মহাকাশ দপ্তৰ
বহিৰ্বিশ্বৰ শান্তিপূৰ্ণ ব্যৱহাৰ সন্দৰ্ভত ভাৰত আৰু ভূটানৰ মাজত সম্পাদিত সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তিলৈ কেবনেটৰ অনুমোদন
Posted On:
30 DEC 2020 3:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবনেটৰ সভাই বহিৰ্বিশ্বৰ শান্তিপূৰ্ণ ব্যৱহাৰ সন্দৰ্ভত ভাৰত গণৰাজ্য আৰু ভূটান ৰাজকীয় চৰকাৰৰ মাজত ১৯ নৱেম্বৰ ২০২০ত বাংগালোৰ/থিম্ফুত স্বাক্ষৰিত আৰু বিনিময়ৰে সম্পাদন কৰা সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তিখনলৈ অনুমোদন জনায়।
চুক্তিখনৰ জৰিয়তে ভাৰত আৰু ভূটানে পৃথিৱীৰ সুদূৰ-সংবেদনশীলতা, কৃত্ৰিম উপগ্ৰহৰ যোগাযোগ আৰু কৃত্ৰিম উপগ্ৰহ ভিত্তিক দিক-দৰ্শন, মহাকাশ বিজ্ঞান, গ্ৰহৰ অনুসন্ধান, মহাকাশযানৰ ব্যৱহাৰ আৰু মহাকাশ পদ্ধতি আৰু ভূ-তল পদ্ধতি তথা মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব।
চুক্তিখনৰ জৰিয়তে সময় সীমা নিৰ্দ্ধাৰণকে ধৰি পৰৱৰ্তি কৰ্ম পৰিকল্পনা যুগুতোৱাৰ বাবে ডিঅএছ/ইছৰো আৰু ভূটান চৰকাৰৰ তথ্য আৰু যোগাযোগ মন্ত্ৰালয়ৰ সদস্যৰে যুটীয়া কৰ্ম গোট গঠন সুযোগ প্ৰদান কৰিব।
******
DS/KB
(Release ID: 1684989)
Visitor Counter : 133
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam