ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

অন্ধ্ৰ প্ৰদেশত কৃষকৰ বাবে PoS 3.1 ছফ্টৱেৰ, এছএমএছ সেৱা আৰু ঘৰে ঘৰে সাৰ(আৰবিকে) উপলব্ধ কৰোৱাৰ সুবিধা মুকলি কৰিলে শ্ৰী গৌড়াই

সাম্প্ৰতিক মহামাৰীৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি PoS 3.1 সংস্কৰণৰ অধীনত সংস্পৰ্শহীন অ’টিপি ভিত্তিক প্ৰমাণীকৰণ বিকল্প আৰম্ভ কৰা হৈছে

অন্ধ্ৰ প্ৰদেশ চৰকাৰ আৰু সাৰ বিভাগৰ ডিবিটি গোটে এই নতুন আইটি ব্যৱস্থা সৃষ্টিৰ বাবে বিৰামহীনভাৱে একেলগে কাম কৰিছেঃ শ্ৰী গৌড়া

Posted On: 30 SEP 2020 6:37PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি. বি. সদানন্দ গৌড়াই অন্ধ্ৰ প্ৰদেশত কৃষকৰ বাবে সাৰ সহজতে উপলব্ধ কৰোৱাৰ বাবে পইণ্ট অৱ ছেল(পি অ এছ) ছফ্টৱেৰৰ নতুন সংস্কৰণ 3.1, এছএমএছ সেৱা আৰু ঘৰে ঘৰে সাৰ(আৰবিকে) উপলব্ধ কৰোৱাৰ সুবিধা মুকলি কৰে।

 

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত শ্ৰী গৌড়াই কয় যে ডিবিটি ব্যৱস্থা পান ইণ্ডিয়া ভিত্তিত ১ মাৰ্চ, ২০১৮ত মুকলি কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই ব্যৱস্থাৰে সুন্দৰভাৱে কাম চলি আছে। তেওঁ কয় যে সাৰ বিভাগটোৱে একমাত্ৰ বিভাগ যিয়ে সমগ্ৰ দেশতে সফলভাৱে গন্তব্য স্থানলৈ সাৰ উপলব্ধ কৰোৱাৰ বাবে এনে এক জটিল কম্পিউটাৰ প্ৰণালী আৰম্ভ কৰিছে। এই প্ৰণালীয়ে আমাক ৰাজ্য, জিলা আৰু খচুৰা বিক্ৰী কেন্দ্ৰত বাস্তৱিক সময়ৰ ভিত্তিত সাৰৰ উপলব্ধতাৰ খবৰ লাভ কৰিবলৈ আৰু তাৰ নজৰ ৰখাৰ বাবে সক্ষম কৰি তোলে। এই ব্যৱস্থাৰ জৰিয়তে বিগত দুবছৰত সাৰ ছাবচিডী সম্পূৰ্ণৰূপে কৃষকক প্ৰদান কৰা হৈছে।

 

শ্ৰী গৌড়াই অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডীৰ চৰকাৰে ঘৰে ঘৰে সাৰ উপলব্ধ কৰাৰ ক্ষেত্ৰত কৰা সুন্দৰ কামৰ বাবে প্ৰশংসা কৰে। এনে ব্যতিক্ৰমী উদ্যোগ গ্ৰহণ কৰা অন্ধ্ৰ প্ৰদেশ হৈছে একমাত্ৰ ৰাজ্য।

 

ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী শ্ৰী মানসুখ মাণ্ডাভিয়া আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডীয়েও ভিডিঅ কনফাৰেঞ্চৰ যোগেদি উপস্থিত লোকসকলক সম্বোধন কৰে। শ্ৰী মানসুখ মাণ্ডাভিয়াই কয় যে অন্ধ্ৰ প্ৰদেশত ঘৰে ঘৰে সাৰ উপলব্ধ কৰাৰ পাইলট প্ৰকল্প অন্যান্য ৰাজ্যসমূহৰ বাবে এক আদৰ্শ আৰ্হি।

 

সাম্প্ৰতিক মহামাৰীৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি PoS 3.1 সংস্কৰণৰ অধীনত সংস্পৰ্শহীন অটিপি ভিত্তিক প্ৰমাণীকৰণ বিকল্প আৰম্ভ কৰা হৈছে। কৃষকসকলে ফিংগাৰ প্ৰিণ্ট ছেন্সৰ স্পৰ্শ নকৰাকৈয়ে সাৰ ক্ৰয় কৰিব পাৰিব।

 

এইদৰে নতুন এছএমএছ গেটৱে সময়ে সময়ে সেইসমূহ খুচুৰা বিক্ৰী কেন্দ্ৰত(যিসমূহত তেওঁলোকে শেষবাৰৰ বাবে সাৰ কিনিছিল) সাৰ উপলব্ধ আছেনে নাই সেই সন্দৰ্ভত এছএমএছৰ জৰিয়তে খবৰ দি থাকিব। ইয়াৰউপৰি কৃষকে মবাইল নম্বৰ ৭৭৩৮২৯৯৮৯৯ত যিকোনো এনে খচুৰা বিক্ৰী কেন্দ্ৰৰ আইডি প্ৰেৰণ কৰি তাত সাৰৰ উপলব্ধতাৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব।

 

সাৰ বিভাগে পান ইণ্ডিয়াৰ আধাৰত ১ মাৰ্চ,২০১৮ত ডাইৰেক্ট বেনিফিট ট্ৰেন্সৰ্ফাৰ(ডিবিটি)ব্যৱস্থা মুকলি কৰে। ডিবিটি ২.০ প্ৰচেষ্টা জুলাই, ২০১৯ত মুকলি কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই ব্যৱস্থাত বহু উন্নয়ন সাধি PoS 3.1ছফ্টৱেৰৰ অংশ হিচাপে মুকলি কৰা হৈছে।

 

অন্ধ্ৰ প্ৰদেশত ৰিথু ভৰোছা কেন্দ্ৰালু(আৰবিকে)ৰ জৰিয়তে ঘৰে ঘৰে সাৰ উপলব্ধ কৰোৱা প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে সকলো গাঁও পঞ্চায়তত কৃষকক সেৱা আগবঢ়াবলৈ ১০,৬৪১টা আৰবিকে মুকলি কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে কৃষকে বায়মেট্ৰিক প্ৰমাণীকৰণৰ পাছত আৰবিকেৰ পৰা সাৰৰ অৰ্ডাৰ কৰিব পাৰিব আৰু তেওঁৰ দুৱাৰডলিত সাৰ লাভ কৰিব। 

 

 

 

 

 *******************************************************

RCJ/RKM/KG



(Release ID: 1660517) Visitor Counter : 171


Read this release in: English , Hindi , Telugu