গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

২০২০-২১ খাৰিফ বিপণন বৰ্ষত এমএছপি কাৰ্যকলাপ

বিগত বৰ্ষতকৈ ধান ক্ৰয়ৰ পৰিমাণ ২৩% বৃদ্ধিৰ গতি পৰিলক্ষিত হৈছে

Posted On: 25 OCT 2020 2:45PM by PIB Guwahati

২০২০-২১ৰ খাৰিফ বিপণন বৰ্ষ (কেএমএছ) নিৰ্দিষ্ট সময়ৰ পূৰ্বেই আৰম্ভ হৈছে৷ চৰকাৰৰ দ্বাৰা এমএছপিৰ হাৰত কৃষকসকলৰ পৰা ন্যুনতম সমৰ্থিত মূল্যত ২০২০-২১ বৰ্ষৰ খাৰিফ শস্য ক্ৰয়ৰ কামো অব্যাহত আছে৷ 

২০২০-২১ খাৰিফ বিপণন বৰ্ষত ২৪.১০২০২০ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, গুজৰাট আৰু কেৰালাৰ পৰা ১৪৪.৫৯ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে৷ পূৰ্বৰ এই সময়ছোৱাত ধান ক্ৰয় পৰিমাণ আছিল ১১৭.৫৫ লাখ মেট্ৰিকটন, যিটো চলিত বৰ্ষত ২৩% অধিক৷ চলিত বৰ্ষৰ ১৪৪.৫৯লাখ মেট্ৰিকটনৰ ভিতৰত পাঞ্জাৱে অকলেই ৯৫.২০ লাখ মেট্ৰিকটন বিক্ৰী কৰিছে৷

এতিয়ালৈকে ১২.৪১লাখ কৃষকে চলিত খাৰিফ বিপণন বৰ্ষত প্ৰতি মেট্ৰিকটনত এমএছপি ১৮,৮৮০ টকা হাৰত ২৭,২৯৮.৭৭ কোটি টকা লাভ কৰিছে৷

 

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা ২০২০ খাৰিফ বিপণন বৰ্ষত ৪৫.১০ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰা হৈছে৷ ইফালে, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকল ক্ৰয় কৰাৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে৷ 

২৪.১০.২০২০লৈকে চৰকাৰে ইয়াৰ সমন্বয়ৰক্ষী এজেন্সিসমূহৰ জৰিয়তে ৮৯৪.৫৪ মেট্ৰিক টন মগু আৰু মাটি মাহ এমএছপি হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ জৰিয়তে তামিলনাডু, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ৮৭১গৰাকী কৃষকে ৬.৪৩ কোটি টকা লাভ কৰিছে৷ সেইদৰে কৰ্ণাটক আৰু তামিলনাডুৰ পৰা ৫,০৮৯ মেট্ৰিক টন ডাব নাৰিকল ক্ৰয় কৰা হৈছে, যাৰ জৰিয়তে ৩,৯৬১গৰাকী কৃষকে এমএছপি হাৰত ৫২.৪০ কোটি টকা লাভ কৰিছে৷ নাৰিকল আৰু মছুৰ দাইলৰ বাবে অধিকাংশ মুখ্য উপাদক ৰাজ্যই এমএছপি বা ততোধিক দৰত ধন লাভ কৰিছে৷  নিৰ্ধাৰিত দৰত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে দাইল আৰু তৈলবীজ ক্ৰয় কাৰ্য নিৰ্ধাৰিত তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা কৰা হৈছে৷

 

 

২০২০ৰ খাৰিফ বিপণন বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্যপ্ৰদেশত কঁপাহ ক্ৰয়ৰ কাম ১ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছে আৰু ২৪ অক্টোবৰলৈকে ভাৰতৰ কঁপাহ নিগমে মুঠ ৩,৫৩,২৫২ বেল কঁপাহ এমএছপিৰ হাৰত ক্ৰয় কৰিছে৷ ইয়াৰ ফলত ৬৮,৪১৯গৰাকী কৃষকে ১০,৪,৭৯০.১৭ লাখ টকা লাভ কৰিছে৷ 

 

 

                       ***

APS/DB



(Release ID: 1667535) Visitor Counter : 110