গৃহ মন্ত্ৰালয়
জন্মু-কাশ্মীৰৰ বাসিন্দা হোৱাৰ বাবে আৱেদন
Posted On:
20 SEP 2020 5:09PM by PIB Guwahati
জন্মু-কাশ্মীৰ চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি মুঠ ২১,১৩,৮৭৯ গৰাকী লোকে আৱাসিক প্ৰমাণ পত্ৰৰ বাবে আৱেদন কৰিছে।
জন্মু-কাশ্মীৰৰ স্থায়ী বাসিন্দা সংক্ৰান্তীয় প্ৰমাণ পত্ৰ বিধি,২০২০ৰ ৫ নম্বৰ ধাৰাত এইধৰণৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ বাবে সুনিৰ্দিষ্ট কিছু নথি-পত্ৰসহ আৱেদন কৰাটো বাধ্যতামূলক। সেয়ে যিসকলে আৱেদনৰ সৈতে প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়া নাই সেইসমূহ খাৰিজ হৈছে । জন্মু-কাশ্মীৰ চৰকাৰৰ এই সংক্ৰান্তীয় নিৰ্দেশনা https://jkgad.nic.in ৱেবছাইটত লাভ কৰিব।
প্ৰাপ্ত তথ্য মতে বৰ্তমান পৰ্যন্ত ১,২১,৬৩০খন আৱেদন বাতিল হৈছে।
জন্মু-কাশ্মীৰ প্ৰশাসনে ১৬,৭৯,৫২০ খন স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ হস্তান্তৰিত কৰিছে।
জন্মু-কাশ্মীৰ চৰকাৰৰ তথ্যানুযায়ী সংবিধানৰ ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ বাতিল হোৱাৰ পাছত কাশ্মীৰ উপত্যকাৰ পৰা কোনো কাশ্মীৰি হিন্দু পৰিয়ালে অন্য স্থানলৈ প্ৰব্ৰজন কৰা নাই।
কাশ্মীৰী পণ্ডিতসকলক নতুন বিধি অনুযায়ী স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে আৰু ই এক ধাৰাবাহিক প্ৰক্ৰিয়া।
লোকসভাত আজি এক প্ৰশ্নৰ উত্তৰত এই তথ্য দিয়ে গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডীয়ে।
********
NW/PK/AK/1608/KG
(Release ID: 1657116)
Visitor Counter : 188