বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
অক্টোবৰ, ২০২০ৰ বাবে ভাৰতত পাইকাৰী দৰৰ সূচকাংক
Posted On:
16 NOV 2020 12:04PM by PIB Guwahati
‘ঔদ্যোগিক আৰু আভ্যন্তৰীণ বাণিজ্য উত্তৰণ বিভাগ’ৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰ কাৰ্যালয়ে অক্টোবৰ, ২০২০ৰ পাইকাৰী দৰৰ বাবে (তদৰ্থ) সূচকাংক আৰু আগষ্ট, ২০২০ৰ (চূড়ান্ত) সূচকাংকৰ তথ্য প্ৰকাশ কৰিছে। প্ৰণিধানযোগ্য যে প্ৰতি মাহৰ ১৪ তাৰিখ(অথবা ইয়াৰ পৰৱৰ্তি তাৰিখ)-য়ে সংশ্লিষ্ট মাহটোৰ দুটা সপ্তাহৰ সমীক্ষাৰ আধাৰত পাইকাৰী দৰৰ তদৰ্থ সূকাংক(ডব্লিউপিআই) যুগুতোৱা হয়। পৰৱৰ্তি ১০ সপ্তাহৰ পিচত এই সূচকাংক চূড়ান্ত কৰা হয় আৰু এই সূচকাংক প্ৰকাশৰ দিহা কৰাৰ পিচত ইয়াক সংৰক্ষিত কৰা হয়।
মুদ্ৰাস্ফীতি
মাহেকীয়া ‘ডব্লিউপিআই’-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ হাৰ অক্টোবৰ ২০২০-ত ২০১৯চনৰ অক্টোবৰ মাহৰ ০.০০%ৰ বিপৰীতে ১.৪৮%(তদৰ্থ) বুলি ঠাৱৰ কৰা হৈছে।
সকলো সামগ্ৰী-গুৰুত্বপূৰ্ণ গোট
|
ওজন (%)
|
আগষ্ট-20 (চূড়ান্ত)
|
ছেপ্টেম্বৰ-20 (তদৰ্থ)
|
অক্টোবৰ-20
(তদৰ্থ)
|
|
সূচকাংক
|
মুদ্ৰাস্ফতি
|
সূচকাংক
|
মুদ্ৰাস্ফতি
|
সূচকাংক
|
মুদ্ৰাস্ফীতি
|
সকলো সামগ্ৰী
|
100.0
|
122.0
|
0.41
|
122.9
|
1.32
|
123.8
|
1.48
|
|
I প্ৰাথমিক দ্ৰব্য
|
22.6
|
146.7
|
1.88
|
150.3
|
5.10
|
152.4
|
4.74
|
|
II ইন্ধন তথা শক্তি
|
13.2
|
92.0
|
-9.09
|
91.0
|
-9.54
|
91.1
|
-10.95
|
|
III উত্পাদিত সামগ্ৰী
|
64.2
|
119.4
|
1.36
|
119.8
|
1.61
|
120.3
|
2.12
|
|
খাদ্য সূচকাংক
|
24.4
|
154.3
|
4.75
|
157.6
|
6.92
|
159.3
|
5.78
|
|
|
|
|
|
|
|
|
|
|
|
|
বিভিন্ন সামগ্ৰী গোটৰ সূচাকাংকৰ গতিশীলতাৰ ৰেহ-ৰূপ তলত উল্লেখ কৰা হ’ল:-
প্ৰাথমিক সামগ্ৰী(২২.৬২% ওজন বিশিষ্ট)
এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক ছেপ্টেম্বৰ, ২০২০ৰ ১৫০.৩(তদৰ্থ)ৰ পৰা ১.৪০% বৃদ্ধিৰে অক্টোবৰ, ২০২০ত ১৫২.৪ (তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। ছেপ্টেম্বৰ, ২০২০ৰ তুলনাত সূচকাংকৰ বৃদ্ধিৰ হাৰ খনিজ(০.৬৬%), খাদ্য সামগ্ৰী(১.৩৭%), আৰু অনা-খাদ্য শ্ৰেণীৰ সামগ্ৰী(২.৩৭%)। এই সময়ছোৱাত পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছৰ মূল্য অপৰিৱৰ্তিত থাকে।
