। শ্ৰী পুৰীয়ে অৱগত কৰে যে এমএছপি হৈছে এটা প্ৰশাসনীয় ব্যৱস্থা আৰু লগতে কয় যে আইনসমূহে বিশেষকৈ আমাৰ কৃষকসকললৈ কেইবা তৰপীয়া সুৰক্ষা আগবঢ়াইছে, কৰ্প’ৰেটৰ যিকোনো অপ্ৰত্যাশিত দাবী প্ৰতিহত কৰিবলৈ তেওঁলোকক আইনী সুৰক্ষাকৱচ প্ৰদান কৰিছে। তেওঁ তদুপৰি কয় যে আইনসমূহৰ সন্দৰ্ভত চৰকাৰখনে স্পষ্টভাৱে কৈছে যে আমাৰ কৃষকসকলৰ ভূমিৰ এনে অধিগ্ৰহণ বা লিজিঙত কোনো কাৰণতে অনুমতি প্ৰদান কৰা নহয়। তেওঁ কয় যে আমাৰ কৃষকসকলেই হৈছে ভূমি, মাটি আৰু বননিৰ গৰাকী আৰু ভূমি তেওঁলোকৰ বাবে প্ৰকৃতপক্ষে মাতৃৰ দৰে। ইয়াৰ যতনৰ বাবে তেওঁলোকে তেওঁলোকৰ জীৱন, তেজ আৰু ঘাম সমৰ্পণ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰখনে কাকোকেই তেওঁলোকৰপৰা ভূমি অধিগ্ৰহণ কৰাৰ অনুমতি প্ৰদান নকৰে।

শ্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে আমূল সমবায়ৰ সফলতাই এই কথাকে প্ৰতীয়মান কৰিছে যে এটা খণ্ডত ক্ষুদ্ৰ পৰিসৰৰ উৎপাদক ব্যৱস্থা সত্বেও, এটা ইৰ্ষণীয় সফলতাৰ কাহিনী ৰচিবলৈ জনসাধাৰণ একত্ৰিত হ’ব পাৰে। তেওঁ লগতে কয় যে আজি, আমূলে কেৱল গাখীৰেই উৎপাদন নকৰে, বৰঞ্চ বিশ্বজুৰি ৰপ্তানি কৰা সংসাধনীয় খাদ্যৰপৰা অধিক ৰাজহ আহে। এই সংস্কাৰসমূহৰ জৰিয়তে আমি আমাৰ কৃষকসকলৰ অৰ্থে এনে সফলতাৰ কাহিনী ৰচনা কৰিব খুজিছো। তেওঁ তদুপৰি কয় যে চৰকাৰে ১০,০০০ কৃষক উৎপাদক সংস্থা গঠন কৰিছে যিয়ে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক একত্ৰিত কৰিছে আৰু তেওঁলোকক সামাজিক মূলধন, তথ্য লাভৰ সুবিধা প্ৰদান কৰিছে।

শ্ৰী পুৰীয়ে অৱগত কৰে যে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰপৰা বংগলৈ উদ্বোধন কৰা ১০০ সংখ্যক কিষাণ ৰেলত কৃষকসকলে শীতল শৃংখল ডবাত তেওঁলোকৰ ৫০-১০০ কিঃগ্ৰাঃ উৎপাদিত পণ্য প্ৰেৰণ কৰিব পাৰিছে। তেওঁ লগতে কয় যে ১ লাখ কোটি টকাৰ কৃষি-আন্তঃগাঁথনি পুঁজি সৃষ্টিৰ জৰিয়তে ৱেৰহাউছ, শীতল ভাণ্ডাৰ, চৰ্টিং, গ্ৰেডিং আৰু পেকেজিং ইউনিট, গ্ৰাম্য বিপণন প্লেটফৰ্ম, ই-মাৰ্কেটিং ইউনিট ইত্যাদিৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি স্পেচ নিৰ্মাণৰ অৰ্থে মূলধন লাভৰ পথ প্ৰশস্ত কৰি তুলিছে। কিষাণ সন্মান নিধি (ইয়াৰ অধীনত ইতিমধ্যেই ১,১০,০০০ কোটি টকা প্ৰদান কৰা হৈছে) এ আমাৰ কৃষকসকলক আৰু তেওঁলোকৰ মৰ্য্যাদা সুৰক্ষিত কৰাৰ প্ৰসংগসমূহত সহায় কৰিছে, যিয়ে আমাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ বেদনা লাঘৱ কৰিছে। তেওঁ তদুপৰি কয় যে ফচল বীমা ব্যৱস্থাৰ অধীনত, প্ৰধান মন্ত্ৰী কিষাণ ফচল বীমা যোজনাই কৃষকসকলক ১৭,৪৫০ কোটি টকাৰ প্ৰিমিয়ামৰ বিপৰীতে বীমা হিচাপে ৮৭,০০০ কোটি টকা প্ৰদান কৰিছে।

শ্ৰী পুৰীয়ে কয় যে ৰাষ্ট্ৰীয় খাদ্য উৎপাদনৰ প্ৰায় ৩০% আহে পঞ্জাৱ আৰু হাৰিয়ানাৰপৰা আৰু এই ৰাজ্যকেইখনৰপৰা আমাৰ এমএছপি ক্ৰয়ৰ প্ৰায় ৭০% আহৰণ কৰা হয়। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকে ২০১৮ ত কৰা এটা অধ্যয়নত দেখা যায় যে সকলো কৃষি প্ৰধান গৃহস্থীৰ ৫২.৫ শতাংশ আছিল ঋণী, গড় ঋণ আছিল $১,৪৭০। তেওঁ লগতে কয় যে বিনষ্টযোগ্য পণ্যৰ সুৰক্ষাৰ অৰ্থে প্ৰয়োজনীয় যথোপযুক্ত শীতল শৃংখল আন্তঃগাঁথনিৰ অভাৱৰ বাবে উৎপাদিত ফচলৰ ৩০% নষ্ট হৈ আহিছিল। তদুপৰি, বহু মধ্যভোগীৰ বাবে কৃষি খণ্ডটো অতিশয় খণ্ডিত হৈ থাকে, যি প্ৰায় বৃহৎ ব্যৱধান হৈ ৰয়। তেওঁ তদুপৰি কয় যে আমাৰ কঠোৰ-পৰিশ্ৰমী কৃষকসকলে আমাৰ কৃষি প্ৰধান ৰাজ্যসমূহক বিশ্বখনৰ শস্যাগাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। তেওঁ দোহাৰে যে কৃষি সংস্কাৰ আইনসমূহে কৃষকসকলক সহায়, তত্ত্বাৱধান আৰু আত্মনিৰ্ভৰ কৰি তুলিবলৈ সঠিক বাতাবৰণ সৃষ্টি প্ৰশস্ত কৰি তুলিব।

***

APS/SB



(Release ID: 1685003) Visitor Counter : 106