কৃষি মন্ত্ৰালয়

ই-নামৰ সফলতাৰ হাৰ

Posted On: 18 SEP 2020 3:13PM by PIB Guwahati

কৃষি বিপণন যিহেতু ৰাজ্যৰ বিষয় সেয়ে কৃষি পণ্যৰ পাইকাৰী বিপণন সাধাৰণ নিয়ন্ত্ৰিত এগ্ৰিকালচাৰ প্ৰডিউচ মাৰ্কেট কমিটী (এ পি এম চি)ৰ মাধ্যমত হয়। এই কমিটীবিলাক সংশ্লিষ্ট ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দ্বাৰা সেই ৰাজ্যৰ আইনৰ দ্বাৰা প্ৰস্তত। কেন্দ্ৰীয় চৰকাৰে কৃষি বিপণনত সহায়কৰ ভূমিকা পালন কৰে। ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলে বহু সময়ত বিভিন্ন কাৰণত বজাৰৰ সুবিধাৰ পৰা বঞ্চিত হয়

 সৰবৰাহ শৃংখল সুসংহত নোহোৱাত আৰু কেইবা ঠাইতো বজাৰ বহু দূৰৈত অৱস্থিত হোৱাত মধ্যস্থতাকাৰীসকলে কৃষকৰ পৰা পণ্য ক্ৰয় কৰি বিপণন কৰে, যাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হয়।

 

কৃষকসকলে যাতে বজাৰত সুবিধা পায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিয়মীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ চৰকাৰক বজাৰ সংস্কাৰ কৰি বিকল্প বিপণন ব্যৱস্থা যেনে বেচৰকাৰী বজাৰ, পোনপটীয়া বিপণন, চুক্তিভিত্তিক কৃষিকৰ্ম, গ্ৰামীণ কৃষি বজাৰ গঠন কৰাৰ পৰামৰ্শ দিছে। আদৰ্শ এ পি এম চি আইন প্ৰস্তুত কৰিবলৈও কোৱা হৈছে

ভাৰত চৰকাৰে দ্য ফাৰমাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ (প্ৰমোচন এণ্ড ফেছিলিটেচন) অৰ্ডিনেঞ্চ ২০২০ অধিসূচিত কৰিছে ৫ জুন ২০২০ত। ইয়াৰ লক্ষ্য হৈছে কৃষকসকলক পছন্দৰ স্বাধীনতা দিয়া আৰু প্ৰতিবন্ধকতাহীন আন্তঃৰাজ্য অন্তৰৰাজ্য কৃষি পণ্যৰ বাণিজ্য।

 

চৰকাৰে ইয়াৰ উপৰিও দ্য ফাৰমাৰ্ছ (এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকচন) এগ্ৰিমেণ্ট অন প্ৰাইজ এছিয়ৰেঞ্চ এণ্ড ফাৰ্ম অৰ্ডিনেঞ্চ ৫ জুন ২০২০ অধিসূচিত কৰে। ইয়াৰ লক্ষ্য হৈছে কৃষি চুক্তিক লৈ এটা জাতীয় কাথামো গঠন কৰা যাতে কৃষকসকল সুৰক্ষিত আৰু ক্ষমতাপ্ৰাপ্ত হয়। মৌখিক আলোচনাৰ মাধ্যমেৰে তেওঁলোকে যাতে উপযুক্ত মূল্য পায় স্বচ্ছভাৱে সেয়াও এই অধ্যাদেশৰ লক্ষ্য।

 

ইয়াৰ উপৰিও আত্মনিৰ্ভৰ ভাৰত অভিযান পেকেজৰ অংগ হিচাপে চৰকাৰে কৃষি পৰিকাথামো তহবিলৰ অধীনত ১ লাখ কোটি টকা মজলীয়া দীৰ্ঘম্যাদী ঋণৰ সুবিধা অনুমোদন কৰিছে। ইয়াত শস্য চপোৱাৰ পিছত বজাৰ পৰিকাথামোত লাভজনক প্ৰকল্প সংযুক্ত হ'ব।

 

ভাৰত চৰকাৰে ষ্টৰেজ, কুল ষ্টৰেজ, ক'ল্ড চেল আৰু অন্যান্য বিপণন আৰু মূল্যযুক্ত পৰিকাথামোক উৎসাহ দিছে এগ্ৰিকালচাৰ মাৰ্কেটিং ইনফ্ৰাষ্ট্ৰাকচাৰ (এ এম আই), মিছন ফৰ ইণ্টেগ্ৰেটেড ডেভেলপমেন্ট অফ হৰ্টিকালচাৰ (এম আই ডি এইচ), ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা-ৰেম্যুনাৰেটিভ এপ্ৰচেছ ফৰ এগ্ৰিকালচাৰ এণ্ড এলাইট ছেক্টৰ ৰিজুভিনেচন ইত্যাদি কৰ্মসূচীৰ মাধ্যমত।

 

৩১ আগষ্ট ২০২০ পৰ্যন্ত ১ কোটি ৬৭ লাখ কৃষক, ১ কোটি ৪৪ লাখ ব্যৱসায়ী, ৮৩ হাজাৰ ৯৫৮জন কমিছন এজেণ্ট আৰু ১ হাজাৰ ৭২২টা কৃষি উৎপাদক সংস্থা ই-নাম প্লেটফৰ্মত নথিভুক্ত হৈছে। মুঠ ব্যৱসায়ৰ পৰিমাণ ১ লাখ ৪ হাজাৰ ৩১৩ কোটি টকা।

 

ৰজ্যসভাত আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে এটা লিখিত উত্তৰত এই তথ্য সদৰী কৰিছে।

 

******

APS/SG/RC



(Release ID: 1656514) Visitor Counter : 132