শক্তি মন্ত্ৰালয়

কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বিহাৰৰ কলিৱাৰত (ভোজপুৰ জিলা) ১.৬৪ কোটি টকাৰ আৰইচি চিএছআৰ প্ৰকল্প মুকলি

Posted On: 19 SEP 2020 11:33AM by PIB Guwahati

কেন্দ্ৰীয় ৰাজ্যিক শক্তি আৰু নতুন তথা পুনৰ নৱীকৰণ শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে ভিডিঅ’ কনফাৰেন্সিং যোগে বিহাৰৰ কলিৱাৰত আৰইচি লিমিটেডৰ উৎসৰ্গীকৃত চিএছআৰ প্ৰকল্প মুকলি কৰে৷ ইয়াৰে মুঠ ১৪টা আঁচনিত ৮টা পিচিচি পথৰ নিৰ্মাণ, ৩টা এলইডি/সৌৰ আৰু উচ্চ মাষ্ট লাইটৰ স্থাপন, ৩টা ৰাজহুৱা ভৱনৰ নিৰ্মাণৰ আঁচনি সন্নিৱিষ্ট কৰা হৈছে৷ এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে ভোজপুৰ জিলাৰ কলিৱাৰ ব্লকৰ গাঁওসমূহৰ মৌলিক আন্তঃগাঁথনিসমূহ উন্নত কৰা৷ অনুষ্ঠানটোত চিএমডি শ্ৰী এছ কে গুপ্তা, সঞ্চালক (বিত্ত) শ্ৰী অজয় চৌধুৰী, শ্ৰী আৰ লক্ষ্মণমো উপস্থিত আছিল৷

 

*******

RCJ/M/MANN



(Release ID: 1656869) Visitor Counter : 96