ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি) আৰু চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আইটিআই)কালামাশ্বেৰীৰ মাজত বুজাবুজিৰ স্বাক্ষৰ সম্পন্ন

Posted On: 21 SEP 2020 2:55PM by PIB Guwahati

উদ্যোগ প্ৰতিষ্ঠানসমূহৰ মাজৰ আলোচনা প্ৰক্ৰিয়া উন্নীত কৰাৰ উদ্দেশ্যে দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি) আৰু চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আইটিআই)কালামাশ্বেৰীৰ মাজত এক বুজাবুজিৰ স্বাক্ষৰ সম্পন্ন হয়।  ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি)এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান।

 

দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি)ৰ কাৰ্যবাহী সঞ্চালক (উত্পাদন সমন্বয়) শ্ৰী কেশৱন নামপুথিৰি আৰু চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আইটিআই)কালামাশ্বেৰীৰ অধ্যক্ষ শ্ৰী ৰঘুনাধনে প্ৰধানতঃ প্ৰশিক্ষণ সুবিধাসমূহ ভগাই লোৱা, আইটিআইৰ শিক্ষাৰ্থীসকল আৰু দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি)ৰ কৰ্মচাৰীৰ মাজত শৈক্ষিক সম্পৰ্ক সুবিধাজনক কৰা, জ্ঞানৰ আদান-প্ৰদান কৰা, কাৰখানা পৰিদৰ্শন কৰা, দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি)ৰ বিশেষজ্ঞসকলক প্ৰশিক্ষণ দিয়াৰ বাবে সক্ষম কৰা, সংযুক্ত প্ৰকল্পৰ আয়োজন কৰা, গৱেষণাত অংশগ্ৰহণ কৰা, দ্য ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনকৰ লিমিটেড(এফএচিটি)ত চাকৰিৰ প্ৰশিক্ষণ প্ৰদান কৰা, পাৰস্পৰিক ৰূপত অভিন্ন পাঠ্যক্ৰম, ছেমিনাৰ, কৰ্মশালা আদি আয়োজন কৰাৰ বাবে বুজাবুজিৰ পত্ৰত স্বাক্ষৰ কৰে।

 

 ********

RCJ/RKM/KG



(Release ID: 1657583) Visitor Counter : 71