গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘খাৰিফ বিপণন ঋতু ২০২০-২১’ত ‘এমএছপি’ অভিযান

Posted On: 30 OCT 2020 4:29PM by PIB Guwahati

বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও চৰকাৰে ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ দৰত কৃষকৰ পৰা ফচল সংগ্ৰহৰ পৰম্পৰা অব্যাহত ৰাখিছে। খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ছোৱাত এমএছপি-ৰ আধাৰত পাঞ্জাৱ, হাৰিয়াণা, উত্তৰ প্ৰদেশ, তামিল নাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ আৰু কেৰালা আৰু গুজৰাট আদি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ধান সংগ্ৰহৰ কাম সুকলমে অব্যাহত আছে। তথ্য মতে, ২৯-১০-২০২০ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তৰ ৭,৮২লাখ কৃষকৰ পৰা ১৮৮.৮৫ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এই পৰিমাণ যোৱাটো বছৰৰ এই একেছোৱা  সময়ত ক্ৰয় কৰা ১৫১.৯৪ লাখ মেট্ৰিক টনৰ তুলনাত ২৪.২৯শতাংশৰে অধিক। এই পৰ্যন্ত ক্ৰয় কৰা ১৮৮.৮৪ লাখ মেট্ৰিক টন ধানৰ ১২৯.৪৮ লাখ মেট্ৰিক টন ধানেই কেৱল পাঞ্জাৱৰ পৰা সংগ্ৰহ কৰা হৈছে। শতকৰা হিচাপত এই হাৰ ৬৮.৫৬শতাংশ।

.

খাৰিফ বিপণন ঋতুত চলা অভিযানৰ জৰিয়তে এই পৰ্যন্ত ৩৫৬৫৪.৪২ কোটি টকাৰ এমএছপি মূল্যৰে দেশৰ ১৫.৮১ লাখ কৃষক উপকৃত হৈছে।

ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত মূল্য সমৰ্থিত আঁচনি(পিএছএছ)ৰ অধীনত তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগাণা, গুজৰাট, হাৰিয়াণা, উত্তৰ প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে খাৰিফ বিপণন ঋতুত ৪৫.১০ লাখ মেট্ৰিক টন মাহ আৰু তৈল বীজ ক্ৰয় কৰাৰ অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ উপৰি অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন পৰিমাণৰ শুকান নাৰিকল সংগ্ৰহৰো অনুমোদন প্ৰদান কৰা হয়। অন্যান্য ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত মূল্য সমৰ্থিত আঁচনি(পিএছএছ)ৰ অধীনত মাহ, তৈল বীজ আৰু নাৰিকল সংগ্ৰহৰ বাবেও অনুমোদন প্ৰদান কৰা হব।

এমএছপি-ৰ ভিত্তিত দেশৰ উত্তৰ প্ৰান্তৰ পাঞ্জাৱ, হাৰিয়াণা, ৰাজস্থান আদিৰ পৰা কপাহ সংগ্ৰহৰ কাো সুচাৰুৰূপে অব্যাহত আছে। বিগত বৰ্ষৰ এই একেছোৱা সময়ত ১২৪৫ বেল কপাহ সংগ্ৰহৰ বিপৰীতে ১৮-১০-২০২০ পৰ্যন্ত ৪৬৬৯৭.৮৬ লাখ টকা মূল্যৰ ১৬৫৩৬৯ বেল পৰিমাণৰ কপাহৰ সংগ্ৰহ কৰা হৈছে।

তদুপৰি, চৰকাৰে ইয়াৰ ডেল এজেন্সীসমূহৰ জৰিয়তে ২৯-১০-২০২০ পৰ্যন্ত ৫৫৭২.৬৩ মেট্ৰিক টন পৰিমাণৰ মগু আৰু মাটিমাহ, বাদাম, ছয়াবীন ক্ৰয় কৰে। মূলতঃ তামিল নাডু, মহাৰাষ্ট্ৰ, গুজৰাট আৰু হাৰিয়াণাৰ ৩৬৯০গৰাকী কৃষকৰ পৰা সংগ্ৰহ কৰা এইখিনি সামগ্ৰীৰ এমএছপিৰ পৰিমাণ ৩২.৩০কোটি টকা। সেইদৰে, কৰ্ণাটক আৰু তামিল নাডুৰ ৩৯৬১গৰাকী কৃষকৰ পৰা সংগ্ৰহ কৰা শুকান নাৰিকলৰ এমএছপিল ৫২.৪০ কোটি টকা। প্ৰণিধানযোগ্য যে, সৰহ সংখ্যক উত্পাদক ৰাজ্যত শুকান নাৰিকল আৰু মাটিমাহৰ দৰ এমএছপি-তকৈ অধিক দৰত নিৰ্দ্ধাৰিত হোৱা পৰিলক্ষিত হৈছে। সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে খাৰিফ শস্য-মাহ, তৈল বীজ আদি বজাৰলৈ অহাৰ ওপৰত ভিত্তি কৰি ফচল সংগ্ৰহৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

এমএছপি-ৰ ভিত্তিত পাঞ্জাৱ, হাৰিয়াণা, ৰাজস্থান, মধ্য প্ৰদেশ আৰু তেলেংগাণা আদিৰ পৰা কপাহ সংগ্ৰহ অভিযানো সুচাৰুৰূপে অব্যাহত আছে। ২৯-১০-২০২০ পৰ্যন্ত ১৬০৩৫২ লাখ টকা মূল্যৰ ৫৪৮৮৯৮ বেল পৰিমাণৰ কপাহ সংগ্ৰহ কৰা হৈছে।

 

*********

 

APS



(Release ID: 1668984) Visitor Counter : 104