ৰেল মন্ত্ৰালয়

ৰে’লৱে প্ৰকল্প

Posted On: 18 SEP 2020 5:31PM by PIB Guwahati

ৰে’ল প্ৰকল্পসমূহ মাণ্ডলিক ৰে’লভিত্তিত অনুমোদন জনোৱা হয়, ৰাজ্যৰ ভিত্তিত নহয়৷ ভাৰতীয় ৰে’লে ৫১৩টা ৰে’ল প্ৰকল্পৰ কাম হাতত লৈছে আৰু এইবোৰৰ সবিশেষ ভাৰতীয় ৰে’লৰ ৱেবছাইট(www.indianrailways.gov.in)ত আছে৷

এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাটো ৰাজ্য চৰকাৰৰ দ্বাৰা তাক্ষণিকভাৱে ভূমি অধিগ্ৰহণ, বন বিভাগৰ পৰা অনুমোদন, সাল-সলনি কৰিব পৰা সুবিধা, বিভিন্ন কৰ্তৃপক্ষৰ পৰা বৈধ অনুমতি, এলেকাটোৰ ভৌগোলিক পৰিৱেশ, প্ৰকল্পস্থনীত আইন-শৃংখলাজনিত পৰিস্থিতি, জনবায়ু বাবে প্ৰতি মাহৰত কৰ্মদিনৰ সংখ্যা ইত্যাদি কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰে৷

ইফালে, আন্তঃগাঁথনি আৰু সুৰক্ষাজনিত দিশৰ ক্ষেত্ৰত ২০০৯-১৪ৰ গড় বাৰ্ষিক বাজেট আৱণ্টিত ধন ১১,৫২৭ৰ পৰা ১২৬% বৃদ্ধি কৰি বছৰি ২৬,০২৬ কোটি টকা কৰা হৈছে৷ একদৰে, ২০০৯-১৪ৰ গড় বাৰ্ষিক বাজেট আৱণ্টিত ধনৰ বিপৰীতে ২০১৯-২০২০ বৰ্ষত ২৪৫% বৃদ্ধিৰে ৩৯,৮৩৬ কোটি আৱণ্টন কৰা হৈছে, যিটো আন্তঃগাঁথনি আৰু সুৰক্ষাজনিত দিশত সৰ্বাধিক ব্যয় হিচাপে পৰিগণিত হৈছে৷

ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰি কৰে ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে৷

*****

DJN/MKV/DB


(Release ID: 1656475) Visitor Counter : 103


Read this release in: English , Urdu , Punjabi