উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মহামাৰীৰ বাবে হোৱা অৰ্থনৈতিক ক্ষতি
Posted On:
16 SEP 2020 5:21PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ মন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰ দপ্তৰ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি লোকসভাত এক লিখিত উত্তৰযোগে জনায় যে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মহামাৰীৰ সময়ত সাহায্যৰ বাবে ভাৰত চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ক’ভিড-১৯ ৰ জৰুৰী মোকাবিলা আৰু স্বাস্থ্য ব্যৱস্থাপনাৰ প্ৰস্তুতি বিষয়ক আৰ্থিক পেকেজৰ অংগ হিচাপে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহক পৰীক্ষাৰ সুবিধা বৃদ্ধি কৰা, হাস্পতালৰ পৰিকাঠামো উন্নয়ন, প্ৰয়োজনীয় চিকিৎসা সা-সৰঞ্জাম, ঔষধ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ সমান্তৰালকৈ তদাৰকী ধৰণৰ কাম পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষ সহায় প্ৰদান কৰা হৈছে। বিশেষ আৰু সহায়তামূলক আৰ্থিক পেকেজ যেনে – আত্মনিৰ্ভৰ ভাৰত পেকেজ, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযান, সূক্ষ্ম-ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ প্ৰতিষ্ঠাবোৰলৈ সাহায্য প্ৰদান, এমজিএনআৰজিএছৰ অধীনত ঋণৰ পৰিমাণ বৃদ্ধি, মুদ্ৰা ঋণত সূদ ৰেহাই, সামাজিক পৰিকাঠামো উন্নয়নৰ দৰে একাধিক প্ৰকল্প আৰু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যবোৰৰ বাবে।
ইয়াৰ সমান্তৰালকৈ উত্তৰ-পূৱত বিশেষ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ অধীনত ১৯৩.৩২ কোটি টকা মূল্যৰ ৫ টা প্ৰকল্প অনুমোদন কৰা হৈছে । এই প্ৰকল্পৰ সহায়ত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডত ক’ভিড-১৯ মোকাবিলাৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লকডাউনৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত আবদ্ধ হৈ পৰা সাধাৰণ মানুহ আৰু যুৱক-যুৱতীসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলীয় পৰিষদে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যবোৰৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৩০৩.৪০ কোটি টকা আবণ্টন কৰিছে। ইয়াৰ ভিতৰত অসমত স্বাস্থ্য ক্ষেত্ৰৰ উন্নতিসহ ক’ৰোনা মহামাৰীৰ মোকাবিলাৰ বাবেও ১৯১.৮৩ কোটি টকা আবণ্টন দিয়া হৈছে।
<><><><><>
SNC/RD
(Release ID: 1655955)
Visitor Counter : 120