বিত্ত মন্ত্ৰালয়

২০১৯-২০ৰ বাবে উৎপাদনশীলতা সংযোজিত বোনাচ আৰু নন-উৎপাদনশীলতা সংযোজিত বোনাচত অনুমোদন কেবিনেটৰ

পোষ্ট কৰা হৈছে: 21 OCT 2020 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে আজি ২০১৯-২০ বর্ষৰ বাবে ১৬.৯৭ লাখ নন-গেজেটেড কর্মচাৰীক উৎপাদনশীলতা সংযোজিত বোনাচ দিবলৈ অনুমোদন জনায়। ইয়াৰ ফলত ৰে’ল, ডাক বিভাগ, প্রতিৰক্ষা, ইপিএফঅ’, ইএছআইচি ইত্যাদি প্ৰতিষ্ঠানসমূহৰ কর্মচাৰীসকল উপকৃত হ’ব। ইয়াৰ বাবে ২,৭৯১ কোটি টকা ব্যয় হ’ব।

 

নন-উৎপাদনশীলতা সংযোজিত নাইবা এড-হক বোনাচ ১৩.৭০লাখ কেন্দ্রীয় চৰকাৰৰ নন-গেজেটেড কর্মচাৰীক দিয়া হ’ব। ইয়াৰ বাবে ব্যয় হ’ব ৯৪৬ কোটি টকা।

 

সৰ্বমুঠ ৩০.৬৭ লাখ কর্মচাৰী উপকৃত হ’ব আৰু চৰকাৰৰ মুঠ ব্যয় হ’ব ৩,৭৩৭ কোটি টকা।

 

নন-গেজেটেড কর্মচাৰীসকলৰ বিগত বছৰৰ কর্ম দক্ষতাৰ ওপৰত ভিত্তি কৰি সাধাৰণতে দুর্গাপূজা/দশেৰাৰ আগেয়ে বোনাচ দিয়া হয়। চৰকাৰে ঘোষণা কৰা উৎপাদনশীলতা সংযোজিত বোনাচ আৰু নন-গেজেটেড কর্মচাৰীসকলৰ বাবে নন-উৎপাদনশীলতা সংযোজিত বোনাচ শীঘ্ৰে মোকলাই দিব।

 

 

*******

VRRK/KG


(ৰিলিজ আই ডি : 1666934) অতিথি কক্ষ : 169