বিত্ত মন্ত্ৰালয়

জি এছ টিৰ ৰাজহ ঘাটি পূৰণৰ বাবে ঋণৰ পৰিমাণ

प्रविष्टि तिथि: 20 SEP 2020 2:07PM by PIB Guwahati

সামগ্ৰী আৰু সেৱা কৰ বা জি এছ টি (ৰাজ্যবিলাকক ক্ষতিপূৰণ আইন) ২০১৭ৰ ৭,৮ আৰু ১০ নম্বৰ ধাৰা অনুসৰি জি এছ টি পৰিষদে জি এছ টি ক্ষতি আৰু ভৱিষ্যতৰ ৰাজহ ঘাটিৰ ক্ষতিপূৰণৰ বাবে এটা কাৰ্যকৰী নীতি প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গত ২৭ আগষ্টত জি এছ টি পৰিষদৰ ৪১তম বৈঠকত এই বিষয়ে আলোচনা হয়। সেই অনুসৰি ভাৰতৰ এটৰ্ণি জেনেৰেলে ৰাজ্যবিলাকক চলিত বিত্তীয় বৰ্ষৰ ৰাজহ ঘাটি পূৰণৰ বাবে দুটা বিকল্প প্ৰস্তাৱ দিছে। ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় অৰ্থ আৰু কৰ্পৰেট বিষয়ক প্ৰতিমন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে।

 

কাজেই কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে কেন্দ্ৰীয় চৰকাৰক বজাৰৰ পৰা ঋণ লোৱাৰ বাবে বিকল্প পৰামৰ্শ দিছে। ইয়াত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ জি এছ টি আদায়ৰ ঘাটি পূৰণত সহায় কৰিব। এই বিষয়ত যিবিলাক ৰাজ্যই এতিয়াও কোনো বিকল্প প্ৰস্তাৱ দিয়া নাই সেই ৰাজ্যবিলাকে বিকল্প প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জমা দিয়া উচিত বুলিও শ্ৰী ঠাকুৰে মন্তব্য কৰিছে।

 

******

MC/AKJ/AK


(रिलीज़ आईडी: 1657119) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Bengali , Tamil , Telugu