বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

আগষ্ট, ২০২০ত আঠটা ক'ৰ উদ্যোগৰ সূচকাংক

Posted On: 30 SEP 2020 5:00PM by PIB Guwahati

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগৰ আৰ্থিক পৰামৰ্শদাতা কাৰ্যালয়ে আগষ্ট, ২০২০ৰ বাবে আঠটা ক'ৰ (core) উদ্যোগৰ সূচকাংক জাৰি কৰিছে।

 

আঠটা ক'ৰ উদ্যোগৰ সংযুক্ত সূচকাংক আগষ্টত ১১৭.৬ত থাকে য'ত আগষ্ট, ২০১৯ৰ তুলনাত ৮.৫% (অনন্তিম)ৰ অবনতি নথিভুক্ত হয়। ইয়াৰ সঞ্চয়ী বৃদ্ধিৰ হাৰ এপ্ৰিল-আগষ্ট, ২০২০-২১ৰ (-) ১৭.৮% আছিল।

 

মে'ত, ২০২০ত আঠটা ক'ৰ উদ্যোগৰ সূচকাংকৰ অন্তিম বৃদ্ধিৰ হাৰক সংশোধিত কৰি (-) ২১.৪% কৰি দিয়া হৈছে। ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ত অন্তৰ্ভুক্ত বস্তুৰ মুঠ ভাৰাংক (ৱেইটেজ)ৰ ৪০.২৭% ভাগ আঠটা ক'ৰ উদ্যোগতে নিহত হৈছে। বাৰ্ষিক-মাহিলি সূচকাংক আৰু বৃদ্ধি দৰৰ বিৱৰণ সংলগ্ন তালিকাত দিয়া হৈছে।

 

আঠটা ক'ৰ উদ্যোগৰ সূচকাংকৰ সাৰ তলত দিয়া হৈছেঃ

 

কয়লা-আগষ্ট, ২০২০ত কয়লা উৎপাদন (ভাৰাংকঃ ১০.৩৩%) আগষ্ট, ২০১৯ৰ তুলনাত ৩.৬% বাঢ়ি গ'ল। ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বৰ্ষৰ সমান সময়ৰ তুলনাত ১০.২% পতন হয়।

 

কেচা তেল-আগষ্ট, ২০২০ৰ সময়ছোৱাত কেচা তেলৰ উৎপাদন (ভাৰাংকঃ ৮.৯৮%) আগষ্ট, ২০১৯ৰ তুলনাত ৬.৩% পতন হয়। ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ৬.১% কম হয়।

 

প্ৰাকৃতিক গেছ-আগষ্ট, ২০২০ত প্ৰাকৃতিক গেছৰ উৎপাদন (ভাৰাংকঃ ৬.৮৮%) আগষ্ট, ২০১৯ৰ তুলনাত ৯.৫% পতন হয়। ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ১৩.৭% কমি যায়।

 

ৰিফাইনেৰী উৎপাদন-পেট্ৰ'লিয়াম ৰিফাইনেৰী সামগ্ৰীৰ উৎপাদন (ভাৰাংকঃ ২৮.০৪%) আগষ্ট, ২০২০ত ১৯.১% কমি যায়। একেদৰেই, ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ১৭.৫% কম হয়।

 

উৰ্বৰক-আগষ্ট, ২০২০ৰ সময়ছোৱাত উৰ্বৰক উৎপাদন (ভাৰাংকঃ ২.৬৩%) ৭.৩% বাঢ়ি গ'ল। আনহাতে, ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ৪.৬% অধিক হয়।

 

ইস্পাৎ-আগষ্ট, ২০২০ত ইস্পাতৰ উৎপাদন (ভাৰাংকঃ ১৭.৯২%) ৬.৩% কমি গ'ল। ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ৩৩.০% কম হয়।

 

চিমেণ্ট-আগষ্ট, ২০২০ৰ সময়ছোৱাত চিমেণ্টৰ উৎপাদন (ভাৰাংকঃ ৫.৩৭%) আগষ্ট, ২০১৯ৰ তুলনাত ১৪.৬% পতন হয়। ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ২৯.১% কম হয়।

 

বিদ্যুৎ-আগষ্ট, ২০২০ৰ সময়ছোৱাত বিদ্যুতৰ উৎপাদন (ভাৰাংকঃ ১৯.৮৫%) আগষ্ট, ২০১৯ৰ তুলনাত ২.৭% কমি গ'ল। ২০২০-২১ বৰ্ষৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত ইয়াৰ সঞ্চয়ী সূচকাংক বিগত বিত্তীয় বৰ্ষৰ সমান সময়ৰ তুলনাত ১০.৫% কম হয়।

 

টোকা ১- এপ্ৰিল ২০২০, মে' ২০২০ আৰু আগষ্ট ২০২০ৰ পৰিসংখ্যা অনন্তিম।

টোকা ২- এপ্ৰিল, ২০১৪ৰ পৰাই বিদ্যুতৰ উৎপাদনৰ পৰিসংখ্যাত নবীকৰণীয় অথবা অক্ষয় স্ৰোতৰ পৰা প্ৰাপ্ত বিদ্যুতকো অন্তৰ্ভুক্ত কৰা হৈছে।

টোকা ৩- ওপৰত দিয়া উদ্যোগ-ৱাৰ ভাৰাংক দৰাচলতে আই আই পিৰ পৰা পোৱা বেলেগ বেলেগ উদ্যোগ ভাৰাংক আৰু ইয়াক ১০০ৰ সমতুল্য কৰি আই চি আইৰ সংযুক্ত ভাৰাংকত সমানুপাতিক আধাৰত বৃদ্ধি কৰি দেখুউৱা হৈছে।

টোকা ৪- মাৰ্চ ২০১৯ৰ পৰাই প্ৰস্তুত ইস্পাতৰ উৎপাদনৰ অন্তৰ্গত 'ক'ল্ড ৰোল্ড (চিআৰ) কইলছ'ৰ জৰিয়তে হট ৰোল্ড পিকল্ড এণ্ড অইল্ড (এইচ আৰ পি অ') নামৰ এবিধ নতুন ষ্টীলৰ উৎপাদনকো অন্তৰ্ভুক্ত কৰা হৈছে।

টোকা ৫- ছেপ্টেম্বৰ ২০২০ৰ বাবে সূচকাংক বৃহস্পতিবাৰে ২৯ অক্টোবৰ, ২০২০ত জাৰি কৰা হ'ব।

 

******

YB/AP



(Release ID: 1660525) Visitor Counter : 126


Read this release in: English , Hindi , Manipuri , Tamil