বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ বাবে পুঁজি

Posted On: 18 SEP 2020 3:08PM by PIB Guwahati

কৃষিজাত সামগ্ৰী ৰপ্তানি নীতি ৰূপায়ণৰ অংশ হিচাপে বহু ৰাজ্যই তেওঁৰ কামৰ পৰিকল্পনা চূড়ান্ত কৰিছে, যাৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত দেখা দিয়া প্ৰতিবন্ধকতাবোৰ চিহ্নিত হৈছে৷ এইবোৰ নিৰ্মূল কৰিবলৈ ৰাজ্যসমূহে বাণিজ্য বিভাগৰ ৰপ্তানি আঁচনিৰ বাবে বাণিজ্যিক আন্তঃগাঁথনি(টিআইইএছ) আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, মীন মন্ত্ৰালয়, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয় ইত্যাদিৰ বিভিন্ন চলিত কাৰ্যসূচীৰ অধীনত সাহায্য লাভ কৰিব পাৰে৷

চৰকাৰে এক সাৰ্বজনীন কৃষিজাত সামগ্ৰী ৰপ্তানি নীতি গ্ৰহণ কৰিছে, যাতে ভাৰতৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পোৱাৰ লগতে কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পায়। বাণিজ্য বিভাগে ৰাজ্য আৰু জিলা পৰ্যায়ত এই নীতি ৰূপায়ণত বিভিন্ন পদক্ষেপ হাতত লৈছে। ৰাজ্যসমূহেও নির্দিষ্ট কার্য পৰিকল্পনা, ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটী, কৃষিজাত সামগ্ৰী ৰপ্তানিৰ বাবে সমন্বয়ৰক্ষী এজেন্সি আৰু গোট পৰ্যায়ৰ কমিটী গঠন কৰিছে৷ তদুপৰি, কৃষকসকলৰ বাবে কৃষক সংযোগ প’র্টেল প্ৰস্তুত কৰা, কৃষক পাদক সংস্থা আৰু সমবায়সমূহক এক মঞ্চ প্ৰদান কৰা হৈছে, যাতে তেওঁলোক ৰপ্তানিকাৰকসকলৰ সৈতে মত বিনিময় কৰিব পাৰে৷ ৰপ্তানি বজাৰত সংযোগৰ বাবে গোটসমূহৰ মাজত ক্রেতা-বিক্রেতা বৈঠকৰ আয়োজন কৰা হৈছে৷

ভাৰত চৰকাৰে কৃষি খণ্ডত সংস্কাৰ সাধনৰ লক্ষ্যৰে নিম্নোলিখিত তিনিখন অধ্যাদেশ জাৰি কৰিছে-

১৷ কৃষকৰ উপাদিত সামগ্ৰী ব্যৱসায়-বাণিজ্য (বৃদ্ধি আৰু সুবিধা)অধ্যাদেশ, ২০২০: এই অধ্যাদেশৰ লক্ষ্য হৈছে এনে এক পৰিৱেশ গঢ় দিয়া য’ত কৃষক আৰু ব্যৱসায়ীসকলে কৃষিজাত সামগ্ৰী ক্ৰয়-বিক্ৰয়ত পছন্দৰ স্বাধীনতা লাভ কৰে৷ যাৰ ফলত প্ৰতিযোগিতা মূলত বিকল্প ব্যৱসায়িক দিশত উপযুক্ত মূল্য লাভ কৰিব৷ দক্ষ, স্বচ্ছ আৰু প্ৰতিৱন্ধকতামুক্ত আন্তঃৰাজ্যিক আৰু অন্তঃৰাজ্যি কৃষিজাত সামগ্ৰী ব্যৱসায় বাণিজ্য সম্ভৱ কৰি তোলাটোও ইয়াৰ আন এক লক্ষ্য৷ ইয়াৰ ফলত অনলাইন ব্যৱসায়ৰ আন্তঃগাঁথনি গঢ় দিয়াত সুবিধা হ’ব৷

২৷ কৃষকৰ সামগ্ৰী দৰ নিশ্চিতকৰণ আৰু কৃষি সেৱা (সবলীকৰণ আৰু সুৰক্ষা)চুক্তি অধ্যাদেশ, ২০২০: ই অধ্যাদেশৰ লক্ষ্য হৈছে কৃষি চুক্তিৰ বাবে এক ৰাষ্ট্ৰীয় পৰিকাঠামো গঢ়ি তোলা, যি কৃষকসকলক সবলীকৰণ কৰাৰ লগতে কোনো কৃষি বাণিজ্য সংস্থাৰ সৈতেঙ্গে চুক্তিৰ ক্ষেত্রত কৃষকক সুৰক্ষা প্ৰদান কৰিব৷ এই অধ্যাদেশৰ অধীনত পাদকসকলে উপযুক্ত মূল্য লাভ কৰিব৷

৩৷ অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী), অধ্যাদেশ, ২০২০: এই অধ্যাদেশ লক্ষ্য হৈছে কৃষি খণ্ডত প্ৰতিযোগিতা বৃদ্ধি আৰু নিয়ম-নীতি শিথিল কৰি কৃষকসকলৰ আয় বৃদ্ধিৰ লগতে উপভোক্তাৰ স্বার্থ সুৰক্ষিত কৰা৷ এই অধ্যাদেশে কেন্দ্রীয় চৰকাৰক বিশেষ পৰিস্থিতিত যেনে-যুদ্ধ, খৰাং, অত্যাধিক মূল্যবৃদ্ধি আৰু ভয়াবহক প্রাকৃতিক দুর্যোগৰ সময়ত নির্দিষ্ট কেইটামান খাদ্য সামগ্ৰী যোগান ধৰাত অনুমোদন দিছে৷

ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্রী পীযূষ গোৱেলে এই তথ্য সদৰি কৰে৷

 

***

YB/ AP/DB



(Release ID: 1656448) Visitor Counter : 122