উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ভাৰতত নিযুক্ত ফৰাচী ৰাষ্ট্ৰদূত ইমানুৱেল লেনিনে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিংক, উত্তৰ-পূৰ্বাঞ্চলৰ সাম্ভাব্য প্ৰকল্পবোৰ সন্দৰ্ভত আলোচনা

Posted On: 20 NOV 2020 1:30PM by PIB Guwahati

ভাৰতত নিযুক্ত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনিনে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (স্বতন্ত্ৰ) আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় দপ্তৰ, ৰাজহুৱা অভিযোগ, পেন্সন, পাৰমাণৱিক শক্তি তথা মহাকাশ দপ্তৰৰ স্বতন্ত্ৰ মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিংক সাক্ষাৎ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ উন্নয়নত সাম্ভাব্য প্ৰকল্পবোৰৰ ভুমিকাক লৈ বিশদ আলোচনা কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে চলিত বছৰৰ আৰম্ভণিতে কেন্দ্ৰশাসিত অঞ্চল কাশ্মীৰ উপত্যাকাত ৰাষ্ট্ৰদূতসকলৰ পৰিদৰ্শনকাৰী দলৰ সদস্য হিচাপে তেওঁৰ পৰিদৰ্শনৰ কথাও স্মৰণ কৰে।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ সমান্তৰালকৈ জম্মু কাশ্মীৰৰ পৰ্যটন আৰু অন্যান্য সম্ভাৱনাৰ বিষয়ে ফ্ৰান্স চৰকাৰৰ সহযোগিতাৰ কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেলে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0011BPG.jpg

কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিং-এ ফ্ৰান্সৰ ৰাষ্ট্ৰদূতক সবিস্তাৰে জনায় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত যৌথ উদ্যোগেৰে যথেষ্ট প্ৰকল্প গ্ৰহণ কৰা হৈছে। এই বিষয়ে তেওঁ  ইজৰাইলৰ সহযোগিতাৰে মিজোৰামত উৎকৰ্ষ সাধন কেন্দ্ৰ হিচাপে গঢ়ি উঠা ছাইট্ৰাছ ফুড পাৰ্কৰ উপৰিও পৰিকাঠামোগত উন্নয়নৰ ক্ষেত্ৰত জাপানী সহযোগিতাৰ কথাও উল্লেখ কৰে।

জীতেন্দ্ৰ সিং-এ লগতে জনায় যে উত্তৰ-পূৰ্বাঞ্চলত সম্ভাৱনাময় বিস্তীৰ্ণ অঞ্চল আছে য’ত পৰ্যটন, হস্তশিল্প আৰু তাঁত শিল্পৰ সমান্তৰালকৈ খাদ্য আৰু ফলৰ অনবদ্য ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব পাৰে।

কেন্দ্ৰীয় মন্ত্ৰীয়ে লগতে জনাইছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত  কেৱল বিশেষভাৱে গুৰুত্ব দিছে, সেয়াই নহয়, বৰঞ্চ লুক ইষ্ট পলিচীৰ পৰা ৰূপান্তৰিত কৰি বৰ্তমান এক্ট ইষ্ট পলিচীৰ মাধ্যমেৰে দেশৰ পূৱ সীমান্তত বিভিন্ন দেশৰ সৈতে যৌথ উদ্যোগৰ মাধ্যমেৰে সম্পৰ্ক বৃদ্ধি কৰাৰ ক্ষেত্ৰত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰসঙ্গত কেন্দ্ৰীয় মন্ত্ৰীয়ে ছিটমহল বিনিময়ৰ মাধ্যমেৰে ভাৰত-বাংলাদেশ চুক্তিৰ কথাও উল্লেখ কৰে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত হস্তক্ষেপত চূড়ান্ত কৰা হৈছিল। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীৰ উদ্যোগতেই শতিকা পুৰণি ভাৰতীয় বন আইন সংশোধন কৰি বাঁহ জাতীয় পণ্য আৰু তাৰ বাণিজ্যিকীকৰণ ব্যৱস্থা কৰা হৈছে।

********

SNC/RD



(Release ID: 1674632) Visitor Counter : 129