কৃষি মন্ত্ৰালয়
কৃষি আঁচনিৰ জৰিয়তে কৃষকৰ লাভালাভ
Posted On:
23 SEP 2020 1:44PM by PIB Guwahati
কৃষি হৈছে এটা ৰাজ্যিক বিষয়৷ ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহক কৃষিৰ উৎপাদন বৃদ্ধি আৰু কৃষি খণ্ডৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে উদ্দেশ্যে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনা, ভূমি স্বাস্থ্য কাৰ্ড, কৃষি সঁজুলি ব্যৱস্থাপনা (এছএমএএম) ইত্যাদি দৰে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা আৰু কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ সুবিধা প্ৰদান কৰিছে৷
সেই হিচাপে ভূমি স্বাস্থ্য কাৰ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৫-১৬ বৰ্ষৰ ২০০ কোটি টকা ধাৰ্য কৰি ইয়াৰে ১৪০.৮২ কোটি টকা মুকলি কৰি দিয়ে৷ একেদৰে ২০১৬-১৭ বৰ্ষত ৩৬৮.৩০ কোটি টকা, ২০১৭-১৮ বৰ্ষত ৪৫৮.৭৬ কোটি টকা, ২০১৮-১৯ বৰ্ষত ৩৮৪.১৯ কোটি টকা আৰু ২০১৯-২০২০ বৰ্ষত ৩৩৩.৯৫ কোটি টকা আৱণ্টন কৰে৷ ২০১৯-২০ বৰ্ষত এই আঁচনি ধাৰ্য কৰা ধনৰ বিপৰীতে ১৫৯.৪৩ কোটি টকা মুকলি কৰি দিয়া হয়৷ ইফালে এই আঁচনিৰ জৰিয়তে ২০১৫-১৬ বৰ্ষৰ ২৫৬.৮৮লাখ, ২০১৬-১৭ বৰ্ষত ৮১৭.২৮লাখ, ২০১৭-১৮ বৰ্ষত ৩০২.১৪ লাখ, ২০১৮-১৯ বৰ্ষত ৮৭৩.৫৬ লাখ, ২০১৯-২০ বৰ্ষত ১৬.৮০লাখ কৃষক উপকৃত হৈছে৷
ইফালে, ২০১৪-১৫ বৰ্ষত ২০০ কোটি টকা ধাৰ্য কৰা এছএমএএম আঁচনিৰ বাবে ২০২০-২০২১ বৰ্ষত বাজেটত ১,০৩৩.০৯ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইতিমধ্যে ইয়াৰ অধীনত ৬২৬.৪৮ কোটি টকা মোকলাই দিয়া হৈছে৷
প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ অধীনত কৃষকসকলৰ বাবে ২০১৯-২০ বৰ্ষত ৩,৪৮৬.৬৫ কোটি টকা ধাৰ্য কৰা হয় আৰু ইয়াৰে ২,৬৯৯.৬২ কোটি চকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে৷
চৰকাৰৰ এই আঁচনিসমূহে ব্যাপক হাৰত মাটিৰ গুনাগুন উন্নত কৰি উৎপাদন বৃদ্ধিত সহায় কৰাৰ লগতে কৃষকৰ উপাৰ্জন বৃদ্ধিত অৰিহণা যোগাইছে৷ সেই হিচাপে প্ৰতি একৰ ভূমিত ধানৰ পৰা উৎপাদন ৪,৫০০টকা, টুৰৰ উপাদন ২৫-৩০ হাজাৰ টকা, সূৰ্যমূখী ফুলৰ ২৫ হাজাৰ টকা, কঁপাহ ১২ হাজাৰ আৰু আলু ৩ হাজাৰ টকাকৈ বৃদ্ধি পাইছে৷
ইফালে, জলসিঞ্চনৰ ব্যৱহাৰৰ পৰিমাণ ২০-৫০শতাংশ, বিদ্যুতৰ উপভোগৰ পৰিমাণ ৩১শতাংশ, সাৰৰ ৰাহিৰ পৰিমাণ ৭ৰ পৰা ২১শতাংশ হ্ৰাস পাইছে৷ ফলমূল আৰু শাক-পাচলিৰ উৎপাদনৰ পৰিমাণ ৪২ৰ পৰা ৫২শতাংশ বৃদ্ধি পাইছে৷
ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে৷
***
APS/SG/RC/DB
(Release ID: 1658465)
Visitor Counter : 178