প্ৰতিৰক্ষা মন্ত্ৰালয়

পূব ছিকিমত ৰাষ্ট্ৰৰ বাবে বিআৰঅ’ পথ উচৰ্গা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে –এই পথে প্ৰতিৰক্ষা প্ৰস্তুতি আৰু আৰ্থ-সামাজিক উন্নয়নক উদ্গনি যোগাব

Posted On: 26 OCT 2020 10:34AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ছিকিমত ৩১০নং ৰাষ্ট্ৰীয় ঘাইপথৰ ০.০০ কিঃমিঃ ৰপৰা ১৯.৩৫০ কিঃমিঃ লৈ ১৯.৮৫ কিঃমিঃ দৈৰ্ঘ্যৰ অল্টাৰনেট এলাইনমেন্ট ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ তললৈ বহি যোৱা আৰু আন প্ৰাকৃতিক দুৰ্যোগৰ বাবে পূৰ্বৰ এলাইনমেন্টৰ বিস্তৃত ক্ষতিসাধনৰ পৰিপ্ৰেক্ষিতত, এই পথটোৱে বিশেষকৈ নাথুলা চেক্টৰ আৰু সামগ্ৰিকভাৱে সমগ্ৰ পূব ছিকিমত প্ৰতিৰক্ষা প্ৰস্তুতিত গুৰুত্বপূৰ্ণ সংযোগৰ ভূমিকা পালন কৰিব। ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ছিকিম সীমান্ত অঞ্চলৰ অধিকাংশ পথ দ্বৈত পথযুক্ত কৰি তোলাৰ বাবে সীমান্ত পথ সংস্থা (বিআৰঅ’)ৰ প্ৰশংসা কৰে৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সীমান্ত এলেকাসমূহত আন্তঃগাঁথনি উন্নয়নৰ অগ্ৰগতি সাধনাৰ্থে চৰকাৰৰ প্ৰচেষ্টাই প্ৰতিৰক্ষা প্ৰস্তুতিকে সমৃদ্ধ কৰাই নহয় বৰঞ্চ উক্ত অঞ্চলৰ আৰ্থ-সামজিক উন্নয়নৰ গতিক ত্বৰান্বিত কৰি তুলিছে। প্ৰধানমন্ত্ৰীৰ পূবলৈ চোৱা নীতিৰ সৈতে সামঞ্জস্য ৰাখি আন্তঃগাঁথনি উন্নয়নক গতি প্ৰদান কৰিবলৈ কেন্দ্ৰৰ সংকল্পৰ কথা উল্লেখ কৰি মন্ত্ৰী সিঙে উক্ত অল্টাৰনেট এলাইনমেন্টৰ ক্ষীপ্ৰ নিৰ্মাণ সম্পৰ্কে সদৰি কৰে। ২০০৯তে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পাছত বিগত দুবছৰতহে ই গতি লাভ কৰিবলৈ সক্ষম হয়।

ছিকিমৰ মুখ্যমন্ত্ৰীয়ে এই নতুন এলাইনমেন্টৰ ইতিবাচক প্ৰভাৱ সম্পৰ্কে ব্যক্ত কৰি কয় যে এই পথে ৰাজ্যখনৰ আৰ্থ-সামজিক উন্নয়নৰ সমান্তৰালভাৱে পৰ্যটনক উদ্গনি যোগাব। ৰাজ্যখনৰ অৰ্থনীতিত পৰ্যটনে মূল চালিকাশক্তিৰ ভূমিকা পালন কৰাৰ কথা উল্লেখ কৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ বাবে বিআৰঅ’ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লয়।

বিআৰঅ’য়ে বিগত কেইবা বছৰ ধৰি সা-সামগ্ৰী, যন্ত্ৰাংশ আৰু নিৰ্মাণৰ কৌশলত প্ৰযুক্তিৰ সমন্বয়ত ইয়াৰ সামৰ্থ্য লক্ষ্যণীয়ভাৱে বৃদ্ধি কৰি তুলিছে। কৌশলগত আৰু অভিযানমূলক প্ৰস্তুতিৰ অৰ্থে বিআৰঅ’ৰ উচ্চ মানবিশিষ্ট, ক্ষীপ্ৰ কাৰ্যপন্থাৰ উদাহৰণসমূহৰ অন্যতম হৈছে অটল সুৰংগ, ডিএছ-ডিবিঅ’ ৰোড আৰু ৩১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই নতুন এলাইনমেন্ট। প্ৰতিৰক্ষামন্ত্ৰীয়ে লগতে আগন্তুক দিনসমূহত এখনি আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে বিআৰঅ’য়ে বৰঙণি যোগাব পাৰিব বুলি আশা ব্যক্ত কৰে।

****

 

ABB/Nampi/Rajib/DB



(Release ID: 1667553) Visitor Counter : 103


Read this release in: Marathi , Manipuri , Tamil , Kannada