গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘খাৰিফ বিপণন ঋতু ২০২০-২১’ৰ সময়ছোৱাত ‘এমএছপি’-ৰ অভিযান

‘খাৰিফ বিপণন ঋতু ২০২০-২১’ত চলোৱা অভিযানত ৭৮,৪২৩.১৭ কোটি টকাৰ ‘এমএছপি’-ৰে উপকৃত হয় ৪৮.৯৬ লাখ কৃষক

Posted On: 21 DEC 2020 5:49PM by PIB Guwahati

বিগত বৰ্ষসমূহৰ দৰেই এইবেলিৰ খাৰিফ বিপণন ঋতু ২০২০-২১তো চৰকাৰে ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ দৰত কৃষকৰ পৰা ফচল সংগ্ৰহৰ পৰম্পৰা অব্যাহত ৰাখিছে।

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত এমএছপি-ৰ আধাৰত পাঞ্জাৱ, হাৰিয়াণা, উত্তৰ প্ৰদেশ, তেলেংগাণা, উত্তৰাখণ্ড, তামিল নাডু, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ আৰু কেৰালা, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু ঝাৰখণ্ড আদি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ধান সংগ্ৰহৰ কাম সুকলমে অব্যাহত আছে। তথ্য মতে, ২০-১২-২০২০ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৪১৫.৩৭ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এই পৰিমাণ বিগত বৰ্ষৰ এই একেছোৱা সময়ৰ ৩৪১.৬৮ লাখ মেট্ৰক টনৰ তুলনাত ২১.৫৬% হাৰে অধিক আছিল। প্ৰণিধানযোগ্য যে মুঠ সংগ্ৰহ ৪১৫.৩৭ লাখ মেট্ৰিক টনৰ ভিতৰত ৰাজ্যখনৰ সংগ্ৰহ ঋতুৰ সামৰণি দিন ৩০-১১-২০২০ পৰ্যন্ত কেৱল পাঞ্জাৱৰ পৰাই সংগ্ৰহ কৰা হৈছিল ২০২.৭৭ লাখ মেট্ৰিক টন ধান। এই পৰিমাণ দেশৰ মুঠ সংগ্ৰহৰ ৪৮.৮১% আছিল

1.JPG

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত সম্পন্ন হোৱা এমএছপি অভিযানত ৭৮,৪২৩.১৭ কোটি টকা পৰিমাণৰ এমএছপি আদায়ৰে ইতিমধ্যে প্ৰায় ৪৮.৯৬ লাখ কৃষক উপকৃত হৈছে।

2.JPG

ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত মূল্য সমৰ্থিত আঁচনি(পিএছএছ)ৰ অধীনত তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগাণা, গুজৰাট, হাৰিয়াণা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে খাৰিফ বিপণন ঋতুৰ বাবে ৫১.০০ লাখ মেট্ৰিক টন মাহ আৰু তৈল বীজ ক্ৰয় অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ উপৰি অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন পৰিমাণৰ শুকান নাৰিকল সংগ্ৰহৰো অনুমোদন প্ৰদান কৰা হয়। অন্যান্য ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত মূল্য সমৰ্থিত আঁচনি(পিএছএছ)ৰ অধীনত মাহ, তৈল বীজ আৰু নাৰিকল সংগ্ৰহৰ বাবেও অনুমোদন প্ৰদান কৰা হব।

তদুপৰি, চৰকাৰে ইয়াৰ ডেল এজেন্সীসমূহৰ জৰিয়তে ২০-১২-২০২০ পৰ্যন্ত ২,০৪,৫২৯.২০ মেট্ৰিক টন পৰিমাণৰ মগু আৰু মাটিমাহ, বদামৰ গুটি আৰু ছয়াবীন ক্ৰয় কৰে। মূলতঃ তামিল নাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়াণা আৰু ৰাজস্থানৰ ১,১২,০৭৭ গৰাকী কৃষকৰ পৰা সংগ্ৰহ কৰা এইখিনি শস্য সামগ্ৰীৰ এমএছপিৰ পৰিমাণ আছিল ১,০৯৬.১৩ কোটি টকা।

সেইদৰে, ২০-১২-২০২০ পৰ্যন্ত কৰ্ণাটক আৰু তামিল নাডুৰ ৩৯৬১গৰাকী কৃষকৰ পৰা সংগ্ৰহ কৰা ৫০৮৯ মেট্ৰিক টন শুকান নাৰিকলৰ এমএছপিল ৫২.৪০ কোটি টকা। বিগত বৰ্ষৰ এই একেছোৱা সময়ত হোৱা সংগ্ৰহৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিক টন। প্ৰণিধানযোগ্য যে, সৰহ সংখ্যক উত্পাদক ৰাজ্যত শুকান নাৰিকল আৰু মাটিমাহৰ দৰ এমএছপি-তকৈ অধিক দৰত নিৰ্দ্ধাৰিত হোৱা পৰিলক্ষিত হৈছে। সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে খাৰিফ শস্য-মাহ, তৈল বীজ আদি বজাৰলৈ অহাৰ ওপৰত ভিত্তি কৰি ফচল সংগ্ৰহৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

3.JPG

এমএছপি-ৰ ভিত্তিত পাঞ্জাৱ, হাৰিয়াণা, ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগাণা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু কৰ্ণাটক আদিৰ পৰা কপাহ সংগ্ৰহৰ কামো সুচাৰুৰূপে অব্যাহত আছে। ২০-১২-২০২০ পৰ্যন্ত ১৭,০৯০.৫৮ কোটি টকা মূল্যৰ ৫৮,৩৫,০৪০ বেল পৰিমাণৰ কপাহ সংগ্ৰহ কৰা হৈছে। এই সংগ্ৰহে ১১,২৫,৮৫৭ গৰাকী কৃষকক উপকৃত কৰিছে।

4.JPG

****

APS/KB



(Release ID: 1682565) Visitor Counter : 134