আয়ুষ

ক’ভিড-১৯ৰ বাবে অবৈধ ইমিউনিটি ড্ৰাগ আৰু মেডিচিনেল ফৰ্মূলা

Posted On: 18 SEP 2020 7:10PM by PIB Guwahati

২০২০ ৰ আগষ্টলৈকে দেশখনৰ ভিন্ন প্ৰান্তৰ পৰা আয়ুসৰে সম্পৰ্কীয় কভিড-১৯ ৰ অৰ্থে ১৫৪ টা বিভ্ৰান্তিকৰ বিজ্ঞাপন আয়ুস মন্ত্ৰালয়ে লাভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, আয়ুস মন্ত্ৰালয়ে সকলোবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশনা জাৰি কৰি এনে দোষী তথা অবৈধ প্ৰস্তুতকৰ্তা/বিজ্ঞাপনৰ বিৰুদ্ধে ড্ৰাগ আৰু কছমেটিক আইন, ১৯৪০ আৰু ড্ৰাগ আৰু মেজিক ৰিমেডি (আপত্তিজনক বিজ্ঞাপন) আইন, ১৯৫৪ ৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। এই সন্দৰ্ভত আয়ুস মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে কভিড-১৯ৰপৰা পৰিত্ৰাণ পাবলৈ আয়ুসৰ প্ৰতিকাৰসমূহ ব্যৱহাৰ সন্দৰ্ভত মন্ত্ৰালয়ে ৰাজহুৱা নিৰ্দেশিকা আৰু নীতি-নিৰ্দেশনা জাৰি কৰিছে, ইয়াৰ সৱিশেষ মন্ত্ৰালয়ৰ ৱেবচাইট www.ayush.gov.in ত উপলব্ধ হৈছে।

আয়ুস মন্ত্ৰালয়ৰ এনে ব্যৱস্থা গ্ৰহণৰ পাছতো বজাৰত ৰোগ প্ৰতিৰোধৰ অৰ্থে বহু মেডিচিনেল প্ৰডাক্ট উপলব্ধ হৈ পৰিছে। অৱশ্যে, ড্ৰাগ আৰু কছমেটিক অধিনিয়ম, ১৯৪৫ৰ অধীনত আয়ুৰ্বেদ, সিদ্ধ আৰু য়ুনানী (এএছইউ) ড্ৰাগ সাপেক্ষে বাণিজ্যিক প্ৰস্তুতৰ বাবে অনুজ্ঞা বা অনুমোদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যিক লাইচেন্সিং কৰ্তৃপক্ষসমূহে।

অৱশ্যে এনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী ড্ৰাগসমূহ সেৱনৰ ফলত বিপৰীত প্ৰভাৱ কোনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে লাভ কৰা নাই। কিন্তু, ভিড-১৯ সম্পৰ্কীয় এএছইউ ড্ৰাগ সন্দৰ্ভত বিভ্ৰান্তিকৰ দাবী আৰু বিজ্ঞাপন ফাৰ্মাকভিজিলেন্স চেন্টাৰসমূহৰ দৃষ্টিগোচৰ হোৱাতে সংশ্লিষ্ট লাইচেন্সিং কৰ্তৃপক্ষ/ড্ৰাগ নিয়ন্ত্ৰকক অৱগত কৰি এনে বিজ্ঞাপন/প্ৰস্তুতকৰ্তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।

ড্ৰাগ আৰু কছমেটিক আইন, ১৯৪০ ৰ অধীনত, আয়ুৰ্বেদিক, সিদ্ধ আৰু য়ুনানী ড্ৰাগ আৰু মেডিচিনেল ফৰ্মূলেশ্যনৰ বিক্ৰীৰ অৰ্থে আয়ুস মন্ত্ৰালয়ৰ অনুমোদনৰ আৱশ্যক নহয়। ইয়াৰ নিয়ন্ত্ৰণ আৰু মানদণ্ড পৰীক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহক অৰ্পণ কৰা হৈছে। যাৰ বাবেই ৰাজ্যিক লাইচেন্সিং কৰ্তৃপক্ষ/ড্ৰাগ নিয়ন্ত্ৰক মোতায়েন কৰা হৈছে।

আজি লোকসভাত এটা লিখিত উত্তৰ প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে এই তথ্য সদৰী কৰে।

MV/SK/SB



(Release ID: 1656518) Visitor Counter : 103


Read this release in: English , Manipuri , Telugu