বিত্ত মন্ত্ৰালয়
‘নতুন চৰকাৰী ষ্টক ২০২৩’ৰ বিক্ৰীৰ বাবে নিলাম(নিৰ্গম), ‘ভাৰত চৰকাৰৰ প্ৰবহণশীল দৰৰ বণ্ড ২০৩৩’ৰ মূল্য ভিত্তিক নিলামৰ বাবে নিলাম(পুনৰ-নিৰ্গম), ‘নতুন চৰকাৰী ষ্টক ২০৩৫’ৰ বিক্ৰীৰ বাবে নিলাম(পুনৰ-নিৰ্গম) আৰু ‘নতুন চৰকাৰী ষ্টক ২০৫০’ৰ বিক্ৰীৰ বাবে নিলাম(নিৰ্গম)
Posted On:
23 OCT 2020 7:58PM by PIB Guwahati
ভাৰত চৰকাৰে ষ্টক বিক্ৰী(নিৰ্গম/পুনৰ নিৰ্গম)ৰ কথা ঘোষণা কৰি অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি (১) অধিসূচিত ৰাশি ৬,০০০ কোটি(নামমাত্ৰ)টকা পৰিমাণৰ ‘চৰকাৰী নতুন ষ্টক, ২০২৩’ৰ ‘উত্পাদন ভিত্তিক নিলাম,(২)অধিসূচিত ৰাশি ৩,০০০ কোটি(নামমাত্ৰ)টকা পৰিমাণৰ ভাৰত চৰকাৰৰ প্ৰবহণশীল দৰৰ বণ্ড, ২০৩৩ৰ মূল্য ভিত্তিক’ নিলাম, (৩)অধিসূচিত ৰাশি ৯,০০০ কোটি(নামমাত্ৰ)টকা পৰিমাণৰ ‘চৰকাৰী নতুন ষ্টক, ২০৩৫ৰ ‘উত্পাদন ভিত্তিক নিলাম’ আৰু (৪)অধিসূচিত ৰাশি ৫,০০০ কোটি(নামমাত্ৰ)টকা পৰিমাণৰ ‘চৰকাৰী নতুন ষ্টক, ২০৫’০ৰ ‘উত্পাদন ভিত্তিক নিলাম’ কৰা হ’ব। উল্লিখিত প্ৰতিভূতিসমূহৰ বিপৰীতে ভাৰত চৰকাৰৰ হাতত ২০০০ কোটি টকা পৰিমাণৰ অতিৰিক্ত অংশদানৰ বিকল্প অব্যাহত থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফ’ৰ্ট, মুম্বাইস্থিত কাৰ্যালয়ত অহা ২৯ অক্টোবৰ, ২০২০(বৃহস্পতি বাৰ)ত ‘ভিন্ন দৰ পদ্ধতি’ৰে এই নিলাম সম্পাদিত হ’ব।
চৰকাৰী প্ৰতিভূতিৰ নিলামৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ‘অ-প্ৰতিদ্বন্দ্বিতামূলক নিবিদা’ ব্যৱস্থাৰে যোগ্যতাসম্পন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বাবে বিক্ৰীৰ বাবে নিৰ্দ্ধাৰিত ষ্টকj অধিসূচিত ৰাশিৰ ৫শতাংশ পৰ্যন্ত আৱণ্টিত কৰা হ’ব।
নিলামৰ বাবে প্ৰযোজ্য ‘প্ৰতিদ্বন্দ্বিতামূলক’ অথবা ‘অ-প্ৰতিদ্বন্দ্বিতামূলক’ দুয়োবিধ নিবিদাই ‘ইলেক্ট্ৰনিক ফৰ্মেট’ত ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ ‘ক’ৰ বেংকিং ছ’লিউশ্যন’(ই-কুবাৰ) পদ্ধতিত ২৯ অক্টোবৰ ২০২০ত দাখিল কৰিব লাগিব। ‘অ-প্ৰতিদ্বন্দ্বিতামূলক নিবিদা’সমূহ দিনৰ ১০.৩০ বজাৰ পৰা ১১.০০ বজা আৰু ‘প্ৰতিদ্বন্দ্বিতামূলক নিবিদা’সমূহ দিনৰ ১০.৩০ বজাৰ পৰা ১১.৩০ বজাৰ ভিতৰত দাখিল কৰিব লাগিব।
২৯ অক্টোবৰ, ২০২০(বৃহস্পতি বাৰ)ৰ দিনাই নিলামৰ ফল ঘোষণা কৰা হ’ব আৰু সাফল্য লাভ কৰা নিবিদাকাৰীসকলে অহা ০২ নৱেম্বৰ ২০২০(সোমবাৰ)ত যাৱতীয়া দেনাসমূহ পৰিশোধ কৰিব লাগিব।
ৰিজাৰ্ভ বেংক-য়ে ‘আৰবিআই-২০১৮-১৯-২৫ তাং ২৪ জুলাই, ২০১৮’ত জাৰি কৰা আৰু সময়ে সময়ে সংশোধন কৰা ‘কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভূতি’ৰ ‘হোৱেন ইছ্যুড ট্ৰেনজেকশ্যন’ সম্পৰ্কীয় বিধি-নিৰ্দেশনাৰ আধাৰত ‘ষ্টকসমূহ’ৰ বিক্ৰী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে যোগ্য হ’ব।
****
RM/KMN/KB
(Release ID: 1667271)
Visitor Counter : 162