বিত্ত মন্ত্ৰালয়
ৰাজস্থানৰ দ্বিতীয় পৰ্যায়ৰ চহৰসমূহৰ বিকাশৰ বাবে ভাৰত আৰু এডিবিৰ মাজত ৩০০ মিলিয়ন ডলাৰৰ ঋণৰ বাবে চুক্তি
পোষ্ট কৰা হৈছে:
12 OCT 2020 9:01PM by PIB Guwahati
ভাৰত চৰকাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে আজি ৰাজস্থানৰ ১৪খন দ্বিতীয় পৰ্যায়ৰ চহৰৰ বহনক্ষম পানী যোগান আৰু অনাময় আন্তঃগাঁথনিৰ বিকাশৰ বাবে ৩০০ মিলিয়ন ডলাৰৰ ঋণৰ বাবে চুক্তিৱদ্ধ হয়৷ স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল ফাণ্ড বেংক আৰু এডিবিৰ অতিৰিক্ত সচিব শ্ৰী সমীৰ কুমাৰ খাড়ে, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, এডিবিৰ দেশীয় সঞ্চালক টাকেঅ’ কনিশ্বি৷
শ্ৰী খাড়েয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে উক্ত চহৰসমূহৰ উন্নত মানৰ বহনক্ষম পানী যোগান আৰু অনাময় ব্যৱস্থা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷
শ্ৰী কনিশ্বিয়ে কয় যে এডিবিয়ে ৰাজস্থানত ২০০০ চনৰে পৰা বিত্তপোষিত কৰা পূৰ্বৰ নগৰ খণ্ডৰ প্ৰকল্পসমূহৰ পৰা লাভ কৰা অভিজ্ঞতাসমূহ যেনে স্মাৰ্ট প্ৰযুক্তি আৰু ব্যয় সংকোচনী প্ৰণালীসমূহ এই প্ৰকল্পত সংবদ্ধ কৰিছে৷ এই প্ৰকল্পই স্থানীয় নগৰ নিগমক সৱলীকৃত কৰি তেওঁলোকৰ আনুষ্ঠানিক ক্ষমতা শক্তিশালী কৰিব৷
*************
RM/KMN/MANN
(ৰিলিজ আই ডি : 1663922)
অতিথি কক্ষ : 161