জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
জনজাতীয় ভাষাবোৰৰ সংৰক্ষণত দ্বিভাষিক পুথি প্ৰণয়নত ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলবোৰলৈ সাহায্য প্ৰদান জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ
এই পৰ্যন্ত বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা উন্নয়ন ঘটোৱা হৈছে ৮২ টা প্ৰধান ভাষা – শ্ৰী অৰ্জুন মুণ্ডা
Posted On:
19 SEP 2020 6:00PM by PIB Guwahati
জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সমীক্ষা অনুসৰি জানিব পৰা গৈছে যে ভাৰতত কথ্য ভাষাৰ সংখ্যা ৭৮০ টা। ইয়াৰ ভিতৰত ৪৪৩ টা ভাষাত কথা পাতে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে। গুজৰাটৰ ভাষা গৱেষণা আৰু প্ৰকাশন কেন্দ্ৰই এই সমীক্ষা চলাইছিল। জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত এই কেন্দ্ৰটোৱে জনজাতীয় ভাষা গৱেষণাৰ ক্ষেত্ৰত উৎকৰ্ষ প্ৰতিষ্ঠান হিচাপে কাম কৰি আহিছে।
জনজাতীয় ভাষাবোৰৰ সংৰক্ষণৰ বাবে দ্বিভাষিক পাঠ্যপুথি প্ৰকাশৰ ক্ষেত্ৰত মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ / কেন্দ্ৰীয় শাসিত প্ৰশাসনবোৰক সহায় আগবঢ়াই আহিছে, যাতে জনজাতীয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষণ ক্ষেত্ৰ ধাৰ্য কৰা লক্ষ্য পূৰণ কৰাটো সম্ভৱ হয়। এই পৰ্যন্ত বিভিন্ন ৰাজ্য চৰকাৰে সৰ্বমুঠ ৮২টা ভাষাত এই পুথি প্ৰকাশ কৰিছে। ৰাজ্যসমূহৰ তৰফৰ পৰা এনেধৰণৰ পাঠ্যপুথি প্ৰকাশ এক ধাৰাবাহিক প্ৰক্ৰিয়া।
জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে দ্বিভাষিক পাঠ্যপুথি প্ৰকাশৰ বাবে ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলবোৰক পুঁজি প্ৰদানৰ সমান্তৰালকৈ গুজৰাটৰ ভাষা গৱেষণা আৰু প্ৰকাশনা কেন্দ্ৰক গৱেষণামূলক কামকাজ আৰু বিজ্ঞাপনৰ বাবে পুঁজি আবণ্টন কৰি আহিছে। ২০১৯-২০ বৰ্ষত এই ক্ষেত্ৰত মন্ত্ৰালয়ে ১ কোটি ৫৫ লাখ ৩৮ হাজাৰ টকা আবণ্টন কৰিছে। লোকসভাত আজি এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা।
*****
(Release ID: 1656903)
Visitor Counter : 141