বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ষ্টাৰ্ট-আপবোৰৰ ওপৰত ক’ভিড-১৯ ৰ প্রভাৱ

Posted On: 23 SEP 2020 2:36PM by PIB Guwahati

কেন্দ্ৰীয় উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ দপ্তৰ (ডিপিআইআইটি)ৰ দ্বাৰা স্বীকৃত ষ্টাাৰ্ট আপৰ সংখ্যা বিগত ৩ বছৰত আৰু চলিত বছৰত তলত দিয়া ধৰণৰ –

২০১৭ ত স্বীকৃত ষ্টাৰ্ট আপবোৰত কৰ্মসংস্থান হৈছে ৪৯ হাজাৰ ৬৪৮, ২০১৮ ত কৰ্মসংস্থানৰ সংখ্যা ৯৫ হাজাৰ ৩৩৮ আৰু ২০১৯ চনত কৰ্মসংস্থানৰ সংখ্যা ১ লাখ ৫৪ হাজাৰ ৫৫৮ জন। উল্লেখ্য যে এই কেন্দ্ৰীয় বিভাগে জিডিপিৰ ক্ষেত্ৰত ষ্টাৰ্ট আপবোৰৰ অৱদান সম্পৰ্কীয় তথ্য নাৰাখে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই ষ্টাৰ্ট আপবোৰৰ বাবে এক পুঁজি গঠনতো অনুমতি প্ৰদান কৰিছে। এই পৰিপ্ৰেক্ষিতত উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে ২০১৬ চনৰ জুন মাহত ১০ হাজাৰ কোটি টকাৰ এক পুঁজি গঠন কৰে। ভাৰতীয় ষ্টাৰ্ট আপবোৰৰ বাবে এক অনুকূল বাতাবৰণ গঢ়ি তুলিবলৈ আৰু দেশীয় মূলধনৰ সুবিধা প্ৰদানৰ বাবে এই পুঁজি গঠন কৰা হৈছে। গতিকে, পুঁজিৰ ধন প্ৰত্যক্ষভাৱে ষ্টাৰ্ট আপবোৰত বিনিয়োগ কৰা হোৱা নাই বা নহয়। তাৰ পৰিৱৰ্তে, ছিডবিৰ নথিভুক্ত বিকল্প বিনিয়োগ পুঁজিৰেহে মূলধন যোগান দিয়া হয়। এই পুঁজিৰ পৰা ভাৰতীয় ষ্টাৰ্ট আপবোৰৰ উন্নয়নত সমাংশ আৰু সমাংশ সংযুক্ত পদ্ধতিৰ মাধ্যমেৰে ধন বিনিয়োগ কৰা হয়।

ছিডবিৰ তৰফৰ পৰা জনোৱা হৈছে যে ষ্টাৰ্ট আপবোৰৰ বাবে গঠিত পুঁজিৰ অধীনত বিকল্প বিনিয়োগ পুঁজি বেচৰকাৰী বিনিয়োগৰ ক্ষেত্ৰতো কোনোধৰণৰ বাধা নিষেধ আৰোপ কৰা নহয়। আনকি, ক’ভিড-১৯ মহামাৰীৰ সময়ত বেচৰকাৰী সংস্থাৰ বিনিয়োগতো কোনোধৰণৰ ঘাটি দেখা যোৱা নাই। কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ পৰৱৰ্তী সময়ত ষ্টাৰ্ট আপবোৰত বেচৰকাৰী বিনিয়োগত উৎসাহ প্ৰদানৰ বাবে চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্যসভাত আজি এক লিখিত উত্তৰত এই তথ্য দাখিল কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে।

*******

YB/ AP/RD



(Release ID: 1658455) Visitor Counter : 212


Read this release in: English , Bengali , Manipuri , Tamil