মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ সফল ৰূপায়ণৰ পণ লৈ সামৰণি পৰিল ‘ভিজিটৰ্ছ কনফাৰেন্স’ৰ

‘এনইপি ২০২০’ৰ বিভিন্ন দিশত আলোকপাত কৰি বিশদ আলোচনাৰ লগতে প্ৰভাশালী ৰূপায়ণৰ ৰণকৌশল ৰচনাত গুৰুত্ব

Posted On: 19 SEP 2020 3:04PM by PIB Guwahati

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সফল ৰূপায়ণৰ পণ লৈ ভিজিটৰ্ছ কনফাৰেন্সৰ সামৰণি পৰিলৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে আজি ভিডিঅ কনফাৰেন্স ব্যৱস্থাৰে উচ্চতৰ শিক্ষাত এনইপি ২০২০ৰ ৰূপায়ণ সন্দৰ্ভত ৰণকৌশল ৰচনাৰ উদ্দেশ্যে অনুষ্ঠিত ভিজিৰ্টছ কনফাৰেন্সৰ শুভৰম্ভ ঘোষণা কৰি ভাষণ প্ৰদান কৰে।

শিক্ষা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংক, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰে, উচ্চতৰ শিক্ষা বিভাগৰ সচিব শ্ৰী অমিত খাৰে, এনইপি-ৰ খচৰা সমিতিৰ অধ্যক্ষ ড০ কস্তুৰীৰংগণ, ইউজিচিৰ অধ্যক্ষ ডি পি সিং, কেন্দ্ৰীয় বিদ্যায়সমূহৰ উপাচাৰ্যসকল, আইআইটি, এনআইটি, আইআইআইটি, এনআইডি, আইআইএছইআৰ, এছপিএআৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্যান্য প্ৰতিষ্ঠানসমূহৰ সঞ্চালকসকল সমাৰোহত উপস্থিত থাকে।

শিক্ষা মন্ত্ৰী শ্ৰী পোখ্ৰিয়ালে চৰকাৰী পৃষ্টপোষকতাৰে পৰিচালিত দেশৰ উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহে জ্ঞানৰ সৃষ্টি আৰু প্ৰসাৰ মঞ্চ হিচাপে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উপাদানসমূহ উজ্জীৱিতকৰণত বিশেষ ভূমিকা পালন কৰিব বুলি অভিমত প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন উপদানসমূহৰ ব্যাখ্যা বিশ্লেষণৰ জৰিয়তে ইয়াৰ ৰূপায়ণ সম্পৰ্কীয় প্ৰসংগসমূহ আলোচনা কৰাৰ বাবে কেন্দ্ৰীয় বিদ্যায়সমূহৰ উপাচাৰ্যসকল, এনআইটি, আইআইআইটি, এনআইডি, আইআইএছইআৰ, এছপিএআৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্যান্য প্ৰতিষ্ঠানসমূহৰ মূৰব্বীসকলক ভিজিটৰ্ছ কনফাৰেন্স-য়ে এক সুযোগ দান কৰিব বুলি আশা প্ৰকাশ কৰে শ্ৰী পোখ্ৰিয়ালে। সমাৰোহত এনইপি ২০২০ৰ বিভিন্ন দিশত আলোকপাত কৰি বিশদ আলোচনাৰ লগতে প্ৰভাৱশালী ৰূপায়ণৰ ৰণকৌশল ৰচনা আৰু উচ্চতৰ শিক্ষাত প্ৰয়োজন হোৱা সংস্কাৰৰ ক্ষেত্ৰত প্ৰথমিকতা প্ৰদানৰ প্ৰসংগসমূহ নিৰ্দ্ধাৰণৰ আলোচনা কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে।

সমাৰোহত হোৱা বিস্তৃত আলোচনাই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সফল ৰূপায়ণত বাৰুকৈয়ে সহযোগিতা আগবঢ়াব পাৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেই। তেওঁ সমাৰোহত অংশ গ্ৰহণ কৰা সকলো অভ্যাগতকে ধন্যবাদো জ্ঞাপন কৰে।

সমাৰোহত ভাষণ দি খচৰা সমিতিৰ অধ্যক্ষ ড০ কস্তুৰীৰংগণে শিক্ষা নীতিৰ প্ৰস্তুতি পৰ্বত সম্পন্ন কৰা কঠোৰ প্ৰক্ৰিয়াসমূহৰ সম্যক ধাৰণা দাঙি ধৰে। তেওঁ দেশৰ শিক্ষা ব্যৱস্থাৰে ২১শতিকাৰ দক্ষতাজ্ঞাপক ব্যৱস্থাসমূহক সংলগ্ন কৰাৰ লগতে সাৰ্বজনীন ভাবে মান সম্পন্ন শিক্ষা প্ৰদানৰ দিহা কৰাৰ পোষকতা কৰে। তেওঁ শৈক্ষিক সংস্কাৰ, ৪বছৰীয়া স্নাতক শিক্ষা কাৰ্যক্ৰম, বহুমুখী আৰু সামগ্ৰিক শিক্ষা আৰু বিশুদ্ধ আৰু ৰূপান্তৰকাৰী গৱেষণাৰ প্ৰসংগসমূহত গুৰুত্ব প্ৰদানৰ পক্ষত মত পোষণ কৰে। প্ৰসংগক্ৰমে তেওঁ কয় যে, ভাৰতৰ শিক্ষা-ব্যৱস্থাই সদায়ে সামগ্ৰিকতাক পাথেয় কৰি আহিছে যদিও দেশৰ স্নাতক পৰ্যায়ৰ শিক্ষা পদ্ধতি এতিয়াও আওপুৰণি ব্যৱস্থাৰেই পৰিচালিত হৈ আহিছে। তেওঁ ঠেক গণ্ডীত চলি থকা বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত মানসিকতাৰ পৰিৱৰ্তনতো গুৰুত্ব আৰোপ কৰে।

সমাৰোহত ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ সন্দৰ্ভত যুগোতোৱা ইএফএলইউৰ উপাচাৰ্য অধ্যাপক ই সুৰেশ কুমাৰৰ মাল্টীডিচিপ্লিনাৰী এণ্ড হলিষ্টিক এডুকেশ্যন, ত্ৰিচি এনআইটিৰ সঞ্চালক অধ্যাপক মিনি শাজি থমাছৰ ৰিছাৰ্চ, ইনভেশ্যন এণ্ড ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন ইন হায়াৰ এডুকেশ্যন, জামিয়া মিলিয়াৰ উপাচাৰ্য অধ্যাপক নাজমা আখতাৰৰ ইকুইটী, ইনক্লুজন এণ্ড কেপাচিটী বিল্ডিং ফৰ আউটৰীচ্ছ এণ্ড এক্সেলেন্স, তিৰুপতিৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি মুৰলিধৰণৰ ইণ্ডিয়ান নলেজ ছীষ্টেম, লেংগুৱেজেছ, কালচাৰ এণ্ড ভেলুজ আৰু আইআইটি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক গৌতম বৰুৱাৰ ইণ্টাৰনেশ্যনেল এণ্ড গ্লোৱেল ৰেংকিং শীৰ্ষক প্ৰতিবেদনকেইখন উপস্থাপন কৰাৰ লগতে এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।

*****

MC/AKJ/AK/KB


(Release ID: 1656902)