কৃষি মন্ত্ৰালয়
২০২০-২১ খাৰিফ বিপণন বৰ্ষত এমএছপি কাৰ্যকলাপ
১০,১৪৫.৪৯ কোটি টকা মূল্যৰ ৩৪,৫৪,৪২৯ বেল কঁপাহ ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৬,৮৯,৫১০গৰাকী কৃষক উপকৃত হৈছে
Posted On:
04 DEC 2020 5:34PM by PIB Guwahati
২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ)ত চৰকাৰে কৃষকসকলৰ পৰা এমএছপি আঁচনিৰ অধীনত ন্যুনতম সমৰ্থিত মূল্যত খাৰিফ শস্য ক্ৰয়ৰ কাম অব্যাহত ৰাখিছে৷
২০২০-২১ খাৰিফ বিপণন বৰ্ষত ০৩.১২.২০২০লৈকে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, কেৰালা, মধ্যপ্ৰদেশ, বিহাৰ আৰু মহাৰাষ্ট্ৰৰ পৰা ৩২৯.৮৬ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয়ৰ পৰিমাণ আছিল ২৭৫.৯৮ লাখ মেট্ৰিক টন, যিটো চলিত বৰ্ষত ১৯.৫২% অধিক৷ চলিত বৰ্ষৰ ৩২৯.৮৬লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ২০২.৭৭ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে, যিটো মুঠ ধান ক্ৰয়ৰ ৬১.৪৭%৷

এতিয়ালৈকে প্ৰায় ৩১.৭৮ লাখ কৃষকে চলিত খাৰিফ বিপণন বৰ্ষত প্ৰতি মেট্ৰিকটনত এমএছপি হাৰত ৬২,২৭৮.৬১ কোটি টকা লাভ কৰিছে৷

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০-২১ খাৰিফ বিপণন বৰ্ষত ৪৫.২৪ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে অনুমোদন দিয়া হৈছে৷ বাকী ৰাজ্যসমূহেও এই অনুমোদনৰ ভিত্তিতে এমএছপি হাৰত মাহজাতীয় শস্য, তৈলবীজ আৰু নাৰিকল ক্ৰয়ৰ কৰিব পাৰিব৷
০৩.১২.২০২০লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ১,২০,৬২৬.২২ মেট্ৰিক টন মগু, মাটি মাহ, বাদাম আৰু ছয়াবিন এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানৰ ৬৮,৯৭৮গৰাকী কৃষকে ৬৪৯.৫০ কোটি টকা লাভ কৰিছে৷
সেইদৰে, ০৩.১২.২০২০লৈকে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ৫,০৮৯ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৩,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷ বিগত বৰ্ষৰ এই সময়ছোৱাত নাৰিকল ক্ৰয়ৰ পৰিমাণ আছিল ২৯৩.৩৪ মেট্ৰিকটন৷ নাৰিকল আৰু মাটি মাহৰ দাইলৰ বাবে অধিকাংশ মুখ্য উৎপাদক ৰাজ্যই এমএছপি বা ততোধিক দৰত ধন লাভ কৰিছে৷ নিৰ্ধাৰিত দৰত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে দাইল আৰু তৈলবীজ ক্ৰয় কাৰ্য নিৰ্ধাৰিত তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা কৰা হৈছে৷

২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা আৰু কৰ্ণাটকৰ পৰা ০৩.১২.২০২০লৈকে মুঠ ৩৪,৫৪,৪২৯ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰা হৈছে৷ ইয়াৰ ফলত সংশ্লিষ্ট ৰা্জ্যসমূহৰ ৬,৮৯,৫১০গৰাকী কৃষকে ১০,১৪৫.৪৯ কোটি টকা লাভ কৰিছে৷

*****
APS
(Release ID: 1678463)