বিত্ত মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত দ্ৰুত, নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু সুবিধাজনক ৰাজহুৱা পৰিবহণ ব্যৱস্থা আগবঢ়াবলৈ ৫০০ নিযুত আমেৰিকান ডলাৰৰ চুক্তিত স্বাক্ষৰ ভাৰত চৰকাৰ ও এনডিবিৰ

Posted On: 19 NOV 2020 3:49PM by PIB Guwahati

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(NCR)ত দ্ৰুত, নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু সুবিধাজনক ৰাজহুৱা পৰিবহণ ব্যৱস্থা আগবঢ়াবলৈ দিল্লী-গাজিয়াবাদ-মেৰুট ৰিজিঅ’নেল ৰেপিড ট্ৰেনজিট চিষ্টেম প্ৰজেক্টৰ অৰ্থে ৫০০ নিযুত আমেৰিকান ডলাৰৰ ধাৰৰ বাবে ঋণ চুক্তিত স্বাক্ষৰ কৰিলে ভাৰত চৰকাৰ, হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়, নেশ্যনেল কেপিটেল ৰিজন ট্ৰেন্সপ’ৰ্ট কৰ্পৰেশ্যন লিমিটেড আৰু নিউ ডেভলপমেন্ট বেংক(NDB)এ।

এনচিআৰ হৈছে ভাৰতৰ মূল অৰ্থনৈতিক কেন্দ্ৰ। কিন্তু ইয়াত উপযুক্ত ৰাজহুৱা পৰিবহণ বিকল্পৰ অভাৱত, সমগ্ৰ এনচিআৰত ব্যক্তিগত বাহনৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। এনচিআৰৰ দিল্লী-গাজিয়াবাদ-মেৰুট কৰিড’ৰেদি দৈনিক ০.৬৯ নিযুত লোকে আহ-যাহ কৰে। ইয়াৰে ৬৩% লোকেই যাতায়াতৰ বাবে ব্যক্তিগত বাহন ব্যৱহাৰ কৰে। যান-জঁটৰ বাবে দিনৰ ভাগত দিল্লী আৰু উত্তৰ প্ৰদেশৰ মেৰুটৰ মাজত ভ্ৰমণ কৰিবলৈ প্ৰায় ৩ ৰপৰা ৪ ঘন্টাৰ আৱশ্যক হয়। দ্ৰুতগতিত বৃ্দ্ধি পোৱা যান-জঁটে এনচিআৰক বিশ্বখনৰে সৰ্ববৃহৎ প্ৰদূষিত অঞ্চললৈ পৰ্যবসিত কৰিছে। ২০৩০ৰ ভিতৰত, এনচিআৰ হৈ পৰিব বিশ্বৰ সৰ্বাধিক জনবসতিপূৰ্ণ নগৰীয়া অঞ্চল। যাৰ পৰিপ্ৰেক্ষিতত হাউছিং, পানী যোগান, বিদ্যুৎ আৰু পৰিবহণৰ দৰে প্ৰাথমিক আন্তঃগাঁথনিসমূহৰ চাপ বৃদ্ধি পাব।

এই চুক্তিখনিত ভাৰত চৰকাৰৰ হৈ স্বাক্ষৰ কৰে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব শ্ৰী বলদেউ পুৰুষাৰ্থই। হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ স্বাক্ষৰ কৰে শ্ৰী জনাৰ্দন প্ৰসাদে। নেশ্যনেল কেপিটেল ৰিজন ট্ৰেন্সপ’ৰ্ট কৰ্পৰেশ্যন লিমিটেডৰ হৈ স্বাক্ষৰ কৰে পৰিচালন সঞ্চালক শ্ৰী বিনয় কুমাৰ সিঙে আৰু এনডিবিৰ হৈ স্বাক্ষৰ কৰে মুখ্য অপাৰেশ্যন বিষয়া আৰু উপাধ্যক্ষ শ্ৰী জিয়ান জুয়ে।

মুঠ প্ৰকল্প ব্যয় ৩,৭৪৯ নিযুত আমেৰিকান ডলাৰ ধাৰ্য্য় কৰা হৈছে। ইয়াৰ যোগান ধৰিব এনডিবি (৫০০ নিযুত আমেৰিকান ডলাৰ), এছিয়ান ইনফ্ৰাচট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক (৫০০ নিযুত আমেৰিকান ডলাৰ), এছিয়ান ডেভলপমেন্ট বেংক (১,০৪৯ নিযুত আমেৰিকান ডলাৰ), জাপান ফাণ্ড ফৰ প্ৰভাৰ্টি ৰিডাকশ্যন (৩ নিযুত আমেৰিকান ডলাৰ) আৰু চৰকাৰী আৰু অন্যান্য উৎস (১,৭০৭ নিযুত আমেৰিকান ডলাৰ)। এনডিবিৰপৰা লাভ কৰা ৫০০ নিযুত আমেৰিকান ডলাৰৰ লোনৰ টেনৰ ২৫ বছৰ যাৰ সৈতে আছে ৮-বছৰৰ গ্ৰেচ পিৰিয়ড।

*******

RM/KMN/SB



(Release ID: 1674267) Visitor Counter : 116