আয়ুষ

ঔষধি উদ্ভিদৰ বাবে কনচ’ৰ্টিয়া মুকলি নেশ্যনেল মেডিচিনেল প্লেন্টছ ব’ৰ্ডৰ

Posted On: 28 DEC 2020 5:42PM by PIB Guwahati

আয়ুস মন্ত্ৰালয়ৰ নেশ্যনেল মেডিচিনেল প্লেন্টছ ব’ৰ্ড (NMPB) এ ঔষধি উদ্ভিদৰ যোগান শৃংখল আৰু মূল্য শৃংখলত পক্ষসমূহৰ মাজত যোগাযোগৰ আৱশ্যকতা অনুধাৱন কৰিছে।

এনএমপিবি কনচ’ৰ্টিয়াই মানক ৰোপণ উপাদান, গৱেষণা ও উন্নয়ন, কৃষিকাৰ্য্য, ঔষধি উদ্ভিদ/বজাৰ সংযোগৰ বাণিজ্য ইত্যাদিত মোকাবিলা/অনুধাৱন (সীমাবদ্ধ নহয়) কৰিব।

কৃষক আৰু প্ৰস্তুতকৰ্তাসকলৰ মাজত এটা সংযোগ প্ৰতিষ্ঠাৰ অৰ্থে, ‘চীড টু চেল্ফ’ প্ৰচেষ্টা প্ৰৱৰ্তন কৰা হৈছে, যাৰ জৰিয়তে, মানক ৰোপণ উপাদান (QPM), উত্তম কৃষি পন্থা (GAP’s), উত্তম শস্য চপোৱাৰ পৰৱৰ্তী পন্থা (GPHP’s) সম্পৰ্কীয় প্ৰত্যাশাৰাজি পূৰণ কৰা হ’ব।

প্ৰথম পৰ্যায়ৰ এনএমপিবি কনচ’ৰ্টিয়াত সামৰি লোৱা ঔষধি উদ্ভিদৰ প্ৰজাতিসমূহ হৈছে - অশ্বগন্ধা (উইথেনিয়া চমনিফেৰা), পিপ্পলি (পাইপাৰ লংগাম), অনলা (ফাইল্লেনথাছ এমব্লিকা), গুগ্গুলু (কম্মিফৰা ৱাইগট্টি), সাতাবৰী (অচপৰাগাছ ৰেচিমচাছ)।

এনএমপিবিৰ ৱেবচাইটত এনএমপিবি কনচ’ৰ্টিয়াৰ অৰ্থে পঞ্জীয়নৰ লিংক উপলব্ধ য’ত, যোগ্য সংস্থাসমূহ যথাঃ কৃষক/এফপিঅ’/এফপিচি/কিউপিএম কেন্দ্ৰ/চীড বেংক/নাৰ্ছাৰী/এছএইচজি/এনজিঅ’/ব্যৱসায়ী/প্ৰস্তুতকৰ্তা/ৰপ্তানিকাৰী/ফাৰ্মা/গৱেষণা প্ৰতিষ্ঠান/কৃষি বিশ্ববিদ্যালয়সমূহে কনচ’ৰ্টিয়াৰ অংশ হ’বলৈ পঞ্জীয়ন কৰিব পাৰে।

***

MV/SK/SB



(Release ID: 1684301) Visitor Counter : 201