ইন্ধন আৰু শক্তি(১৩.১৫% ওজন বিশিষ্ট)
এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক, ছেপ্টেম্বৰ, ২০২০ৰ ৯১.০(তদৰ্থ)ৰ পৰা ০.১১% বৃদ্ধিৰে অক্টোবৰ, ২০২০ত ৯১.১(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। ছেপ্টেম্বৰ, ২০২০ৰ তুলনাত অক্টোবৰ, ২০২০ত বিদ্যুতৰ মূল্য(৪.২৬%) বৃ্দ্ধি পায়। আনহাতে, ছেপ্টেম্বৰ, ২০২০ৰ তুলনাত অক্টোবৰ, ২০২০ত খনিজ তেল(-১.৯৩%) হ্ৰাস পায়। অৱশ্যে কয়লাৰ দৰ এই সময়চোৱাত অপৰিৱৰ্তিত থাকে।
উত্পাদিত সামগ্ৰী(৬৪.২৩% ওজন বিশিষ্ট)
এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক ছেপ্টেম্বৰ, ২০২০ৰ ১১৯.৮(তদৰ্থ)ৰ পৰা ০.৪২% বৃদ্ধিৰে অক্টোবৰ, ২০২০ত ১২০.৩(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। ছেপ্টেম্বৰ, ২০২০ৰ তুলনাত ২২বিধ ‘এনআইচি’-ৰ দুটা সংখ্যাৰ গোটৰ ভিতৰৰ উত্পাদিত খাদ্য সামগ্ৰী, বস্ত্ৰশিল্পজাত সামগ্ৰী, পৰিধান সামগ্ৰী, ছপা আৰু বণীবন্ধনৰে যুগুতোৱা সামগ্ৰী, ৰসায়ণ আৰু ৰসায়ণিক সামগ্ৰী, ঔষধ-পাতি, চিকিত্সা-ৰসায়ণ আৰু উদ্ভিদজাত সামগ্ৰী, ৰবৰ আৰু প্লাষ্টিকৰ সামগ্ৰী, বুনিয়াদী ধাতু, ফেব্ৰিকেটেড ধাতুৰ সামগ্ৰী, বৈদ্যুতিক উপকৰণ, যন্ত্ৰ আৰু উপকৰণ, অন্যন্য পৰিবহণ সামগ্ৰী আৰু ফাৰ্ণিচাৰকে ধৰি ১৩টা গোটৰ সূচকাংক অক্টোবৰ মাহত বৃদ্ধি হোৱাৰ বিপৰীতে শীতল পানীয়, ধঁপাতজাত সামগ্ৰী,ৰবৰ আৰু আনুষংগিক সামগ্ৰী, কাগজ আৰু কাগজৰে প্ৰস্তুত কৰা সামগ্ৰীকে ধৰি ৯টা গোটৰ সূচকাংক অৱনমিত হয়।
খাদ্য সামগ্ৰী(২৪.৩৮% ওজন বিশিষ্ট)
প্ৰাথমিক সামগ্ৰী গোটৰ খাদ্য সামগ্ৰী আৰু উত্পাদিত সামগ্ৰী গোটৰ খাদ্য সামগ্ৰীৰ মূল্য সচকাংক ছেপ্টেম্বৰ, ২০২০ৰ ১৫৭.৬(তদৰ্থ)ৰ পৰা অক্টোবৰ, ২০২০ত ১৫৯.৩(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। ‘ডব্লিউপিআই’-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ ছেপ্টেম্বৰ, ২০২০ৰ তুলনাত ৪.৯২%ৰ বিপৰীতে অক্টোবৰ, মাহত ৫.৭৮%লৈ অৱনমিত হয়।
আগষ্ট, ২০২০ৰ বাবে প্ৰকাশিত চূড়ান্ত সূচকাংক( ভিত্তি বৰ্ষ:২০১১-১২=১০০)
সকলো সামগ্ৰীৰ বাবে( ভিত্তি বৰ্ষ:২০১১-১২=১০০) প্ৰকাশিত আগষ্ট, ২০২০ৰ চূড়ান্ত পাইকাৰী দৰ সূচকাংক ১২২.০ আৰু পাইকাৰী দৰ সূচকাংকৰ আধাৰত নিৰ্ণিত মদ্ৰাস্ফীতিৰ হাৰ ০.৪১%বুলি ঠাৱৰ কৰা হৈছে।
*************
YB/KB
(Release ID: 1673340)
Visitor Counter : 260