বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

জেএনচিএএছআৰৰ বিজ্ঞানীসকলৰ গৱেষণাই শক্তি আৰু জৈৱ-প্ৰযুক্তি খণ্ডৰ বাবে জৈৱ-অনুপ্ৰাণিত সামগ্ৰীৰ সম্ভাৱনা মুকলি কৰিছে

Posted On: 17 OCT 2020 12:54PM by PIB Guwahati

বিজ্ঞানীসকলে এক সংশ্লেষিত সামগ্ৰী বিকশিত কৰিছে যিয়ে জটিল নেটৱৰ্ক সৃষ্টি কৰিবলৈ সৰল প্ৰাকৃতিক ডিজাইন নীতি ব্যৱহাৰ কৰি নতুন পৰিৱেশৰ সৈতে খাপ খোৱাৰ বাবে জীৱিত জীৱৰ গতিশীল ক্ষমতা অনুকৰণ কৰে। নতুন সামগ্ৰীবোৰে সামগ্ৰীবোৰে স্মাৰ্ট সামগ্ৰীৰ বাবে নতুন পথ মুকলি কৰে কাৰণ সেইবোৰৰ গতিশীল আৰু এডাপ্টিভ প্ৰকৃতিৰ বাবে। সেয়েহে সেইবোৰ শক্তি আৰু জৈৱ-প্ৰযুক্তি খণ্ডৰ বাবে ৰিচাইক্লেবল পলিমাৰ হিচাপে উপযোগী হব।

 

ৰেডক্স প্ৰক্ৰিয়াবোৰ বহুতো জৈৱিক কাৰ্যৰ কেন্দ্ৰীয়। বিকাশ, গতিশীলতা আৰু নেভিগেশ্বনৰ দৰে কোষীয় কাৰ্যবোৰ জৈৱ পলিমাৰ একত্ৰিত কৰাৰ ওপৰত নিৰ্ভৰ কৰে যাৰ গতিশীল আচৰণ ৰেডক্স প্ৰক্ৰিয়াৰ সৈতে সংযোজিত যত এনজাইম জড়িত থাকে।

 

প্ৰকৃতিয়ে তেওঁলোকৰ কামবোৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকৰ আকাৰ আৰু বিভেদ নিয়ন্ত্ৰণ কৰা এই জৈৱ পলিমাৰবোৰ সংশ্লেষণ কৰে, যাৰ অবিহনে তেওঁলোকৰ পৰিস্কাৰ আৰু কাৰ্যকৰিতা প্ৰভাৱিত হয়। গৱেষকসকলে ৰাসায়নিক প্ৰতিক্ৰিয়া নেটৱৰ্কৰ ওপৰত আধাৰিত কৰি এনে জটিল গঠনমূলক নিয়ন্ত্ৰণ অনুকৰণ কৰিবলৈ চেষ্টা কৰি আছে।

 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ(ডিএছটি)এক স্বায়ত্ত শাসিত প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড ছায়ন্স এণ্ড ৰিছাৰ্চ(জেএনচিএএছআৰ)ৰ বিজ্ঞানীসকলে এনে ৰেডস্ক-সক্ৰিয় জৈৱিক সন্নিবিষ্টবোৰৰ এক সংশ্লেষিত নকল বিকশিত কৰিছে, সঠিক গঠন আৰু গতিশীলতাৰ সৈতে যি ব্যৱহাৰ কৰিব পাৰি।

 

২০২০ চনৰ ভাটনগৰ বঁটাপ্ৰাপক অধ্যাপক ছুবী গাৰ্গে দেখুৱাইছে যে পৰিৱৰ্তনশীল সুপ্ত মনোৰেমিক অনু(পলিমাৰ মৌলিক একক) ৰেডক্স প্ৰতিক্ৰিয়া নেটৱৰ্কৰ সৈতে একত্ৰিত কৰি এনে জৈৱ-অনুপ্ৰাণিত গাঁথনি তৈয়াৰ কৰা হয়। সেইবোৰ অতি গতিশীল গুণৰ  সৈতে ছুপ্ৰাআণৱিক পলিমাৰ নামৰ এক ৰাসায়নিক সত্তা গঠন কৰে। বিশেষত্ববোৰ উদ্ভৱ হয়, কিয়নো সেইবোৰ অনা-সহযোজক বণ্ডৰ দ্বাৰা সংযোজিত, যিবোৰ হৈছে বিপৰীত কৰিব পৰা বণ্ড যি তেওঁলোকৰ শংখলবোৰ একেলগে ধৰি ৰাখে। এই গতিশীল বিশেষত্ববোৰে এই সামগ্ৰীবোৰৰ বহুতো নতুন এপ্লিকেচনৰ সম্ভাৱনা মুকলি কৰে।

 

  

 

 

 ***

NB/KGS/(DST Media Cell)/KG

 



(Release ID: 1665611) Visitor Counter : 119